ডিজিটেল ডেস্কঃ শনিবাৰৰ দিনটো ভাৰতৰ খেলৰ ইতিহাসত সোণালী ইতিহাস হৈ থাকিব৷ এই দিনটোতে কেইটামান ঘণ্টাৰ ভিতৰতে দুগৰাকী খেলুৱৈ সোণৰ মেডেল লাভ কৰবিলৈ সক্ষম হয়৷ 

৪ এপ্ৰিলৰ পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হোৱা কমনৱেলথ গেমছত ভাৰত্তোলনত ভাৰতৰ চাইকাম মীৰাবাই চানু, সঞ্জিতা চানুৰ পিছত সোণৰ মেডেল লাভ কৰিলে সতীশ কুমাৰ শিৱালিংগম আৰু ভেংকট ৰাহুলে৷ কমনৱেলথ গেমছত ভাৰতৰ হৈ তৃতীয় আৰু চতুৰ্থটো সোণৰ পদক আজুৰি আনিলে সতীশ আৰু ভেংকটে ৰাহুলে৷ যাৰ বাবে দেশবাসী গৌৰাৱন্বিত হৈ পৰিছে৷

এতিয়ালৈ ৪টা সোণৰ মেডেল আহিল ভাৰতলৈ৷ পুৰুষৰ ৭৭ কেজি ভাৰ বৰ্গত সোণৰ মেডেল লাভ কৰে সতীশে৷ সতীশে ক্লিন অণ্ড জাৰ্ক কৰি তথা স্নেচ বিভাগত ১৪৪ কেজি ভাৰ দাঙে৷ মুঠ ৩১৭ কেজি ভাৰ উঠোৱাৰ ফলত ৩১২ কেজিতে থমকি ৰয় বিশ্ব আন এগৰাকী ভাৰত্তোলক ইংলেণ্ডৰ জেক অলিভাৰে৷ 

২০১৪ চনত গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত দেশৰ বাবে সোণৰ পদক আজুৰি আনিছিল সতীশে৷ এইবছৰ বহু প্ৰত্যাশাৰে পূৰ্বৰ দৰেই সোণৰ পদক লাভ কৰাৰ আশাৰে অংশ লৈছিল সতীশে৷ ২৫ বছৰীয়া সতীশে ১৩৬ কেজিৰ স্নেচ, ১৪০-১৪৪ কেজিৰ স্নেচ, ক্লিন অণ্ড জাৰ্ক বিভাগত ১৬৯ কেজি আৰু ১৭৩ কেজি ভাৰ দাঙে৷ তেওঁৰ সোণৰ পদক লাভ কৰাৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পাছতেই ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ লগতে বিভিন্ন জনে শুভেচ্ছা জনায়৷ 

আনহাতে, ভাৰত্তোলনত ভেংকট ৰাহুলে ৩৩৮ কেজি ভাৰ উঠাই সোণৰ পদক লাভ কৰে৷ স্নেচত ১৫১, ক্লিন অণ্ড জাৰ্ক বিভাগত ১৮৭ কেজিত বিদেশী খেলুৱৈক প্ৰত্যাহ্বান জনায়৷ কিন্তু ক্লিন এণ্ড জাৰ্কত ১৯১ দাঙিবলৈ সক্ষম নহল যদিও প্ৰতিদ্বন্দ্বী খেলুৱৈই ১৮৮ কেজি ওজন দাঙিবলৈ সক্ষম নোহোৱাত ভেংকট ৰাহুলৰ দখললৈ আহে সোণৰ পদক৷ 

বৰ্তমানলৈ ভাৰতে ৬টা পদক লাভ কৰিছে৷ সোণ ৪টা, ৰূপ ১টা আৰু ব্ৰঞ্জ এটা লাভ কৰে৷ সকলে পদেই ভাৰত্তোলন বিভাগত লাভ কৰিছে৷ ভাৰত্তোলন বিভাগত তৃতীয় স্থানত ভাৰত৷