ডিজিটেল ডেস্কঃ জাতিৰ পিতাই পঢ়া বিদ্যালয় বন্ধ কৰিলে গুজৰাট চৰকাৰে৷ ৰাজকোট চহৰৰ ১৬৪ বছৰীয়া এলফ্ৰেড বিদ্যালয়ত তলা ওলমালে ৰাজকোট নগৰ নিগমে৷

মহাত্মা গান্ধীৰ নামেৰে পৰিচিত এই বিদ্যালয়খনত সংগ্ৰাহলয়লৈ পৰিৱৰ্তন কৰা হ’ব৷ ১৮৫৩ চনত স্থাপিত এই বিদ্যালয়ৰ পৰা ১৮৮৭ চনত গান্ধীয়ে প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈছিল৷ বিগত বৰ্ষতে গুজৰাট চৰকাৰে এই ৰাজকোট নগৰ নিগমৰ এই প্ৰস্তাৱক অনুমোদন জনাইছিল৷

বিদ্যালয়খনত বৰ্তমান শিক্ষা গ্ৰহণ কৰি থকা ১২৫ জন শিক্ষাৰ্থীৰ বিদ্যালয় স্থানান্তৰণৰ কাম ইতিমধ্যে সম্পন্ন হৈছে৷ নগৰ নিগমৰ অধ্যক্ষই প্ৰকাশ পৰিছে যে সংগ্ৰাহলয়ৰ বাবে সৰ্বমুঠ ১০ কোটি টকাৰ প্ৰয়োজন হ’ব৷ যদিও এই বিদ্যালয়খন ঐতিহাসিক, কিন্তু বিগত বৰ্ষসমুহত বিদ্যালয়খনৰ শৈক্ষিক ফলাফল খুবেই হতাশাজনক আছিল৷