ডিজিটেল ডেস্কঃ এক অভিনৱ পন্থাৰে নিৰ্ধাৰণ কৰা হ’ব উত্তৰাখণ্ডৰ কুমায়ুন ডিভিচনৰ অন্তৰ্গত বিদ্যালয়সমূহত শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতি৷ এক নতুন পদ্ধতি অনুসৰি শিক্ষকসকলে বিদ্যালয়ত উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ সৈতে চেল্ফি উঠি হোৱাটচএপ যোগে প্ৰেৰণ কৰিব লাগিব বিভাগক৷ চৰকাৰী বিদ্যালয়সমূহত সঠিক সময়ত শিক্ষক আৰু শিক্ষাৰ্থীসকল উপস্থিত হৈছেনে নাই তাৰ প্ৰতি নজৰ ৰাখিয়ে  কৰ্তৃপক্ষই এনে এটি নতুন পদক্ষেপ গ্ৰহণ কৰিছে৷ 

খবৰ মতে, উত্তৰাখণ্ডৰ শিক্ষক সকলৰ বাবে উজ্জ্বল সেৱা উত্তৰাখণ্ড নামৰ এটা মোবাইল এপ নিৰ্মানৰ কাম চলি আছে৷ এপটো যোৱা বছৰেই সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও কিবা কাৰণত এতিয়াও এপটো শিক্ষকসকলৰ বাবে মুকলি কৰি দিয়া হোৱা নাই৷ যাৰ বাবে শিক্ষকসকলৰ উপস্থিতি নিৰ্নয় কৰিবলৈ উত্তৰাখণ্ডত এই নতুন পদ্ধতিটো অৱলম্বন কৰা হৈছে৷ 

শনিবাৰে কুমায়ুনৰ আৰক্ষী বিষয়া ৰাজীৱ ৰৌতেলাই এক নিৰ্দেশনা জাৰি কৰিছে৷ যত শিক্ষকসকলক বিদ্যালয়ত উপস্থিত হোৱাৰ পিছতেই একপি চেল্ফি তুলি হোৱাটচএপৰ এটি গ্ৰুপলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ হোৱাটচএপৰ এই গ্ৰুপটোত শিক্ষক আৰু শিক্ষা বিষয়াসকলো থাকিব৷ 

ইফালে কুমায়ুন শিক্ষাখণ্ডৰ নতুন নীতিক লৈ বিপাঙত পৰিছে শিক্ষকসকল৷ শিক্ষক সকলে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ বেছি ভাগ বিদ্যালয় পাহাৰীয়া অঞ্চলসমূহত অৱস্থিত৷ যত ভালদৰে মোবাইলৰ নেটৱৰ্কও নাপায়৷ তেনেক্ষেত্ৰত প্ৰতিদিনে চেল্ফি তুলি হোৱাটচএপ যোগে প্ৰেৰণ কৰাটো শিক্ষকসকলৰ বাবে অসম্ভৱ৷ যদি চেল্ফিৰ ওপৰত ভিত্তি কৰিয়ে বিদ্যালয়ত শিক্ষকৰ উপস্থিতি নিৰ্ধাৰণ কৰা হয়, তেন্তে শিক্ষকসকল বিপাঙত পৰাটো নিশ্চত৷

যি কি নহওঁক, উত্তৰাখণ্ডৰ কুমায়ুন শিক্ষাখণ্ডই প্ৰৱৰ্তন কৰা নতুন পদ্ধতিটো শিক্ষাক্ষেত্ৰত কিমান লাভজনক হিচাপে পৰিচিত হয় সেয়া সময়েহে কব পাৰিব৷