গুৱাহাটীঃ এছটি-এছচি আইন সুৰক্ষিত কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি দেশৰ কেইবাটাও দলিত সংগঠনে সমগ্ৰ দেশত ভাৰত বন্ধ কাৰ্যসূচী পালন কৰে৷ অসমতো দল সংগঠনে বন্ধ কাৰ্যসূচী পালন কৰে৷ অসমৰ কেইবাখনো জিলাত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ চাহ বাগিচা এলেকা আৰু আদিবাসী অধ্যুষিত এলেকাত বন্ধৰ ব্যাপক প্ৰভাৱ পৰাৰ লগতে উজনি অসমৰ বিভিন্ন স্থানত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

এছটি-এছচি আইন সুৰক্ষিত কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মহানগৰীৰ ৰাজভৱনৰ সন্মুখত৷ অনুসূচিত জাতি আৰু অনুসুচিত জনজাতিৰ আইনৰ সুৰক্ষা নিশ্চয়তা প্ৰদানৰ দাবী উত্থাপন কৰে এটি সমদলৰ উলিয়াই অসম প্ৰদেশ কংগ্ৰেছৰ অনুসুচিত জাতি-জনজাতি কোষে৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অনুসুচিত জাতি-জনজাতিৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে আইন সুৰক্ষিত কৰাৰ দাবী জনায়৷

কাৰ্যসুচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধি দলপতি দেৱব্ৰত শইকীয়া সহ কেইবাগৰাকী বিধায়ক উপস্থিত থাকে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এছটি-এছচি আইনক সুক্ষিত কৰাত উচ্চতন ন্যায়ালয়ত মোডী চৰকাৰ সম্পূৰ্ণ বিফল হৈছে বুলি কৈ এই খন চৰকাৰ অনুসুচিত জাতি-জনজাতি, দলিত, আদিবাসী বিৰোধী চৰকাৰ বুলি কয়৷ এই খন চৰকাৰৰ দিনত অনুসুচিত জাতি-জনজাতি, দলিত, আদিবাসীৰ উন্নয়ন নহয় বুলিও কয় বৰাই৷