বৰপেটাঃ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক আগুৱাই নিয়াৰ চেষ্টা চলাই গৈছে৷ গ্ৰাম্য এলেকাৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীসকলক বিদ্যালয়লৈ আহ-যাহ কৰাত সহায়ক হোৱা আৰু শিক্ষালাভত অধিক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰদান কৰা চাইকেল বৰপেটা ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বিকৰণ কৰা হয়৷

মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰীসকলক বিতৰণ কৰা হয় ১৩৬ খন চাইকেল। বিদ্যালয় প্ৰাংগনত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি চাইকেল সমূহ বিতৰণ কৰা হয়৷ সভাত বিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি উপেন্দ্ৰ নাথ দাস, ধনী আলী, নেকিবুৰ ৰহমান, ফজল আলী আৰু চাহজাহান আলী উপস্থিত থাকে৷