চিলাপথাৰঃ অগ্নগৰ্ভা অৰুণাচল প্ৰদেশৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰশাসনে সেনাৰ সহায় লৈছে৷ আইন-শৃংখলা ৰক্ষাৰ বাবে ঠায়ে ঠায়ে সেনাবাহিনী নিযোগ কৰা হৈছে৷

দেওবাৰে হিংসাত্মক পৰিস্থিতিৰ পাছত দ্বিতীয় দিনাও অগ্নিগৰ্ভা হৈ আছে চুবুৰীয়াৰ অৰুণাচল প্ৰদেশৰ পৰিস্থিতি। অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত অতীজৰেপৰা বসবাস কৰা দেউৰী, মিচিং সোনোৱাল, মৰাণ-মটক আদি জনগোষ্ঠীয়সমূহে স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ দাবী জনাই আহিছে।

এই দাবীৰ প্ৰতি সঁহাৰি জনাই অৰুণাচল প্ৰদেশ চৰকাৰে এই জনগোষ্ঠীকেইটাক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দিয়া হ’ব বুলি ঘোষণা কৰে৷ ইয়াৰ লগে লগে উত্তপ্ত হৈ পৰে চুবুৰীয়া ৰাজ্যখন৷ ৰাজ্যখনৰ ৰাইজে যিকোনো মূল্যৰ বিনিময়ত এই সুবিধা প্ৰদান নকৰে বুলি নাচোৰবান্দা হৈ আছে। 

কালি ইয়ৰ প্ৰতিবাদত দিয়া বন্ধৰ সময়ছোৱাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত আজিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা ঘটি আছে। যান-বাহনৰ লগতে সাধাৰণ লোকৰ বাহন জ্বলাই উত্তাল পৰিৱেশ সৃষ্টি কৰিছে প্ৰতিবাদকাৰীয়ে।

শনিবাৰে ৰাজ্যখনৰ খোদ উপমুখ্য মন্ত্ৰীৰ বাসভৱন পৰ্যন্ত জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে। ইপিনে ঘটনাটোক দুৰ্ভগীয়া আখ্যা দি সকলোকে সংযত  হ’বলৈ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সকলোকে আহ্বান জনাইছে।