newsnextone.com | ডিজিটেল ডেস্কঃ অযোধ্যাৰ ভূমি বিবাদক লৈ আদালতত গোচৰ চলি থকাৰ মাজতে ছিয়া ৱাকফ বৰ্ডে মন্দিৰ নিৰ্মাণৰ বাবে ভূমি এৰি দিব খোজে৷ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিজৰ ভাগৰ এক তৃতীয়াংশ ভূমি হিন্দুৰ মন্দিৰৰ বাবে এৰি দিবলৈ সাঁজু হৈছে ৱাকফ বৰ্ড৷ শুকুৰবাৰে এই কথা অৱগত কৰে ৱাকফ বৰ্ডে৷ এলাবাবাদ উচ্চ ন্যায়ালয়ে ছিয়া বৰ্ডক দিয়া ভূমি এৰি দিবলৈ সাজু হয়৷ 

ছিয়া ৱাকফ বৰ্ডৰ সফাপতি ৱাছিম ৰিজভিৰ মতে, অযোধ্যাত কোনো মছজিদ নাছিল৷ ভৱিষ্যতেও নাথাকিব৷ অযোধ্যা ৰামৰ জন্মভূমি৷ তাত ৰাম মন্দিৰে তৈয়াৰ হ’ব৷ বাবৰৰ অনুগামীসকলে এই ক্ষেত্ৰত হাৰ মানিব লাগিব৷ আনহাতে ছুন্নি ৱাকফ বৰ্ডে ছিয়া ৱাকফ বৰ্ডক উভতি ধৰি এই ক্ষেত্ৰত ছিয়া ৱাকফ বৰ্ডৰ মত দিয়াৰ অধিকাৰ নাই বুলি কয়৷ ছুন্নি ৱাকউ বৰ্ডৰ অধিবক্তা ৰাজীৱ ধাৱানে কয় যে তালিবানে যেনদৰে বামিয়ান ধ্বংস কৰিছে তেনেদৰে হিন্দু তালিবানে বাবৰি মছজিদ ধ্বংস কৰিছে৷ 

এই ক্ষেত্ৰত শীৰ্ষ আদালতক আবেদন জনোৱা হৈছিল যদিও শুনানিৰ বাবে সংবিধান বেঞ্চলৈ আবেদন প্ৰেৰণ কৰে৷ বৰ্তমান অযোধ্যাৰ ভূমি বিবাদৰ গোচৰ শীৰ্ষ আদালতত চলি আছে৷