newsnextone.com | গুৱাহাটীঃ সততে শৈক্ষিক সমস্যা সমূহ সমাধান কৰাৰ দাবীত প্ৰতিবাদ কৰি অহা এছএফআইৰ অসম ৰাজ্যিক সমিতিয়ে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু শিক্ষানুষ্ঠানৰ সমস্যা সমূহ শীঘ্ৰে সমাধান কৰাৰ দাবীত সোমবাৰে উচ্চ শিক্ষা সঞ্চালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷

এছএফআইৰ ৰাজ্যিক সমিতিৰ সম্পাদক নিৰংকুশ নাথ, যুটীয়া সম্পাদক প্ৰতুল বৰ্মন, সংগীতা দাস আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সদস্য কল্যান বুঢ়াগোহাঁইৰ নেতৃত্বত এটা দলে যুটীয়া সঞ্চালক অজন্তা কাকতি গগৈক সাক্ষাৎ কৰি উচ্চ শিক্ষাৰ বিভিন্ন সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী জনায়৷ আলোচনাৰ অন্তত ছাত্ৰ সংগঠনটোৰ দলটোৱে এখন স্মাৰক যোগাে অসমৰ উচ্চ শিক্ষা গ্ৰহণ কৰি অহা ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষানুষ্ঠানৰ সমস্যা সমূহ দাঙি ধৰে৷ 

এছএফআইৰ প্ৰতিনিধি দলটোৱে উচ্চ শিক্ষা সঞ্চালকালয়ত স্নাতক পৰ্যায়ত পঞ্চম ষাণ্মাসিক আৰু স্নাতকোত্তৰ পৰ্যায়ত তৃতীয় ষাণ্মাসিকত ১ লাখ আয়ৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷ উচ্চ শিক্ষাৰ বাবে পৰ্যাপ্ত আসনৰ ব্যৱস্থা কৰা, পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়া আৰু আন্তঃগাঁথনি উন্নত কৰা, শিক্ষানুষ্ঠানত যৌন নিৰ্যাতন বিৰোধী সমিতি গঢ়ি তুলি কাৰ্যকৰী কৰাৰ দাবী জনায় স্মাৰক পত্ৰ যোগে৷

সংগঠনটোৱে উল্লেখ কৰা মতে, উচ্চ সঞ্চালক অজন্তা কাকতি গগৈৰ সৈতে হোৱা আলোচনাকালত স্নাতক পৰ্যায়ত প্ৰথম আৰু তৃতীয় ষাণ্মাসিকত তথা স্নাতকোত্তৰ পৰ্যায়ত প্ৰথম ষাণ্মাসিকত ১লাখ টকা আয়ৰ নিম্ন পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল যদিও স্নাতকৰ পঞ্চম ষাণ্মাসিক আৰু স্নাতকোত্তৰৰ তৃতীয় ষাণ্মাসিকৰ এনে ছাত্ৰ-ছাত্ৰীক ইয়াৰ আওতালৈ অনা হোৱা নাছিল। এই অদূৰদৰ্শিতাৰ ফলত মহাবিদ্যালয়সমূহত এক বিভ্ৰান্তি সৃষ্টি হৈছে। 

কিছু মহাবিদ্যালয়ে নামভৰ্তি মাচুল সংগ্ৰহ কৰি নামভৰ্তি কৰিছে আৰু অন্য কিছুৱে বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা প্ৰদান কৰিছে। অৱশ্যে এতিয়াও বহু মহাবিদ্যালয়ত পঞ্চম ষাণ্মাসিকত নামভৰ্তি আৰম্ভ হ'বলৈ বাকী আছে বুলি সঞ্চালকে উল্লেখ কৰা বুলি কয় সংগঠনটোৱে। এই সংক্ৰান্তত সঞ্চালকগৰাকীয়ে   ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তি আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে ইতিমধ্যে চৰকাৰক তেওঁলোকে আবেদন জনাোৱ বুলি অৱগত কৰাৰ কথা উল্লেখ কৰে৷ 

কিছুদিনৰ ভিতৰতেই অনুমোদন লাভ কৰি বিনামূলীয়া নামভৰ্তি প্ৰদান কৰিবলৈ সকলো মহাবিদ্যালয়লৈ এই সম্পৰ্কত জাননী প্ৰেৰণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে সঞ্চালকে। সঞ্চালকে ইতিমধ্যে নামভৰ্তি হৈ যোৱা মহাবিদ্যালয়ত মাচুল ছাত্ৰ-ছাত্ৰীক ঘূৰাই দিয়া হ’ব বুলি প্ৰতিনিধি দলটোক অৱগত কৰাত এছএফআয়ে এই সিদ্ধান্তক আদৰণি জনায়। এছ এফ আইয়ে উচ্চ শিক্ষা লাভ কৰিব বিচৰা সকলো ছাত্ৰ-ছাত্ৰীক সুযোগ প্ৰদান কৰাৰ বাবে দাবী জনায়। এছ এফ আইৰ দলটোৱে আৰ টি আই যোগে গুৱাহাটীৰ ১১খন মহাবিদ্যালয়ত থকা ২৪৯ খালি শিক্ষকপদ সম্পৰ্কত লাভ কৰা তথ্যলৈ দৃষ্টিগোচৰ কৰি ৰাজ্যখনৰ খালি হৈ থকা শিক্ষকৰ পদ পুৰণ আৰু স্থায়ী শিক্ষক নিযুক্তিৰ দাবী উত্থাপন কৰে। ষাণ্মাসিক ব্যৱস্থা সঠিকভাবে চলাই নিবলৈ এনে পদক্ষেপ অপৰিহাৰ্য বুলিও কয়। 

সংগঠনটোৱে নতুনকৈ ৫০খন মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ কৰাৰ সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে সেই সমূহ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে পৰ্যাপ্ত শিক্ষক আৰু বিজ্ঞান শাখাৰ প্ৰয়োজনীয় আন্তঃগাঁথনি শীঘ্ৰে গঢ়ি তুলিবলৈ আহ্বান জনায়। এছ এফ আইয়ে দীৰ্ঘদিন ধৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি শিক্ষানুষ্ঠানত যৌন নিৰ্যাতন বিৰোধী আৰু লিংগ বিষয়ক সংবেদনশীলতা সমিতি গঢ়ি তোলাৰ দাবী জনাই আহিছে যদিও বেছি ভাগ মহাবিদ্যালয়ত এনে কোনো সমিতি নাই বুলি আক্ষেপ কৰে। যুটীয়া সঞ্চালকে এই সংক্ৰান্ত তাৎক্ষণিক জাননী প্ৰেৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। এফ এফ আইয়ে এই শৈক্ষিক দিশত চৰকাৰৰ বিফলতাসমূহ উদঙাই দিবলৈ আগন্তুক দিনত জিলাই জিলাই প্ৰচাৰ আন্দোলন, ৰাজ্যিক ভিত্তিক সমাৱেশ আৰু সমগ্ৰ দেশতে জাঠা কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ছাত্ৰ সংগঠনটোৱে জানিবলৈ দিয়ে৷