নতুন দিল্লীঃ মুখ্য ন্যায়াধীশ বঞ্জন গগৈয়ে উচ্চতম ন্যায়ালয়ত গঠন কৰিলে গৱেষণা আৰু পৰিকল্পনাৰ এটা শাখা। এক প্ৰেছ বিজ্ঞপ্তিত মুখ্য ন্যায়াধীশ গগৈয়ে কয় যে ’গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰ’ নামৰ এই শাখাটোৰ জৰিয়তে 'ন্যায়ব্যৱস্থাত প্ৰয়োজনীয় তথা দ্ৰুতগতিত বৃদ্ধি পোৱা জ্ঞানৰ প্ৰয়োজনীয়তা পূৰণ কৰা হ’ব।

ন্যায়ব্যৱস্থাতো দৰকাৰী শক্তিশালী জ্ঞান আৰু বিদ্বৎ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা এই কেন্দ্ৰ ১৫ বছৰ পূৰ্বে স্থাপিত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক আইন একাডেমীসমূহৰ দৰে হ’ব।

এই কেন্দ্ৰৰ মূল কাম হ’ব দেশৰ ন্যায় ব্যৱস্থাৰ সংস্কাৰ আৰু ইয়াৰ স্বাধীনতাৰ হকে নিজকে বিদ্বৎভাৱে শক্তিশালী কৰি ৰখা।

স্বাধীন বিশেষজ্ঞৰদ্বাৰা পৰিচালিত এই কেন্দ্ৰই স্থায়ী তথা সহজলভ্য তথ্যৰ ভঁৰাল সঞ্চিত কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ৰায়সমূহ সাধাৰণ জনতাই বুজি পাব পৰাকৈ সৰল ভাষাত লিখি প্ৰকাশ কৰিব।