newsnextone.com | শ্বিলংঃ যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ কনভেনচন চেণ্টাৰত বৃহস্পতিবাৰে দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত কৰিব শুনানি৷ ৰাজ্যৰ খনৰ চৰকাৰে ইতিমধ্যে এই সংশোধনী বিধেয়কক নাকচ কৰি মত পোষণ কৰিছে৷ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ কেবিনেটে ইতিমধ্যে কেবিনেট সিদ্ধান্ত লৈ এই সংশোধনী বিধেয়কক নাকচ কৰিছে৷ তাৰ পিছতে ৭ মে’ত গুৱাহাটী মহানগৰীৰ খানাপাৰত, ৮-৯ মে'ত শিলচৰত শুনানি অনুষ্ঠিত কৰাৰ লগতে ১০-১১ মে'ত শ্বিলংত যুটীয়া সংসদীয় সমিতিয়ে শুনানি অনুষ্ঠিত কৰিব৷

৮ আৰু ৯ মে’ত অসমৰ বৰাক উপত্যকাৰ শিলচৰত শুনানি গ্ৰহণ কৰে যুটীয়া সংসদীয় সমিতিয়ে। বৰাক উপত্যকাৰ শিলচৰৰ এনআইটিত যুটীয়া সংসদীয় সমিতিয়ে শুনানি গ্ৰহণ কৰি বুধবাৰে নিশা গুৱাহাটীলৈ আহে৷ ৮ আৰু ৯ মে’ত কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ জিলাৰ দল-সংগঠন আৰু ব্যক্তি বেশেষ সাক্ষ্য গ্ৰহণ কৰি হস্পতিবাৰে চুবুৰীয়া ৰাজ্য মেঘালয়ত উপস্থিত হৈছে যুটীয়া সংসদীয় সমিতি৷ 

যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাল, সাংসদ সুস্মিতা দেৱ, ৰমেন ডেকা, ভূৱনেশ্বৰ কলিতা, কামাখ্যা প্ৰসাদ তাছা উপস্থিত হয়৷ যুটীয়া সংসদীয় সমিতি উপস্থিত হোৱাৰ পূৰ্বেই ফেডাৰেচন অৱ খাচী জয়ন্তীয়া এণ্ড গাৰো পিপলছ চমুকৈ FKJGP-এ প্ৰতিবাদ সাব্যস্ত কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে৷ 

ফেডাৰেচন অৱ খাচী জয়ন্তীয়া এণ্ড গাৰো পিপলছ চমুকৈ FKJGP-এ বুধবাৰে কিয়াং নংবাত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিধেয়কৰ বিৰুদ্ধে৷ শ্বিলংত ১০ আৰু ১১ মে’ত শুনানি লবলৈ অহাৰ পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ পিছতে অসমৰ পৰা যোৱা আলোচনাপন্থী আলফাৰ দল এটাৰ সৈতে লগলাগি ফেডাৰেচন অৱ খাচী জয়ন্তীয়া এণ্ড গাৰো পিপল চমুকৈ FKJGP-এ পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে বৃহস্পতিবাৰে।আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ উপস্থিতিত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷

৭ মে’ত গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয় চৰকাৰে লব বিচৰা অসম ধ্বংসকাৰী সিদ্ধান্তক বিৰোধিতা কৰি ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতাই তথা ব্যক্তি বিশেষে মত দান কৰে৷ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন নকৰাৰ কথা সোমবাৰে স্পষ্ট কৰে অসমৰ ৰাইজে৷ মুঠৰ ওপৰত মহানগৰীৰ খানাপাৰাত ০৭ মে’ত অসমৰ ৰাইজে একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিলে৷

আনহাতে, সংসদীয় যুটীয়া সমিতিয়ে বৰাক উপত্যকাৰ ৩ খন জিলাত ২ দিন আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৩০ খন জিলাৰ বাবে এদিন শুনানি অনুষ্ঠিত কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ একাংশ ব্যক্তি বিশেষে তথা সংগঠনে গুৱাহাটীত কমেও দুদিনৰ বাবে শুনানি অনুষ্ঠিত কৰাৰ দাবী জনায়৷ তাৰ মাজতে কৃষ মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীত দুদিন, নামনি, উত্তৰ অসমত এদিনকৈ আৰু পাহাৰীয়া জিলা দুখনত দুদিন শুনানি গ্ৰহণ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে৷ 

খানাপাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় ৫ শতাধিক নেতা-কৰ্মীয়ে অখিল গগৈৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ তাৰ পিছতে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই প্ৰয়োজন হ’লে প্ৰত্যেকখন জিলাত শুনানি গ্ৰহণৰ আশ্বাস দিয়ে ৭ মে’ৰ নিশা। পুনৰ শুনানি সন্দৰ্ভত যুটীয়া সমিতিয়ে দিন নিৰ্ধাৰণ কৰিব বুলি কয়