newsnextone.com| নগাঁওঃ নগাঁও জিলা শিক্ষা সংমণ্ডলৰ অধীনস্থ ডুমডুমীয়া-বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত ডি এল এডৰ পৰীক্ষা কেন্দ্ৰত ব্যাপক হাৰত নকলৰ পয়োভৰ ঘটাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ মতে, কালিৰে পৰা কেন্দ্ৰটোত অনুষ্ঠিত হোৱা পৰীক্ষাত পৰীক্ষাৰ্থীসকলে অবাধে সম্পূৰ্ণ মুকলিভাবেই অসৎ উপায় অৱলম্বন কৰি পৰীক্ষাৰ পৰিবেশ একেবাৰে কলুষিত কৰি পেলাইছে৷ 

উল্লেখ্য, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহনেৰে বিভাগটোৰ আমোল পৰিবৰ্তন সাধন কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে এচাম শিক্ষকৰ লগতে বিভাগটোৰ অসাধু বিষয়া-কৰ্মচাৰীয়ে গোপন বুজাবুজিৰে ডুমডুমীয়াৰ দৰে এটা স্পৰ্শকাতৰ অঞ্চলত ডি এল এডৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰি এনেদৰে নকলৰ পয়োভয়েৰে সমগ্ৰ পৰীক্ষা ব্যৱস্থাটো ভেকো ভাঁওনাত পৰিণত কৰি তোলাত সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ 

কোৱা বাহুল্য মাথোন এই পৰীক্ষা কেন্দ্ৰটোত এনেদৰে মুকলিকৈ অনিয়ম সংঘটিত হৈ অহাৰ বিষয়ে ইতিমধ্যে উক্ত পৰীক্ষা কেন্দ্ৰটোৰ দায়িত্ববাহী উৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও ৰহস্যজনকভাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই৷ ইফালে, পৰীক্ষা কেন্দ্ৰটোত নিৰীক্ষকৰ দায়িত্বত থকা বিদ্যালয়খনৰ কেইজনমান শিক্ষকে পৰীক্ষাৰ্থীৰ পৰা ধন লৈ তেওঁলোকক নকল সৰবৰাহ কৰাৰ আন এক অভিযোগ উঠিছে ৷ 

এইক্ষেত্ৰত পৰীক্ষা কেন্দ্ৰটোৰ পৰিচালনাৰ মূল দায়িত্বত থকা বিদ্যালয়খনৰ এগৰাকী জ্যেষ্ঠ শিক্ষকৰ লগতে তেওঁৰ সহকাৰী হিচাপে থকা শিক্ষক এজনে এনেদৰে নিবিঘ্নে অসৎ উপায় অৱলম্বন কৰাৰ ক্ষেত্ৰত পৰীক্ষাৰ্থী আৰু নিৰীক্ষকক উৎসাহ যোগাই অহা বুলি জানিব পৰা গৈছে৷ গতিকে অনতিপলমে এই পৰীক্ষাকেন্দ্ৰটোত চলি থকা এনে অনিয়ম ৰোধ কৰি পৰীক্ষাকেন্দ্ৰটোত পৰীক্ষাৰ সুস্থ পৰিবেশ ঘূৰাই অনাৰ বাবে জিলা উপায়ুক্ত আৰু ডি এল এড পৰীক্ষাৰ উৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰতি দাবী জনাইছে সচেতন লোকসকলে ৷