নতুন দিল্লীঃ চুবুৰীয়া দেশ বাংলাদেশৰ সৈতে ২২ টাকৈ চুক্তিত স্বাক্ষৰ কৰিছে ভাৰতে। ৰাজধানী চহৰ দিল্লীৰ হায়দৰাবাদ হাউচত হোৱা দ্বিপাক্ষিক আলোচনাত প্ৰথমবাৰৰ বাবে ভাগ লোৱা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু ভাৰতৰ নৰেন্দ্ৰ মোদীয়ে মুলতঃ সামৰিক, সুৰক্ষা আৰু অসামৰিক পাৰমাণৱিক দিশ সামৰি মুঠ ২২ টা চুক্তি সম্পন্ন কৰে৷

সামৰিক সা-সামগ্ৰী ক্ৰয় কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰখনক ভাৰতে ২৮ হাজাৰ কোটি ধাৰ দিয়াৰ কথা ঘোষণা কৰে৷ বাংলাদেশৰ উন্নতিৰ বাবে ভাৰতে পাৰ্যমানে সহায়ৰ হাত আগবঢ়াব বুলি উল্লেখ কৰে মোডীয়ে৷ তদুপৰি সন্ত্ৰাসৰ বিৰুদ্ধে দুয়োখন দেশে একেলগে কাম কৰিব বুলি আশ্বাস দিয়ে মোডীয়ে৷ আনহাতে শ্বেইখ হাছিনাৰ সন্ত্ৰাসবাদ বিৰোধী নীতিকো উচ্চ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে৷

জুলাইৰ পৰাই কলকাতাৰপৰা সদায় বাংলাদেশলৈ যাত্ৰীবাহী ৰেলসেৱা আৰম্ভ কৰাৰ কথাও ঘোষণা কৰা হয়। শনিবাৰে শ্বেইখ হাছিনা উপস্থিত হয় দিল্লীত৷ আজিৰ এই চুক্তিৰ পিছতেই হাছিনাই ১৯৭১ৰ বাংলাদেশৰ স্বাধীনতাৰ ছহিদ ভাৰতীয় সৈনিৰসকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷  

চাৰিদিনীয়া এই ভ্ৰমণ সুচীত শ্বেখ হাছিনাই সোমবাৰে দেশৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ লগত এক আলোচনাত মিলিত হ’ব৷ আনহাতে তিস্তা সম্পৰ্কীয় কোনো ধৰণৰ আলোচনা আজি সম্ভৱ নহ’ল৷ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিচত শ্বেখ হাছিনাৰ এইটো প্ৰথম ভাৰত ভ্ৰমণ।