প্ৰতীক ফটো
প্ৰতীক ফটো

নগাঁওঃ আমাৰ সমাজত সাধাৰণভাবে জীয়াই থকা অৱহেলিত লোকসকলক কিঞ্চিত সহায়েৰে তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই দিয়াৰ লক্ষ্য আৰু চিন্তা-চৰ্চাৰে গঢ়ি তোলা স্বৰ্গীয় কলেশ্বৰ ডেকা জাতীয় ন্যাসে বিগত ২০১৫ চনৰে পৰা অবিৰতভাৱে একাধিক ব্যতিক্ৰমী কাম-কাজ ৰূপায়ণ কৰি আহিছে৷

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত হাতীচোং মৌজাৰ মাজগাঁও অঞ্চলৰ পৰা আত্মপ্ৰকাশ কৰা এই ন্যাসে ২০১৫ চনত একাংশ দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীক লৈ 'সামুহিক বিবাহ' অনুষ্ঠিত কৰাৰ বিপৰীতে যোৱা বছৰ বিশেষভাৱে সক্ষম লোকক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷

এইবাৰো চলিত বৰ্ষৰ পৰা উক্ত ন্যাসে মাজগাঁও জোনাকী ক্ষেত্ৰত বিশেষভাৱে সক্ষম লোকসকলৰ সুবিধাৰ্থে 'বটদ্ৰৱা বিশেষভাৱে সক্ষম বিদ্যালয়' নামেৰে এখনি শিক্ষানুষ্ঠান স্থাপনৰ ব্যৱস্থা কৰিছে ৷ এই অনুযায়ী অহা ২৩ এপ্ৰিলত মাজগাঁও জোনাকী ক্ষেত্ৰত দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে উক্ত শিক্ষানুষ্ঠানখনৰ শিলান্যাস স্থাপন অনুষ্ঠানৰ লগতে 'আহক আমি পোহৰ বিলাও' শীৰ্ষক এটি ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

সেইদিনা পুৱা ৮ বজাত পতাকা উত্তোলন,স্মৃতি তৰ্পন আৰু বৃক্ষৰোপণৰ অন্তত ১১ বজাত 'বটদ্ৰৱা বিশেষভাৱে সক্ষম বিদ্যালয়'ৰ শিলান্যাস স্থাপন কৰিব বিধায়িকা আঙুৰলতা ডেকাই৷ বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত 'অগ্ৰদূত' কাকতৰ সম্পাদক প্ৰাঞ্জল সেন ডেকা, গণশিল্পী সূৰ্য দাস, যাদু সম্ৰাট বিক্ৰম, অভিনেতা আকাশদ্বীপকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা ৷

এই সভাতে বটদ্ৰৱা সমষ্টিৰ নিৰ্বাচিত মুঠ ১০ গৰাকী অন্ধ লোকক ন্যাসৰ তৰফৰ পৰা অনুদান বিতৰণ কৰা হ’ব৷ বিয়লি ৩ বজাৰ পৰা বিশেষভাৱে সক্ষম তথা অন্ধ শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব বুলি ন্যাসৰ সভাপতি কমলা কোঁছ আৰু প্ৰধান সচিব ৰাহুল দেৱ বৰদলৈয়ে জানিবলৈ দিছে৷