হাতীগাঁওঃ গুৱাহাটী মহানগৰীত অস্ত্ৰ লৈ বিনাদ্বিধাই ঘুৰিব পাৰে দুৰ্বৃত্তই। তাৰ প্ৰমাণ পোৱা গ’ল বুধবাৰে নিশা প্ৰায় ৯ বাজি ৫ মিনিটত। নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি মহানগৰীৰ মাজমজিয়াত এখন আৰক্ষী থানাৰ পৰা কিছু নিলগত বাইকত অহা দুজনীয়া দুৰ্বৃত্তই শূণ্য দুৰত্বৰ পৰা এগৰাকী যুৱ ব্যৱসায়ীক মূৰত গুলীয়াই হত্যা কৰাৰ ঘটনাই ইয়াকেই প্ৰমাণ কৰিলে।

সেনা-আৰক্ষী, অৰ্ধসামৰিক বাহিনী গিজগিজাই থকা মহানগৰীত এনেদৰে এগৰাকী ব্যৱসায়ীক গুলয়াই হত্যা কৰি দুৰ্বৃত্তই নিৰ্বিঘ্নে উধাও হোৱাৰ ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। ৰাজধানী মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া হৈ থকা বুলি মহানগৰ আৰক্ষীয়ে দাবী কৰি আহিছে যদিও এখন আৰক্ষী থানাৰ সমীপতে এগৰাকী ব্যৱসায়ীক এনেদৰে হত্যা কৰি থৈ যোৱাৰ ঘটনাই মহানগৰীৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বিষয় প্ৰশ্ন উত্থাপন হৈছে।

জানিব পৰা মতে, বুধবাৰে নিশা প্ৰায় ৯ বাজি ৫ মিনিটত এখন বাইকত অহা দুই দুৰ্বৃত্তই হাতীগাঁও আৰক্ষী থানাৰ সমীপৰ হেমন্ত চিচোড়িয়া নামৰ ব্যৱসায়ীগৰাকীক ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি গৃহ অভিমুখে গৈ থকা সময়তে পিছফালৰ পৰা মূৰত গুলীচালনা কৰে।

জানিব পৰা মতে, থানাখনৰ সমুখতে হেমন্তৰ ব্যৱসায়ীক প্ৰতিষ্ঠান আছিল। আন দিনাৰ দৰে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি বেলতলা হাতীগাওঁ পথেৰে গৈ আছিল হেমন্ত। তেনে সময়তে অনুমান কৰা মতে পালছাৰ বাইক এখন তেওঁৰ কাষতে ৰাখি কোনো কথাৰ অৱতাৰণা নকৰাকৈ চিধাই মূৰত গুলী মাৰি দুৰ্বৃত্তই নিৰ্বিঘ্নে আঁতৰি যাবলৈ সক্ষম হয়। তাৰ পিছতে হাতীগাওঁ অঞ্চলত হুৱা-দুৱা লাগে।

প্ৰথম অৱস্থাত ৰাইজে কি হৈছিল ধৰিব পৰা নাছিল যদিও হেমন্তৰ তেজেৰ লুতুৰি-পুতুৰি দেহ প্ৰত্যক্ষ কৰি একাংশ লোকে হেমন্তক দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। এই ঘটনাৰ পিছতে মহানগৰ আৰক্ষী সতৰ্ক হৈ পৰে আৰু বিভিন্ন অঞ্চলত তালাচী চলায়।মহানগৰ আৰক্ষীয়ে দুৰ্বৃত্তক শীঘ্ৰে আটক কৰিব পৰা যাব বুলি কয়।

জানিব পৰা মতে, এয়া ধনদাবীৰ ঘটনা হ’ব পাৰে বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে দুৰ্বৃত্তক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও ঘটনা সংঘটিত হোৱাৰ দুই ঘণ্টা হৈ যোৱাৰ পিছতো কোনো লোকক আটক কৰিব পৰা নাই। আনহাতে হাতীগাওঁ আৰক্ষী থানাৰ সমুখত একাংশ লোকে সমৱেত হোৱা পৰিলক্ষিত হৈছে।