ডিজিটেল ডেস্কঃ জেট বিমান ডুবাইৰ পৰা মুম্বাই অভিমুখে নিশা ৯-৩০ বজাত উৰা মাৰিব শ্ৰীদেৱীৰ নশ্বৰ দেহ লৈ৷ আশা কৰে মতে পুৱাই ৩ বজাত মুম্বাই আহি পাব৷ সোমবাৰে পুৱা ৭-১০ বজালৈকে শ্ৰদ্ধাঞ্জলি যাচিব বহু লোকে৷ তাৰ পিছত পাৰ্লিৰ পৱনহংস শ্মশানত দিনৰ এক বজাত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব৷ অভিনেত্ৰী দিব্য দত্তই কয় ‘‘তেও বিশেষ আছিল৷ তেওঁ বিস্ময়কৰ অভিনেত্ৰী, চুপাৰষ্টাৰ আছিল৷ তেও ৰোল মডেল আছিল৷ মই তেওৰ পৰিয়ালক সমৱেদনা জ্ঞাপন কৰিছো৷ এয়া বহুত ডাঙৰ ক্ষতি৷ ভগৱানে তেওঁৰ আত্মাক শান্তি দিয়ক৷

৫৪ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বলিউডৰ ডিবা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীয়ে৷ অভিনেতা মোহিত মাৰৱাহৰ ডুবাইত অনুষ্ঠিত হোৱা বিয়াৰ পাৰ্টিত অংশ লবলৈ গৈছিল শ্ৰীদেৱীয়ে৷ বিবাহৰ অনুষ্ঠান সমাপ্ত হোৱাৰ পিছতেই শ্ৰীদেৱীয়ে পতি বনি কাপুৰ আৰু কন্যা মুম্বাইলৈ উভতি আহে৷ শ্ৰীদেৱীয়ে ডুবাইতে থাকে৷

জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত শ্ৰীদেৱীয়ে হোটেলৰ বাথৰুমত পৰি গৈছিল তাৰ পিছতে হৃদৰোগত আক্ৰান্ত হয়৷ কিছু সময় পিছতেই মৃত্যুক আকোৱালি লয় শ্ৰীদেৱীয়ে৷ এই খবৰ ৰাজহুৱা হোৱাৰ পিছতেই সমগ্ৰ বিশ্বৰ শ্ৰীদেৱীৰ গুণগ্ৰাহীৰ মাজত শোকৰ ছাঁ পৰে৷ ভাৰত বৰ্ষত অভিনেত্ৰীগৰাকীৰ ফেন সকলে ম্ৰিয়মান হৈ পৰে৷ আনহাতে বলিউডৰ তাৰকাৰ লগতে ক্ৰিকেটাৰ, ৰাজনৈতিক দলৰ নেতাই শোক প্ৰকাশ কৰে৷ 


>>ডুবাইৰ ভাৰতীয় দূতাৱাসৰ বিষয়াই স্থানীয় প্ৰশাসনৰ সহায়ত শ্ৰীদেৱীৰ নশ্বৰ দেহ বিশেষ বিমানেৰে ভাৰতলৈ আনিব৷ বৰ্তমানলৈ নশ্বৰ দেহ মুম্বাই আহি পোৱা নাই৷

>>জানিব পৰা মতে মৰণোত্তৰ পৰীক্ষা কৰাৰ সম্ভৱনা আছে৷ ফৰণচিক ৰিপৰ্টো লোৱা হ’ব৷

>>নেচাৰেল মৃত্যু আখ্যা দিয়া হৈছে৷ তেওৰ মৃতদেহ ডুবাই আৰক্ষীৰ হেড কোৱাৰ্টাৰ অল কুচেচত ৰখা হৈছে৷ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা স্থনীয় আৰক্ষীৰ বিষয়াৰ দল মৃতদেহৰ চোৱা চিতাৰ বাবে নিয়োগ কৰা হয়৷

>>এমাইৰেট টাৱাৰত নিশা ১১ বজাত সংঘটিত হৈছিল ঘটনা৷ ডুবাইতো শোকৰ ছাঁ পৰে৷ স্থানীয় সংবাদ মাধ্যমে বাতিৰ সম্প্ৰচাৰ কৰে৷ 

>>নিশা ১১ বজাত এমাইৰেট টাৱাৰৰ বাথৰুমত পৰাৰ পিছতেই সমীপৰ এখন চিকিৎসালয়ত নিয়া হৈছিল যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ 

>>মুম্বাই বিমান বন্দৰ কৰ্তৃপক্ষৰ মতে গধুলি এখন চাৰ্টাৰ বিমানে নশ্বৰ দেহ লৈ আহিব৷

>>ইউএইৰ ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ মতে শ্ৰীদেৱীৰ পৰিয়াল আৰু ৰাষ্ট্ৰদূতৰ কাৰ্যালয় ডুবাই প্ৰশাসনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছে৷ 

>>শ্ৰীদেৱীৰ মুম্বাইৰ ঘৰৰ বাহিৰত হাজাৰ হাজাৰ লোকৰ সমাৱেশ৷

>>প্ৰথমে বলিউডৰ যশস্বী অভিনেতা অমিতাভ বচ্চনে কয় ‘পাতা ন্যেহী কিউ আজাব চা মেহচুচ ক’ৰ ৰহা হু’

>>প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি শোক প্ৰকাশ কৰে৷ অভনেত্ৰীগৰাকীৰ অসময়ত আৰু হঠৎ মৃত্যু হ’ল৷ দীৰ্ঘ সময়ত তেও বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিছে৷ মই এনে দূখৰ সময়ত পৰিয়ালৰ সৈতে আছো৷ তেওৰ আত্মাই শান্তি পাওক৷
 
>>প্ৰিয়ংকা চোপ্ৰাই কয় ‘মোৰ সৈতে শব্দ নাই৷ শ্ৰীদেৱীক ভাল পোৱা সকলো লোকক সমবেদনা জানাইছো৷ দূখৰ দিন৷ তেওৰ আত্মাই শান্তি পাওক৷ 

>>জনি লিভাৰে কয় ‘মই সমৱেদনা জনাই পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনাইছো৷ মই এই খবৰ শুনি আহত হৈছো৷ তেওঁ আমাৰ মাজত নাই বুলি মানি লব পৰা নাই৷ ইশ্বৰে তেওৰ আত্মাক শান্তি দিয়ক৷’

>>সিদ্ধাৰ্থ মালহোত্ৰাই কয় ‘শ্ৰীদেৱী মেম আপুনি আৰু নাই৷ এই মানি লব পৰা নাই আৰু আহত হৈছো৷ আপোনাৰ আত্মাই শান্তি পাওক’৷ 

>>ৰাজ কুন্দ্ৰাই কয় ‘এই খবৰ শুনি হৃদয় ভাঙি গৈছে৷ মই আজিলৈ যিমান মানুহ লগ পাইছো তেও সকলোতকৈ স্নেনহময় আৰু দয়ালু আছিল৷ মই আহত হৈছো মোৰ কোনো শব্দ নাই কবলৈ৷ এই সময়ত পৰিয়ালৰ সকলোকে সাহস দিয়ক৷

>>ঋতেশ দেখমুশে কয় ‘হৃদয়ত খুন্দা মৰা খবৰ৷ মোৰ তাত কোনো শব্দ নাই৷ শ্ৰীদেৱী আৰু নাই৷ ইশ্বৰে তেওৰ আত্মাক শান্তি দিয়ক৷

>>সুস্মিতা সেন কয় ‘মই আহত হৈছো৷ মোৰ চকুলো নিগৰি আছে৷’

>>অভিনেত্ৰী নিৰ্মত কৌৰে কয় ‘কেনেকুৱা দূখৰ খবৰ এয়া’

>>আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱ টৰেন্ট কৰ্তৃপক্ষ কেমৰিণ বলিয়ে কয় ‘২০১২ চনত তেওৰ ইংলিছ-ভিংলিছ ফ্লিমৰ বাবে তেও আহিছিল৷ তেওৰ সংগ পাইছিলো৷ তেও ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী৷

 

>>ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে শ্ৰীদেৱীৰ মৃত্যুত কয় ‘‘মই ফিল্ম ষ্টাৰ শ্ৰীদেৱীৰ মৃত্যুত হতবাক হৈ গৈছো৷ তেও কোটি কোটি ফেনক এৰি গুচি গ’ল৷ তেওঁৰ স্মৃতি ইংলিছ-ভিংলিছ দক্ষতাই শিল্পীক প্ৰেৰণা দিছে৷ তেওঁৰ পৰিয়াল আৰু আপোন সকলক সমৱেদনা জনাইছো৷ >>অভিনেতা আমিৰ খানে কয় ‘‘অন্তৰত আঘাত দিয়া দূখৰ খবৰ৷ শ্ৰীদেৱী অসময়ত গুচি গ’ল৷ মই তেওৰ ভাল বন্ধু৷ তেওঁৰ পৰিয়ালৰ সকলোকে সমৱেদনা যাচিছো৷ মেম আদৰৰ সৈতে সদায় মনত ৰাখিম৷’’ >>অভিনেত্ৰী কাজলে কয় ‘‘মই হতবাক হৈ পৰিছো৷ মই তেওৰ হাঁহি থকা মূখ খন দেখা পাই আছো৷ বিশ্বাস নহয়৷ তেও নিজে এখন স্কুল আছিল৷ মই তেওৰ পৰা বহুত শিকিছো৷ তেওৰ মৃত্যু ডাঙৰ ক্ষতি’’ >>অভিনেত্ৰী কাজলে কয় ‘‘মই হতবাক হৈ পৰিছো৷ মই তেওৰ হাঁহি থকা মূখ খন দেখা পাই আছো৷ বিশ্বাস নহয়৷ তেও নিজে এখন স্কুল আছিল৷ মই তেওৰ পৰা বহুত শিকিছো৷ তেওৰ মৃত্যু ডাঙৰ ক্ষতি’’ >>Khaleej Timesৰ টুইট মতে, যিখন চিকিৎসালয়ত শ্ৰীদেৱীৰ মৰণোত্তৰ পৰীক্ষা কৰি থকা হৈছে তাত গুণগ্ৰাহীয়ে ভিৰ কৰে৷ নশ্বৰ দেহ এলাই অহালৈ সকলোৱে ৰৈ আছে৷ পচন্দৰ অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলী যাচিব৷ >>সুত্ৰৰ মতে, উদ্যোগপতি মুকেশ আম্বানীৰ ব্যক্তিগতজেট বিমানেৰে শ্ৰীদেৱীৰ নশ্বৰ দেহ লৈ অহা হ’ব৷ বিবাহৰ অনুষ্ঠান সমাপ্ত হোৱাৰ পিছৰে পৰা শ্ৰীদেৱীয়ে হোটেলৰ কোঠাৰ পৰা ওলোৱা নাছিল৷ >>সুত্ৰ মতে মুম্বাইৰ পৰা যোৱা জেট বিমান নিশা ৮ বজাত ডুবাইৰ পৰা নশ্বৰদেহ লৈ মুম্বাই অভিমুখে উৰা মাৰিব৷