ডিজিটেল ডেস্কঃ বিতৰ্কৰ আৱৰ্তত থকা তিনি তালাকৰ সপেক্ষে মাত মাতিলে অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল’ ব’ৰ্ডৰ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিব্বালে৷ 

আজি উচ্চতম ন্যায়ালয়ত প্ৰাক্তন ছিব্বালে তিনি তালাকৰ সৈতে ইছলামধৰ্মী লোকসকলৰ আস্থা জড়িত হৈ আছে বুলি উল্লেখ কৰে৷ তদুপৰি তিনি তালাকক ৰামৰ জন্মভূমি অযোধ্যাৰ সৈতেও তুলনা কৰে অধিবক্তাগৰাকীয়ে৷ 

ছিব্বালে কয় যে অযোধ্যাক লৈ প্ৰশ্ন উত্থাপন কৰিলে যেনেদৰে হিন্দু সকলৰ আস্থাৰ ওপৰত প্ৰশ্ন উত্থাপিত হয়, ঠিক তেনেকৈ তিনি তালাকক লৈ প্ৰশ্ন উত্থাপন কৰিলে মুছলিম লোকসকলৰ আস্থাৰ ওপৰত প্ৰশ্ন কৰা হ’ব৷ 

আদালতত তিনি তালাকৰ সংশোধনী প্ৰস্তাৱৰ বিৰুদ্ধেও কেতবোৰ যুক্তি দাঙি ধৰে অধিবক্তাগৰাকীয়ে৷ ১৪০০বছৰ পুৰণি তিনি তালাকৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাটোকো অসংবিধানিক আখ্যা দিয়ে অধিবক্তা ছিব্বালে৷ আনকি হোৱাটছ এপৰ জৰিয়তে হোৱা বিচ্ছেদকো সুৰক্ষিত আখ্যা দিয়ে ছিবালে৷ 

উল্লেখ্য যে তিনি তালাকৰ সংশোধনীৰ বিষয়টো দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এখন বিশেষ বিচাৰপীঠৰ বিবেচনাধীন হৈ আছে৷