প্ৰতিকী ফটো
প্ৰতিকী ফটো

মুছলপুৰঃ কোন মুহূৰ্তত কোনে কি ঘটনা সংঘটিত কৰে সেয়া ধৰিবকে নোৱাৰি। সকলো যদি বিধাতাৰে লিখন তেন্তে এনে ঘটনাবোৰৰ বাবে মানুহক দোষ দিব পাৰি নে নোৱাৰি সেয়াও ভাবিবলগীয়া হৈ পৰে।

এনেধৰণৰ অলেখ ঘটনাৰ মাজতে বাগছা জিলাৰ বৰমাৰ মেৰকুছিত সংঘটিত হল এক অভাৱনীয় ঘটনা। শহুৰেকে বোৱাৰীয়েকক পলুৱাই নিয়াৰ দৰে এই অকল্পনীয় ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।

স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে, ২০ দিন পূৰ্বে ১৭ বছৰীয়া এগৰাকী নাবালিকাক পলুৱাই আনিছিল লম্পট লোকজনৰ নাবালক পুত্ৰই। এই লৈ পৰিয়ালটোত যথেষ্ট বাক-বিতণ্ডাৰো সূত্ৰপাত হয়।

ইয়াৰ মাজতে পুত্ৰক পুনৰ গুৱাহাটীৰ কোম্পানীত কাম কৰিবলৈ বলপূৰ্বক পঠাই দিয়ে পিতৃয়ে। পুত্ৰই গুৱাহাটী আহি পোৱাৰ পিছতে সকলোকে হতবাক কৰি বোৱাৰীয়েকক নিজৰ পত্নী সজাই ঘৰৰ পৰা অন্য স্থানলৈ লৈ যায়।

এই কথা জানিব পাৰি নাবালিকাগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত বৰমা আৰক্ষীক অৱগত কৰে। লগে লগে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি অন্যস্থানৰ পৰা নাবালিকা বোৱাৰীসহ লোকজনক আটক কৰি বৰমা থানালৈ লৈ আহে।

এনে নাভূত-নাশ্ৰুত খবৰ লাভ কৰি গুৱাহাটীৰ কৰ্মস্থলীৰ পৰা ততাতৈয়াকৈ বৰমাত উপস্থিত হয় লোকজনৰ পুত্ৰ। থানাত পুত্ৰৰ সমুখতে নিৰ্লজ্জভাৱে বোৱাৰীয়েকৰ সৈতে অপকৰ্ম সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে লোকজনে।

উল্লেখ্য যে, ৬ বছৰ পূৰ্বে পত্নীহাৰা হৈছিল বশিষ্ঠ ৰাজবংশী নামৰ এই লোকজন। খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰা লোকজনৰ বয়স প্ৰায় ৪৮-৫০ বছৰ বুলি জানিব পৰা গৈছে। লোকজনৰ এগৰাকী বিবাহিত কন্যা থকা বুলিও ঘটনাটোক লৈ ক্ষুব্ধ হৈ পৰা গাঁওবাসীয়ে জনাইছে।

ইফালে, লোকজনৰ এনে কাণ্ডত পৰিয়ালৰ লোকসকলৰ লগতে সমগ্ৰ গাঁওবাসী লজ্জিত হৈ পৰিছে। গাঁওবাসীয়ে লোকজনৰ এনে কাণ্ডক ধিক্কাৰ দিয়াৰ লগতে উচিত শাস্তিৰো দাবী জনাইছে।