newsnextone.com |  ডিজিটেল ডেস্কঃ হিন্দী বোলছবি 'নায়ক'ত অনিল কাপুৰক ২৪ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰীৰ পদ এৰি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। অনিলে কাপুৰে মুখ্যমন্ত্ৰী হৈ ৰাজ্যৰ পৰিস্থিতি সলনি কৰিছিল। বাস্তৱতত এনে কৰিব পৰা নোৱাৰি যদিও মহাৰাষ্ট্ৰৰ বিজেপিৰ চৰকাৰৰ সহযোগী শিৱসেনা দলে নায়ক বোলছবিৰ দৰেই এগৰাকী মহিলা মন্ত্ৰীক এক ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰী বনাব খোজে। প্ৰকৃততে বিজেপি আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী পংকজা মুণ্ডেক তীব্ৰ আক্ৰমণ তীব্ৰ কৰে শিৱ সেনাই । 

মহাৰাষ্ট্ৰত মাৰাঠাসকলে আৰক্ষণৰ দাবীত যোৱা কেইবাটাও দিন ধৰি হিংসাত্মক প্ৰতিবাদ কৰি অহাৰ সময়তে মন্ত্ৰী পংকজা মুণ্ডেয়ে কয় যে মাৰাঠা সংৰক্ষণৰ ফাইল যদি  মোৰ ওচৰলৈ আহিল হেতেন তেন্তে মঞ্জুৰি দিলোহেতেন। এই মন্তব্য প্ৰকাশ কৰাৰ পিছতে বিজেপি মন্ত্ৰী পংকজাক আক্ৰমণৰ লক্ষ্য কৰি লয় শিৱ সেনাই।   

মহাৰাষ্ট্ৰত বিজেপিয়ে শিৱসেনাৰ সৈতে লগ লাগি চৰকাৰ চলাই আছে। বিভিন্ন সময়ত বিজেপি দল আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শিৱসেনাই তীব্ৰ বাক্যবাণ কৰি আহিছে।ইয়াৰ মাজতে বিজেপি চৰকাৰক পংকজা মুণ্ডেক ১ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰী পদ দিবলৈ আহ্বান জনাই শিৱ সেনাই। শিৱসেনাই কয় যে ১ ঘণ্টা পংকজা মুণ্ডেক মুখ্যমন্ত্ৰী বনোৱা হওঁক আৰু মাৰাঠাৰ আৰক্ষণৰ ফাইলে মঞ্জুৰী লাভ কৰক।

শিৱসেনাই কয় যে যদি মুণ্ডে এক ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰী হয় তেন্তে কোনো বাধা আহি নপৰিব। তেওঁ এপলকতে ফাইলত স্বাক্ষৰ কৰিব দিব। ইয়াৰ লগে লগে মাৰাঠা আন্দোলন সমাপ্ত হ'ব আৰু শান্তি আহিব।