ইম্ফলঃ ক্ষোভ, বেদনা, অভিমান নে বিয়া? সংগ্ৰামী নেত্ৰী-মানৱাধিকাৰ কৰ্মী তথা লৌহ মানৱী আখ্যাৰে বিভূষিত ইৰম শৰ্মিলাই আজি মণিপুৰ ত্যাগৰ কথা ঘোষণা কৰাৰ পাছতে এনে প্ৰশ্নৰ অৱতাৰণা হৈছে।

মণিপুৰৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীত সুদীৰ্ঘ ১৬ বছৰ কাল অনশন কৰা শৰ্মিলাই আকস্মিকভাৱে অনশন ভংগ কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশেৰে ক্ষমতাৰ সোৱাদ লোৱাৰ সপোন দেখে যদিও তেওঁৰ এই সপোন ইতিমধ্যে চূৰমাৰ হৈছে।

যোৱা বছৰৰ ৯ আগষ্টত শৰ্মিলাই অনশন ভংগৰ কথা ঘোষণা কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিব বুলি ঘোষণা কৰে। সেই অনুসৰি তেওঁ এটা ৰাজনৈতিক দল গঠন কৰি অলপতে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। আশ্চৰ্যজনকভাৱে মণিপুৰবাসীৰ একালৰ গৌৰৱৰ প্ৰতীক শৰ্মিলা ভোটাৰৰ দ্বাৰা বেয়াকৈ প্ৰত্যাখিত হয়।

স্বয়ং শৰ্মিলাই লাভ কৰে মাথোঁ ৯০টা ভোট। ইয়ে তেওঁক বেদনাহত কৰিলে নেকি? অথবা নিৰ্বাচনী বিপৰ্যয়ে তেওঁক ক্ষুব্ধ কৰিলে নে ডেছমণ্ড কটিনহোৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ উদ্দেশ্য তেওঁ মণিপুৰ ত্যাগৰ সিদ্ধান্ত লৈছে ? এনে প্ৰশ্নৰ মাজত বিয়াৰ প্ৰসংগটোৱে অধিক চৰ্চা লাভ কৰিছে।

কাৰণ কেৱল অনশন ভংগৰ সময়তে নহয়, শেহতীয়াভাৱেও শৰ্মিলাই পুনৰ বিয়াৰ প্ৰসংগত মুখ খুলিছে। একে ইংগিত দিছে তেওঁৰ প্ৰেমিক কটিনহোৱেও। অৱশ্যে নিৰ্বাচনৰ দৰে শৰ্মিলাৰ এই সিদ্ধান্তকো মণিপুৰবাসীয়ে সমৰ্থন জনোৱাৰ আশা ক্ষীণ। কাৰণ মণিপুৰৰ ৰাইজে দৃঢ় চেতা শৰ্মিলাকহে আদৰণী জনায়।

২০০০ বৰ্ষৰ পৰা একেৰাহে ১৬ বছৰ ধৰি অনশন পালন কৰি যি অদমণীয় দৃঢ়তা তেওঁ প্ৰদৰ্শন কৰিলে, তাক লৈহে মণিপুৰবাসী গৌৰাৱান্মিত।