newsnextone.com| তেজপুৰঃ তেজপুৰ চহৰৰ মাজমজিয়া পৰুবাত অৱস্থিত এখন প্ৰাথমিক বিদ্যালয়, নাম জ্যোতি সোঁৱৰণী প্ৰাথমিক বিদ্যালয়। গুৰুত্বপূৰ্ণ বিষয় হৈছে-এই বিদ্যালয় খনৰ সন্মুখতে বিলাতী সুৰাৰ দোকান। দেশৰ ভবিষ্যত স্বৰূপ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ ওলাওতে-সোঁমাওতে বিলাতী সুৰাৰ বটলত চকু পৰাটো এক অতি লজ্জাজনক বিষয় হৈ পৰিছে। উপায়ন্তৰ হৈ ছাত্ৰ-ছাত্ৰীসকলে সুৰাৰ সন্মুখতে শিক্ষা গ্ৰহণ কৰিব লগীয়া হৈছে।

এফালে ৱাইন চপে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে আনফালে বিদ্যালয়খনত শ্ৰেণীকোঠাৰ অভাৱত নিচেই সৰু কোঠা একোটাতে ৫০ ত কৈও অধিক ছাত্ৰ-ছাত্ৰী বহি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে এই বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীয়ে। ইয়াৰ উপৰিও আটাইতকৈ দুখৰ বিষয় হৈছে বিদ্যালয়খনত ডেস্ক-বেঞ্চৰ অভাৱত মাটিত বহিয়েই অতি কষ্টৰ মাজেৰে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে।