ডিজিটেল ডেস্কঃ সততে নেতাৰ গালৈ জোতা দলিওৱা দেখা যায় যদিও এইবাৰ সাংবাদিকৰ গালৈহে জোতা দলিওৱাৰ প্ৰস্তাৱ দিছে এগৰাকী মন্ত্ৰীয়ে।

দেৱেন্দ্ৰ ফাৰনাভিচৰ নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰতাপী মন্ত্ৰী এগৰাকীয়ে সংবাদিকক জোতা মাৰিব লাগে বুলি কৈ বিতৰ্কত সোমাই পৰিছে।

সামাজিক ন্যায় মন্ত্ৰী দিলীপ কামলেয়ে অলপতে ৰাজ্যখনৰ হিংগোলী অঞ্চলত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদমাধ্যক লৈ এক বিতৰ্কিত মন্তব্য কৰে। 

সাংবাদিকে হেনো যিহকে পায় তাকেই লিখে। সেয়ে সংবাদিকক জোতা মাৰিব লাগে বুলি গুৰুত্বপূৰ্ণ পদবীধাৰী মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।

আনকি ইয়াৰ বাবে তেঁওক বিজেপিয়ে প্ৰশিক্ষণো দিয়া বুলি ৰগৰ কৰি কয় মন্ত্ৰীগৰাকীয়ে। ফেচবুকত এই বিষয়ক লৈ চৰ্চা আৰম্ভ হৈছে।

জনসত্বা নামৰ নিউজ পৰ্টেলটোত এই বাতৰি প্ৰকাশ পোৱাৰ পিছত খেনোৱে আকৌ এবিপি আৰু জিনিউজকো জোতা মাৰিবলৈ পৰামৰ্শ দিয়া দেখা গৈছে।