newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ চনত ভাৰতত বিজেপিয়ে যদি পুনৰ শাসনলৈ আহে তেন্তে ভাৰত হৈ পৰিব হিন্দু পাকিস্তান৷ এই মন্তব্য প্ৰকাশ কৰি বিতৰ্কত সোমাই পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰ৷ এই মন্তব্য প্ৰকাশ কৰি বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় শশী থাৰুৰে৷ কিন্তু ব্যাপক সমালোচনাৰ সন্মুখীন হৈ তেওঁৰ মন্তব্যক বিকৃত কৰা বুলি দাবী কৰে শশী থাৰুৰে৷ 

কেৰেলাত অনুষ্ঠিত হোৱা এখন জন সভাত থাৰুৰে কয় ‘‘২০১৯ চনৰ লোকসভা নিৰ্বাচনত যদি বিজেপিয়ে জয়ী হয় তেন্তে আমাৰ গণতান্ত্ৰিক সংবিধান বাচি নাথাকিব৷ তেতিয়া যিটো ইচ্ছা সেইটো পাত সংবিধানৰ পৰা ফালি পেলাব আৰু নতুনকৈ সংবিধান লিখিব৷ সংস্যালঘূ সকলৰ সমান অধিকাৰ উঠাই দিব৷ তাৰ লগে লগে হিন্দু পাকিস্তান সাঁজু হ’ব৷  যিটো স্বাধীনতাৰ যুদ্ধৰ সময়ত মহাত্মী গান্ধী, জৱাহৰলাল নেহেৰু, চৰ্দাৰ পেটেল আৰু মৌলানা আজাদৰ দৰে নেতাই বিচৰা নাছিল৷’’

থাৰুৰৰ এই মন্তব্যৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়৷ বিজেপিয়ে এই মন্তব্যৰ বাবে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ক্ষমা বিচৰাৰ দাবী জনায়৷ কংগ্ৰেছৰ দুবাৰৰ সাংসদগৰাকীয় হিন্দুক অপমান কৰা বুলি দাবী কৰে বিজেপিয়ে৷ তাৰ লগে লগে থাৰুৰে ভাৰত পাকিস্তানৰ দৰেই দেশ হ’বলৈ ওলাইছে৷ পাকিস্তানত সংখ্যালঘুৰ সমান অধিকাৰ নাই বুলি কয়৷