নাওবৈচাঃ যি সময়ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়সমূহত গুণোৎসৱৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে সেই সময়তে লখিমপুৰ জিলাৰ নাওবৈচা শিক্ষাখণ্ডৰ অধীনস্থ একাংশ বিদ্যালয়ত শ্ৰেণী কোঠাৰ অভাৱত ছাত্ৰ-ছাত্ৰীয়ে বাধাৰ সন্মুখীন হবলগীয়া হৈছে।

নাওবৈচা শিক্ষা খণ্ডৰ অন্তৰ্গত শিঙৰা গাও পঞ্চায়তৰ ভৰলুৱাত ১৯৮০ চনত স্থাপিত চোমনি আদিবাসী প্ৰাথমিক বিদ্যালয়ত সম্প্ৰতি বিদ্যালয় গৃহ নাই। বিগত বছৰত শিঙৰাৰ বিধ্বংসী বানে উটুৱাই নিয়ে বিদ্যালয় গৃহটো।বিদ্যালয়খনত অৱশিষ্ট আছে কেৱল এটা দমকল আৰু এন এইচ পি চিৰ দ্বাৰা নিৰ্মাণ কৰি দিয়া বিশুদ্ধ খোৱা পানী যোগানৰ টেংকী।

বিগত বৰ্ষতে শিঙৰাৰ বানে উটুৱাই নিয়াৰ পাছত বিদ্যালয়খনত শ্ৰেণীকোঠাৰ অভাৱত ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত শিক্ষা গ্ৰহণত বাধাৰ সন্মুখীন হৈ অহাৰ পিছতো সংশ্লিষ্ট বিভাগে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলতে অঞ্চলটোৰ স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। স্থানীয় ৰাইজ আৰু পৰিচালনা সমিতিয়ে মিলি কাষৰে মধ্য ইংৰাজী বিদ্যালয়খনত এটা শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰি শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিছিল যদিও তাতো বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে।

কিয়নো শ্ৰেণীকোঠাটোৰ কাষতে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজন প্ৰস্তুত কৰা ৰান্ধনী গৃহটো আছে। যি সময়ত মধ্যাহ্ন ভোজন প্ৰস্তুত কৰে সেই সময়ত জুইৰ ধোঁৱাৰ বাবে অসুবিধাৰ সন্মুখীন হয় ছাত্ৰ-ছাত্ৰীসকল।  এনে সমস্যাৰ বাবেই কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ আহিবলৈ মন নকৰে বুলি জানিব পৰা গৈছে।

বিদ্যালয়খনত বৰ্তমান ১০৯ গৰাকী ছাত্ৰ-ছাত্ৰী আছে যদিও এনে অসুবিধাৰ সন্মুখীন হোৱাৰ বাবেই ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা দিনক দিনে হ্ৰাস হোৱা পৰিলক্ষিত হৈছে।এই সন্দৰ্ভত নাওবৈচা শিক্ষা খণ্ডক বাৰম্বাৰ আবেদন-নিবেদন জনাই অহাৰ পিছতো বিদ্যালয়খনৰ এনে সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকৰ লগতে অভিভাৱকসকলে।

বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে এটি শ্ৰেণীকোঠাৰ অভাৱত সন্মুখীন হোৱা সমস্যাটো অচিৰেই সমাধান নকৰিলে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দিনক দিনে হ্ৰাস হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।