মুম্বাইঃ সমগ্ৰ দেশ কঁপাই যোৱা শ্বিনা বৰা হত্যাকাণ্ডক লৈ আন এক দাবী কৰিছে ইন্দ্ৰাণী মুখাৰ্জীয়ে। অভিযোগ অনুযায়ী ২০১২ চনৰ ২৪ এপ্ৰিলত হত্যা কৰা হৈছিল শ্বিনা বৰাক। অথচ ইয়াৰ ৬ মাহ পিছলৈকো শ্বিনা জীয়াই আছে বুলি দাবী কৰিছে কন্যাৰ হত্যাত অভিযুক্ত ইন্দ্ৰাণীয়ে। জামিন লাভৰ বাবে পঞ্চমবাৰৰ বাবে আবেদন জনোৱাৰ সময়তে এই দাবী কৰে বিভিন্ন উত্থান-পতনৰ মাজেৰে অসমৰ পৰা গৈ মুম্বাইত থিতাপি লোৱা ইন্দ্ৰাণীয়ে।

জামিনৰ বাবে জনোৱা আবেদনত ইন্দ্ৰাণীয়ে দাবী কৰিছে যে ২০১২ চনৰ ২৪ এপ্ৰিলৰ পিছতো আৰু ৬ মাহ ধৰি শ্বিনাই হ’বলগীয়া স্বামী ৰাহুল মুখাৰ্জীৰ সৈতেই আছিল। ৰাহুলৰ কল ৰেকৰ্ডিং সন্নিবিষ্ট কৰি ইন্দ্ৰাণীয়ে দাবী কৰিছে যে ৰাহুল আৰু শ্বিনাৰ মাজত ২০১২ চনৰ ছেপ্টেম্বৰ পৰ্যন্ত মেছেজৰ আদান-প্ৰদান হৈ আছিল।

আদালতৰ আগত ইন্দ্ৰাণীয়ে কয়, 'শ্বিনাক হত্যা কৰাৰ অভিযোগ আমাৰ ওপৰত দিয়া হৈছে। কিন্তু প্ৰমাণে এয়া স্পষ্ট কৰি দিয়ে টে ২০১২ চনৰ ২৬, ২৭ আৰু ২৮ ছেপ্টেম্বৰতো শ্বিনা জীয়াই আছিল আৰু ৰাহুলৰ সৈতে যোগাযোগ অব্যাহত আছিল।

২০১২ চনৰ ২৭ ছেপ্টেম্বৰৰ মেছেজো আদালতক পঢ়ি শুনায় ইন্দ্ৰাণীয়ে। এটা মেছেজত ৰাহুলে লিখিছে, 'বেবী, আমি কাৰ পাৰ্কিঙত, সোনকালে আহি যোৱা।’ ইন্দ্ৰাণীয়ে দাবী কৰিছে যে সেই মেছেজৰ উত্তৰত শ্বিনাই ৰিপ্লাই দিছিল, 'মাত্ৰ ৫ মিনিট ৰোৱা ডিয়েৰ।’ ইন্দ্ৰাণীৰ মতে ইয়াৰ পিছৰ মেছেজটোত ৰাহুলে লিখিছিল, 'আহা আহা, সোনকালে আহা।’

অভিযুক্ত ইন্দ্ৰাণীৰ মতে শ্বিনাক যিদিনি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে সেই দিনটোৰ পৰা ৬ মাহ পিছত এইধৰণৰ মেছেজৰ আদান-প্ৰদান হৈছে। সেয়ে চিবিআইয়ে উদ্ধাৰ কৰা মৃতদেহৰ সৈতে শ্বিনাৰ কোনো মিল নাছিল নাছিল বুলি আদালতক জনায় ইন্দ্ৰাণীয়ে। সেই সময়ত তেওঁ ইংলেণ্ডত আছিল, গতিকে উক্ত মেছেজবোৰ তেওঁ নিজেই ৰাহুলক পঠিয়াইছিল বুলি কোনোৱে দাবী কৰিলে সেয়া সত্য হ’ব নোৱাৰে বুলিও আদালতক পতিয়ন নিয়াবলৈ চেষ্টা চলায় ইন্দ্ৰাণীয়ে। 'ৰাহুলে এই মেছেজত ১০ মিনিটৰ ভিতৰত আহি পোৱাৰ কথা কৈছে, কাৰ পাৰ্কিঙত বহি থকাৰ কথা কৈছে আৰু তালৈকে ইন্দ্ৰাণী গৈ পাইছে, এয়া কেতিয়াও সম্বৱ নহয়।’-ইন্দ্ৰাণীয়ে আদালতক কয়।

আদালতত জামিন আবেদনৰ শুনানিৰ সময়ত ইন্দ্ৰাণীয়ে আৰু কয় যে তেওঁক কোনোৱে ষড়যন্ত্ৰমূলকভাৱে অভিযুক্ত কৰিবলৈ অপচেষ্টা চলাইছে। 'মই নিৰ্দোষী। মই মোৰ কন্যাক এনেকৈ কেনেকৈ হত্যা কৰিব পাৰিম? ২০১৫ত মোক গ্ৰেপ্তাৰ কৰাৰ কেইমিনিটমান পিছতে পিটাৰ মুখাৰ্জীয়ে নিজৰ পুত্ৰ ৰাহুল আৰু ৰবীনৰ একাউণ্টলৈ ৬ কোটি টকা ট্ৰেন্সফাৰ কৰিছিল। মোৰ বিৰুদ্ধে এয়া ষড়যন্ত্ৰ চলিছে।’-ইন্দ্ৰাণীয়ে কয়।

ইন্দ্ৰাণীয়ে আদালতক আৰু জনায় যে ২০১২ৰ এপ্ৰিলৰ পৰা ২০১৫ৰ গ্ৰেপ্তাৰৰ সময়লৈকে তেওঁ ১৯ বাৰ বিদেশ ভ্ৰমণ কৰিছে। যদিহে তেওঁ হত্যাকাণ্ড কৰিছে তেন্তে পুনৰ কিয় বিপদ চপাই ল’বলৈ দেশলৈ উভতি আহিলহেতেন বুলিও আদালতক প্ৰশ্ন কৰে হত্যাৰ অভিযোগত অভিযুক্ত ইন্দ্ৰাণীয়ে। 

উল্লেখ্য যে শ্বিনা বৰা হত্যাকাণ্ড গোচৰত যোৱা চাৰি বছৰ ধৰি জেলত বন্দী হৈ থকাৰ অন্তত বোম্বে উচ্চ ন্যায়ালয়ে যোৱা ৬ ফেব্ৰুৱাৰীত জামিনত মুকলি কৰি দিছিল পিটাৰ মুখাৰ্জীক। ইয়াৰ পিছতে চিবিআইয়ে আদালতত জামিনৰ উক্ত নিৰ্দেশ স্থগিত ৰাখিবলৈ আবেদন দাখিল কৰে। চিবিআইয়ে আদালতক জনায় যে বিষয়টো অতিশয় স্পৰ্শকাতৰ বাবে পিটাৰ মুখাৰ্জীক জামিনত মুকলি কৰি দিলে তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মাৰ সম্ভাৱনা আছে। চিবিআইৰ উক্ত যুক্তিৰ পিছত আদালতে পুনৰ জামিন প্ৰদানৰ নিৰ্দেশ স্থগিত ৰাখে।