গুৱাহাটীঃ অসমৰ ডেকাই ১৯৮৩ত বিদেশী বহিস্কাৰ আন্দোলন জপিয়াই পৰিছিল নিজ মাতৃভূমিৰ হকে৷ আত্ম বলিদান দিবলগীয়া হৈছিল শ-শ অসমৰ তেজাল যুৱকে৷ তেজাল যুৱকৰ তপত তেজেৰে ৰাঙলী হৈছিল অসম মাতৃভূমি৷ যিসকলৰ অকাল অথচ সকৰুণ মৃত্যুয়ে কাঢ়ি নিলে কাৰোবাৰ শিৰৰ সেন্দুৰ, কোনো মাতৃৰ বুকু খালি হৈ ৰ’ল৷

আন্দোলনত জপিয়াই পৰা বহু লোকে কেৱল 'শ্বহীদ' নাম হে পালে৷ যিসকলৰ নেতৃত্বত অসম আন্দোলন কৰি ৮৫৫গৰাকী তেজাল যুৱকৰ মৃত্যু হৈছিল তেওলোকৰ বিৰুদ্ধে আজি অসমীয়াই প্ৰতিবাদ কৰিব লগা হৈছে৷ যাৰ উত্তাল আহ্বানত ঘৰৰ পৰা ওলাই আহি ৰাজপথত ঢলি পৰিছিল ৮৫৫ গৰাকী লোক তেওলোক এতিয়া শাসনৰ গাদীত৷ ৰাজ্যৰ শাসনকৰ্ত্তা তেওলোক৷

কিন্তু শাসনৰ গাদীত বহি তেওঁলোক জাতিৰ কথা, মাটিৰ কথা পাহৰি গ’ল৷ এতিয়া তেওঁলোকৰ মনত নপৰে ৮৫৫ জন শ্বহীদলৈ৷ শ্বহীদলৈ মনত নপৰে বাবেই তেওলোকে বাংলাদেশী অসমলৈ আনিব খোজে৷ ৬ বছৰীয়া অসম আন্দোলনৰ ফলত অৰ্ধসামৰিক বাহিনীৰ গুলীত প্ৰান দিছিল ৮৫৫ গৰাকী লোকে৷ মুলত বিদেশীক অসমৰ পৰা বহিস্কাৰ কৰাৰ দাবীত আন্দোলন কৰা হৈছিল৷

জাতিক ৰক্ষাৰ বাবে ওলাই আহি বহু পাহুৱাল ডেকাই বন্দুকৰ গুলী বুকুত পাতি লৈ চিৰ দিনৰ বাবে ঢলি পৰিছিল আই অসমৰ বুকুত৷ বহু যুৱক লাঠি, বন্দুকৰ কোবত চিৰ দিনৰ বাবে পংগু হ’ল৷ বহু মাতৃৰ বুকু শুদা হ’ল৷ বহু বোৱাৰীৰ কপালৰ ফোট চিৰদিনৰ বাবে মচা গ’ল৷ তাৰ পাছত দিল্লীলৈ গৈ অসমীয়া ডেকাই চুক্তিত স্বাক্ষৰ কৰিলে অসমৰ হিতৰ স্বাৰ্থত৷ চুক্তি কৰা সকলে ৰাজনৈতিক দলৰ জন্ম দি ৰাজ্য শাসনো কৰিলে৷

কিন্তু আজিও বিদেশী বহিস্কাৰ নহ’ল৷ ভাৰত-বাংলাদেশ সীমান্ত ছিল্ড ন’হল৷ অসমীয়াৰ বিড়ম্বনা ইমানতে শেষ হোৱা নাই৷ আজি আকৌ অসমীয়াই ৰাজপথত বিদেশী বহিস্কাৰ তথা অসমত বিজেশী সংস্থাপন কৰিব বিছৰাৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ কৰিব লগা হৈছে৷ চুক্তি আজিও চুক্তি হৈয়ে থাকিল৷ চুক্তি মৰ্মে অসমে পালে কি? কেৱল লাঞ্চনা-বঞ্চনা৷ ঐতিহাসিক অসম আন্দোলনৰ কথা কোনে পাহৰিব৷ কোনে মনৰ পৰা মচিব পাৰিব মাতৃভূমিক অকৃত্ৰিমভাৱে ভালপোৱা যুৱকসকলৰ আত্মত্যাগৰ কথা৷

এই অসম আন্দোলনতে স্বতঃস্ফূৰ্তভাৱে জপিয়াই পৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ শত-সহস্ৰ তেজাল যুৱক৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পুনৰ বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী নাগৰিক আনি অসমত বহুৱাব বিছাৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহিত কৰি অসমত বিদেশী সংস্থাপন কৰিব বিছৰাৰ বিৰুদ্ধে অসমত আৰম্ভ হৈছে প্ৰবল প্ৰতিবাদ৷ ৰাজ্যৰ দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ কোনো কাৰণত অসমক কোনো বিদেশীক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দিয়া দল-সংগঠনে৷

তাৰ মাজতে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক তথা কেন্দ্ৰীয় চৰকাৰে আধ্যাদেশ জাৰি কৰি হলেও হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব খোজা কাৰ্যৰ বিৰোধিতা কৰি গুৱাহাটী মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত এখন নাগৰিক সভা অনুষ্ঠিত হয়৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত তথা কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিব খোজা আধ্যাদেশ সৰ্বশক্তিৰে বন্ধ কৰাৰ হুংকাৰ দি কেইবাশতাধিক লোক উপস্থিত থাকে সভাত৷

সচেতন নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাত বিশিষ্ট চিন্তাবিদ হীৰেণ গোহাঁই, চিন্তাবিদ ড০ দীনেশ বৈশ্য, হাইদৰ হুছেইন, সাংবাদিক মণজিৎ মহন্ত, অজিত কুমাৰ ভূঞা, ড০ অখিল ৰঞ্জন দত্ত, কৃক নেতা অখিল গগৈ সহ বিশিষ্ট শিল্পী, সাহিতিক, অৱসৰপ্ৰাপ্ত আমোলা-বিষয়া, সাংবাদিক, বুদ্ধিজীৱি, বিভিন্ন সংগ্ৰামী মঞ্চৰ প্ৰতিনিধি উপস্থিত থাকি চৰকাৰক কঠোৰ সমালোচনা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷

বিধেয়কৰ বিৰুদ্ধে সকলো জাতীয়-জনগোষ্ঠীৰ সংগঠন ঐক্যবদ্ধ সংগ্ৰামৰ বাবে পোষকতা কৰে। অখিল গগৈয়ে অসমত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীয়ে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিৰ অধিকাৰ বৰ্তাই ৰাখিব লাগিলে কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব বুলি কয়৷ বিজেপিয়ে ৰচা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিজন অসমীয়াক একত্ৰিত হ’বলৈ আহ্বান জনায় বক্তাসকলে৷

অসমবাসীৰ অধিকাৰ, সংস্কৃতি ৰক্ষাৰ হকেও মাৰ বান্ধি থিয় দিবলৈ সকলোকে আহ্বান জনাই নাগৰিক সভাই৷ জাত, ধৰ্মৰ নামত বিজেপিয়ে ৰাজনীতি কৰি অসম ধ্বংস কৰিব বিছৰাৰ বিৰুদ্ধে অসমবাসী সু-সংগঠিত হোৱাৰো আহ্বান জনাই নাগৰিক সভাই৷