বৰপেটাঃ মানৱ সম্পদ গঢ়াৰে দেওবাৰে 'এৰোমা ইংলিছ স্কুল' নামৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ শুভ মুকলি কৰা হয়। জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাক পৰিচালক হিচাপে লৈ স্থানীয় সাত গৰাকী শিক্ষিত যুৱক একত্ৰিত হৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়খন শতাধিক শিশু ছাত্ৰ-ছাত্ৰীক নাম ভৰ্তি কৰাই দেওবাৰে বিদ্যালয়খনৰ শুভাৰাম্ভ কৰে। বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে গুৱাহাটীস্থ এন এফ ল' কলেজৰ সঞ্চালক তথা গণ অধিকাৰ কাকতৰ মুখ্য সম্পাদক ড০ জাকিৰ হুছেইনে।

ড০ জাকিৰ হুছেইনে বিদ্যালয়খন উদ্বোধন কৰি দিয়া ভাষণত আধুনিক এই বিশ্বায়নৰ প্ৰতিযোগিতাৰ যুগত ইংৰাজী ভাষাক গুৰুত্ব দিয়াৰ কোনো বিকল্প নাই বুলি কয়। নিজৰ মাতৃভাষাটোক গুৰুত্ব দিয়াৰ লগে লগে ইংৰাজী মাধ্যমত লৰা-ছোৱালীক শিক্ষা দানৰ ব্যৱস্থা নকৰিলে অদূৰ ভৱিষ্যতে নিজৰ সন্তানেই এটা সময়ত পিতৃ-মাতৃক জগৰীয়া কৰিব।

ইংৰাজী মাধ্যমত নিজৰ নিজৰ লৰা-ছোৱালীক শিক্ষা দিয়াৰ সুবিধাটো সকলো সামৰ্থ্য থকা অভিভাৱক লব লাগে বুলি পৰামৰ্শ দি ভাষণ ৰাখে নৰ্থ ইষ্ট য়ুথ প্ৰতিষ্ঠাপক ৰঞ্জন বৰুৱাই। বৰুৱাই আক্ষেপ কৰি কয়,  অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ নামত সৰ্বাধিক মাত মাতি অহা সকলো সাহিত্যিক-সাংবাদিক-বুদ্ধিজীৱীৰ সন্তানে ইংৰাজী মাধ্যমত পঢ়ে সাধাৰণ নাগৰিকৰ সন্তানক অসমীয়া ভাষা ৰক্ষা কৰাৰ কথাৰে আভুৱা ভাৰে।

এৰোমা ইংলিছ স্কুলৰ নতুন অধ্যক্ষা গুৰুমায়ুম বিনতা শৰ্মাই পৰিচালনা কৰা সভাত উপস্থিত থাকি ভাষণ ৰাখে জ্যেষ্ঠ সাংবাদিক তথা নৰ্থ ইষ্ট চাহাৰাৰ মুখ্য আফ্ৰিদা হুছেইন, অসম উদ্যোগিক উন্নয়ন নিগমৰ উপ-সভাপতি জিতু তালুকদাৰ, নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল হালিম, তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আবুল কালাম তালুকদাৰ, আমছুৰ ৰাজ্যিক সম্পাদক আইনুদ্দিন আহমেদ, আছুৰ বৰপেটা জিলাৰ প্ৰাক্তন সভাপতি খনিন পাঠকে।