ডিজিটেল ডেস্কঃ দেশত এটাৰ পিছত এটাকৈ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত নাৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত প্ৰশ্নৰ উদয় হোৱাৰ সময়তে পুনৰাই পোহৰলৈ আহিছে আন এক এনে নৃশংস ঘটনা।

উত্তৰ-পূবৰ এগৰাকী ২২ বছৰীয়া মহিলাক চলন্ত গাড়ীতে তিনিজন লোকে দলৱদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, গুৰগাঁৱত দেওবাৰে এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছত যুৱতীগৰাকীক ৰাজধানী চহৰ দিল্লীৰ ৰাস্তাত পেলাই থৈ যায়।  

চেণ্ট্ৰেল দিল্লীৰপৰা গুৰগাঁৱৰ চেক্টৰ ১৭ত থকা ঘৰলৈ আহি থকাৰ অৱস্থাতে দুপৰীয়া ২ মান বজাত এনেদৰে যুৱতীগৰাকীক আক্ৰমণ কৰে ৩ জনকৈ লোকে। ঘৰ পোৱাৰ আগেয়ে যুৱতীগৰাকীক মাৰুটি চুইফট ডিজায়াৰ এখনত বলপূৰ্বক তুলি লৈ যায় অভিযুক্তই। ধৰ্ষণৰ পিছত নজাফগড়ৰ বাটত যুৱতীগৰাকীক পেলাই থৈ যায় অভিযুক্তই। 

উল্লেখ্য যে, চলিত মাহতে নিৰ্ভয়া কাণ্ডৰ অপৰাধীসকলৰ ৰায়দানৰ পিছতে হাৰিয়ানাৰ ৰোহটকত সংঘটিত হৈছিল আন এক লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ড। তাৰপিছতে এইবাৰ উত্তৰ-পূ্ৱৰ যুৱতী ধৰ্ষণৰ বলি হ'বলগীয়া হোৱাটোৱে সকলোকে উদ্বিগ্ন কৰি তুলিছে।