শিৱসাগৰঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলা বিভিন্ন ইতিহাসপ্ৰসিদ্ধ সমলেৰে ভৰপূৰ৷ স্থাপত্য-ভাস্কৰ্য, শিল্পকলাৰে চহকী জিলাখনত আছে বহুতো দৌল-দেৱালয়৷ ছয়শ বছৰীয়া আহোম ৰাজত্ব কালত স্থাপিত এই কীৰ্তিচিহ্ন বিলাকে অসমক বিশ্ব দৰবাৰত পৰিচয় কৰি দি আহিছে বহু সময়ত৷

কিন্তু পূৰ্বৰ চৰকাৰ সমূহে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ,ঐতিহাসিক সমলসমূহৰ বিষয়ে চিনাকি কৰি দিব পৰাকৈ যেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনেদৰে পদক্ষেপ লোৱা দেখা নাযায়।বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ মহোৎসৱ তথা বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাছিল। 

শেহতীয়াকৈ ৰাজ্য চৰকাৰ তথা শিৱসাগৰ জিলা প্ৰশাসনে ব্যতিক্ৰম কাৰ্যসূচী অনুষ্ঠিত কৰি পৰ্যটকক আকৰ্ষণ কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। শিৱসাগৰ প্ৰশাসনে শিৱৰাত্ৰী মহোৎসৱ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।

 ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ থকা শিৱসাগৰ নগৰৰ বৰপুখুৰীৰ পাৰত অৱস্থিত শিৱদৌলৰ আছে এক সুকীয়া পৰিচয়৷ দেশৰ ভিতৰতে সৰ্বোচ্চ এই দৌলটো আহোম ৰজা শিৱসিংহই ৰাণী অম্বিকা দেৱীৰ নিৰ্দেশক্ৰমে ১৭৩১ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল৷ সোণৰ কলচীৰে সৈতে কৰ্দৈসীৰিয়া আকৃতিৰ শিৱদৌল প্ৰাংগনত প্ৰতি বছৰে অনুষ্ঠিত হয় মহা শিৱৰাত্ৰি উৎসৱ আৰু মেলা৷

বিগত বছৰবোৰৰ দৰে অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে শিৱৰাত্ৰী মহোৎসৱ৷ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ লোৱা শিৱৰাত্ৰী মহোৎসৱত এইবাৰ অংশগ্ৰহণ কৰিব বহু দেশী-বিদেশী পৰ্যটকে৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই মহোৎসৱক পৰিচয় কৰোৱাৰ লক্ষ্যৰে উদযাপন সমিতিয়ে হাতত লৈছে বহুতো ন ন পদক্ষেপ৷

ৰাইজক আকৰ্ষণ কৰিব পৰাকৈ শিৱ মহোৎসৱৰ লগত সংগতি ৰাখি ৰাজধানী ৰংপুৰত চলিব দুটাকৈ শক্তিশালি ঘোঁৰাই টনা পুস্পক ৰথ ৷ উল্লেখ্য যে, যোৰহাট মৰিয়নীৰ চেভেন চিষ্টাৰ টৌৰ এণ্ড ট্ৰেভেলচ’ৰ উদ্যোগত শিৱসাগৰ কালুগাঁৱৰ এজন উদ্যমী যুৱকে আহোমৰ ৰাজধানী ৰংপুৰস্থিত ৰংঘৰ, তলাতল ঘৰ আৰু জয়সাগৰক কেন্দ্ৰ কৰি আৰম্ভ কৰিছে এই ৰথ যাত্ৰাৰ সুবিধা৷

জানিব পৰা মতে, ব্যৱসায় ভিত্তিত আৰম্ভ কৰা এই ব্যৱস্থাই পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’লে ৰংপুৰৰ ৰথ যাত্ৰাৰ সুবিধাই স্থায়িত্ব লাভ কৰিব৷ আনহাতে, আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ পৰ্যটক সকলক আকৰ্ষণ কৰিবলৈ সম্পুৰ্ণ ৰূপে সাজু হৈ আছে শিৱসাগৰ জিলাৰ দিচাংমুখৰ আদৰ্শ হস্ততাঁত-বস্ত্ৰশিল্পৰ গাঁও হিচাপে পৰিচিত লিগিৰীবাৰীৰ শিপিনীসকল৷

মিচিং সাজ পাৰৰ লগতে বিভিন্ন ধৰণৰ হস্ত নিৰ্মিত সা-সামগ্ৰী   হস্ত বিক্ৰীৰ বাবে সাজু কৰিছে মিচিং শিপিনী সকল ৷ মিচিং হস্ততাঁত বস্ত্ৰশিল্পক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ এই সোণালী সুযোগৰ সদ ব্যৱহাৰ কৰাত অলপো গাফিলতি কৰা নাই জিলা হস্ততাঁত বস্ত্ৰশিল্প বিভাগে৷

উল্লেখ্য যে, যি সকল পৰ্যটকে দিচাংমুখৰ দৰে প্ৰকৃতিৰ ৰম্যভূমিত মিচিং জনগোষ্ঠীয় লোকসকলৰ আতিথ্যত নিশা যাপন কৰাৰ লগতে জনগোষ্ঠীয় খাদ্য সম্ভাৰ আৰু নৃত্য-গীতৰ সোৱাদ ল’ব বিছাৰে সেইসকল পৰ্যটকৰ বাবে সম্পূৰ্ণ ৰূপত সাজু হৈ আছে দিচাংমুখবাসী ৷