শিৱসাগৰঃ ছয়শ বছৰীয়া আহোম ৰাজত্ব কালত নিৰ্মিত ইতিহাস বিজড়িত এক সুন্দৰ নিদৰ্শন হ’ল ‘শিৱদৌল’৷ স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত ৰাণী অম্বিকা দেৱীৰ নিৰ্দেশমৰ্মে ১৭৩১ খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে কৰ্দৈশিৰীয়া এই শিৱদৌলটো নিৰ্মাণ কৰিছিল ৷

ঐতিহাসিক শিৱসাগৰ নগৰৰ বৰপুখুৰীৰ পাৰৰ দৌলটোত বিশ্বাস অনুযায়ী শিৱভক্তৰ দ্বাৰা নিত্য-নৈমিত্তিক শিৱৰ পূজা-আৰাধনা কৰা হয়৷ প্ৰতি বছৰে শিৱদৌলৰ প্ৰাংগনত পূৰ্বৰ পৰম্পৰা অনুসৰি পালন কৰি অহা মহাশিৱৰাত্ৰী মেলা গত বৰ্ষতো উলহ মালহেৰে আয়োজন কৰিবলৈ লৈছে শিৱসাগৰৰ জিলা প্ৰশাসনৰ লগতে শিৱসাগৰ দৌল উন্নয়ন সমিতিয়ে ৷

ঐতিহ্যমণ্ডিত শিৱদৌলত এইবাৰ মহাশিৱৰাত্ৰী পূজা আৰু মেলা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷ বহু দেশী-বিদেশী পৰ্যটকৰ সমাগম ঘটিব লগা এই মহোৎসৱ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈকে শিৱসাগৰ ব’ৰ্ডিং খেলপথাৰত আয়োজন কৰা হৈছে ৷

উল্লেখ্য যে, এই মহোৎসৱত আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান, ফ্ৰান্স, ইটালি, ৰোমানিয়া আদি দেশৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব ৷ উক্ত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ লগত সংগতি ৰাখি মংগলবাৰে শিৱদৌল প্ৰাংগনত উন্মোচন কৰা হয় এক শুভংকৰ ৷ এই শুভংকৰ প্ৰস্তুত কৰি উলিওৱা হৈছে শিৱৰ অনুচৰ 'নন্দীৰ' আৰ্হিত ৷ এই উপলক্ষে  শিৱদৌল প্ৰাংগনত অনুষ্ঠিত এক অনুষ্ঠানত  শুভংকৰ 'নন্দী' উন্মোচন কৰে শিৱসাগৰ জিলা উপায়ুক্ত তথা আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি নাৰায়ণ কোঁৱৰে ৷

শিৱসাগৰৰ চক্র বিষয়া সম্প্ৰীতি গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত 'নন্দী' উন্মোচন কৰি জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰে কয় ,শিৱসাগৰক পৰ্যটন নগৰী হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত এই আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ এক মাইলৰ খুঁটি হৈ ৰ'ব ৷ বিদেশী পৰ্যটক অবিহনে শিৱসাগৰ কেতিয়াও পৰ্যটন নগৰী হ'ব নোৱাৰে ৷ সেয়ে এই শিৱৰাত্ৰি উৎসৱক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰি ইয়াৰ দ্বাৰা বিদেশী পৰ্যটকক আকৰ্ষণৰ প্ৰয়াস কৰা হৈছে ৷

উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব লগীয়া এই আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে উদযাপন সমিতিয়ে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছে ৷ কালি এক বিশাল বাইক ৰেলীয়ে শিৱসাগৰ ভ্রমণ কৰাৰ পাছত আয়োজক সমিতিয়ে গ্ৰহণ কৰিছে অন্য এক বিশেষ উদ্যোগ ৷ সেই অনুসৰি আজি উন্মোচন কৰা শুভংকৰ 'নন্দী'য়ে ভ্রমণ কৰিব সমগ্ৰ উজনি অসম ৷

শিৱসাগৰকে ধৰি ডিব্রুগড়,তিনিচুকীয়া,যোৰহাট, গোলাঘাট,কাজিৰঙাৰ কঁহৰা পৰ্যন্ত শুভংকৰ 'নন্দী' ভ্রমণ কৰিব ৷ এই ভ্ৰমণকালত জনসাধাৰণৰ মাজত বিতৰণ কৰা হ’ব হাজাৰ হাজাৰ প্ৰচাৰ পত্ৰ ৷ আনহাতে, আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ দিনকেইটাৰ বাবে এই 'নন্দী'ক শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বৰ্ডিং খেলপথাৰত স্থাপন কৰা হ’ব বুলি উপায়ুক্ত মহোদয়ে জানিবলৈ দিয়ে ৷

আনহাতে, এই উন্মোচনী অনুষ্ঠানৰ পূৰ্বে জিলা উপায়ুক্ত গৰাকীয়ে মহোৎসৱৰ প্ৰস্তুতি সন্দর্ভত বুজ ল’বলৈ আয়োজক সমিতিৰ অন্তগৰ্ত বিভিন্ন উপ-সমিতিসমূহৰ লগত এক বৈঠকত মিলিত হয় ৷ উক্ত বৈঠকত শিৱসাগৰৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, জিলা উন্নয়ন আয়ুক্ত অভিজিত বৰুৱা, অতিৰিক্ত উপায়ুক্ত অশ্বিনী কুমাৰ দলে, ৰাজহ চক্র বিষয়া সম্প্ৰীতি গোস্বামী,সহকাৰী আয়ুক্তদ্বয় প্ৰিয়াংকু জোতি শৰ্মা আৰু প্ৰাঞ্জল দাস,শিৱসাগৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপৰিও দৌল উন্নয়ন সমিতিৰ বিষয়ববীয়াৰ লগতে সংবাদ মাধ্যম আৰু বিভিন্ন দল-সংগঠনৰ প্রতিনিধিয়ে অংশগ্রহণ কৰে ৷