কোকৰাঝাৰঃ দিল্লী টুডে নিউজ ডট কম নামৰ ৱেব মিডিয়াৰ স্বয়ম্ভু এডিটৰ ইন চীফ বুলি পৰিচয় দি গুৱাহাটীৰ ৰাজগড় বিহুতলী, পূব শৰণীয়াৰ নিৱাসী সদানন্দ শৰ্মা মেধিৰ কন্যা ৰীচা শৰ্মাই অাজি বাতৰিৰ নামত কোকৰাঝাৰৰ বালাজান তিনালীত ধন সংগ্ৰহ কৰি থাকোতে স্থানীয় ৰাইজে অাটক কৰি অাৰক্ষীৰ হাতত গতাই দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্বয়ম্ভু সাংবাদিকৰ এনে দৌৰাত্ম্যৰ খবৰ বিয়পি পৰাৰ লগে লগেই স্থানীয় সাংবাদিকসকল ঘটনাস্থলীত উপস্থিত হৈ চৰমজিন তদন্ত কৰি মহিলা সাংবাদিকগৰাকীক কৰ্কথনা কৰে। 

ঘটনাৰ বিৱৰণী অনুসৰি কোকৰাঝাৰ উন্নয়ন খণ্ডৰ কেবাটাও ভিচিডিচিৰ  অধ্যক্ষসকলৰ নাম অাৰু ফোন নম্বৰসমূহ স্বয়ম্ভু সাংবাদিক ৰীচা শৰ্মাই কৌশলেৰে সংগ্ৰহ কৰি এফালৰ পৰা অধ্যক্ষসকলক ফোন কৰি উন্নয়নমূলক কাম-কাজৰ চৰমজিন তদন্তৰ বাবে কোকৰাঝাৰ ভ্ৰমণ কৰিব বুলি অধ্যক্ষসকলক অৱগত কৰে।

সেইমতে অাজি ৰীচা শৰ্মাই গুৱাহাটীৰ পৰা গাড়ী এখন ভাড়া কৰি বালাজান তিনালীত উপস্থিত হয় অাৰু ভিচিডিচিৰ অধ্যক্ষসকলক লগ ধৰে। অাশ্চৰ্যজনকভাৱে ৰীচা শৰ্মাই দুই এটা উন্নয়নমুলক কাম-কাজ পৰিদৰ্শন কৰে অাৰু অধ্যক্ষসকলক লগ ধৰি টকা বিচাৰে। স্বয়ম্ভু সাংবাদিকগৰাকীয়ে প্ৰতিটো ভিচিডিচিৰ পৰা ১০ হেজাৰ কৈ টকা  দাবী কৰে যদিও তিনালী চাৰিআলিৰ ভিচিডিচিয়ে ৮০০০ টকা, কাৰিগাঁও তাৰং চেৰফাং ভিচিডিচিয়ে ৯৫০০টকা অাৰু সুভাইঝাৰ-কালুগাঁও ভিচিডিচিয়ে ৬০০০ টকা স্বয়ম্ভু সাংবাদিকগৰাকীৰ হাতত তুলি দিয়ে।

স্বয়ম্ভু সাংবাদিকগৰাকীয়ে অানকি প্ৰকল্প সঞ্চালকক কৈ অধিক উন্নয়নমূলক কাজ-কাজ অাৱণ্টন দিবলৈ ৰাজী কৰাব বুলি ভিচিডিচিৰ অধ্যক্ষসকলক পতিয়ন নিয়াবলৈ চেষ্টা কৰে। স্বয়ম্ভু সাংবাদিকগৰাকীয়ে  অান ভিচিডিচিৰ অধ্যক্ষক একেই উদ্দেশ্যত লগ ধৰিবলৈ যাব বিচাৰোতেই অধ্যক্ষসকলৰ মাজত সন্দেহৰ উদ্ৰেক হোৱাত স্থানীয় ৰাইজৰ সহযোগত ৰীচা শৰ্মাক অাটক কৰি অাৰক্ষীৰ হাতত গতাই দিয়ে। কোকৰাঝাৰ জিলাৰ উপ অাৰক্ষী অধীক্ষক(প্ৰৱেচন) মৰমী দাসে স্বয়ম্ভু সাংবাদিকগৰাকীক অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে।

ইপিনে স্বয়ম্ভু সাংবাদিকগৰাকীৰ আচৰণত অাশ্চৰ্য প্ৰকাশ কৰি কাৰিগাঁও তাৰং চেৰফাং ভিচিডিচিৰ অধ্যক্ষ বিষ্ণু বসুমতাৰী, সুভাইঝাৰ -কালুগাঁও ভিচিডিচিৰ অধ্যক্ষ হীৰেন্দ্ৰ নাৰ্জাৰী অাৰু তিনালী চাৰিঅালি ভিচিডিচিৰ অধ্যক্ষ প্ৰদীপ নাৰ্জাৰীয়ে কস্মিনকালেও এনে পৰিস্থিতিত নপৰা বুলি উল্লেখ কৰিছে। মহিলাগৰাকীৰ কাম-কাজবোৰ সন্দেহজনক হোৱা বাবেই ৰাইজৰ সহযোগত অাটক কৰি স্বয়ম্ভু মহিলা সাংবাদিকগৰাকীক অাৰক্ষীৰ হাতত গতাই দিয়া হ'ল বুলি মন্তব্য প্ৰকাশ কৰিছে ভিচিডিচিৰ অধ্যক্ষসকলে। উল্লেখ্য যে দিল্লী টুডে নিউজ ডট কম নামৰ ৱেবছাইটোত থকা নিউজবোৰ যোৱা মাৰ্চ মাহৰ পৰাই উন্নীতকৰণ (আপডেট) কৰা হোৱা নাই ।