newsnextone.com।নগাঁওঃঅসমৰ দৰদী কণ্ঠশিল্পী প্ৰয়াত খগেন মহন্তৰ সহোদৰ ভাতৃ তথা “শৰতৰ শেৱালি” খ্যাত সংগীত শিল্পী দীগেন মহন্ত এক বিশেষ ৰোগত আক্ৰান্ত হৈ বৰ্তমান মোম্বাইৰ টাটা মেম’ৰিয়েল হস্পিতালত চিকিৎসাধীন হৈ আছে ৷

জানিব পৰা মতে “অৰেল কেভিটি” নামৰ দুৰাৰোগ্য ৰোগ বিধত আক্ৰান্ত হৈ যোৱা ১২ ছেপ্টেম্বৰৰ পৰা মুম্বাইৰ অসম ভৱনত থাকি চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পীগৰাকীৰ এই দুঃসংবাদে জন্মভূমি জাজৰিৰ ৰাইজৰ লগতে নগাঁৱৰ সাংস্কৃতিক মহলকো ম্ৰিয়মান কৰি তুলিছে ৷ নগাঁৱৰ আমোলাপট্টি নাট্যমন্দিৰ,জ্যেষ্ঠ নাগৰিক সন্থা,কল্লোল গোষ্ঠী,অম্লান গোষ্ঠী,কিশলয় সাংস্কৃতিক গোষ্ঠী,নগাঁও লায়ণ্স ক্লাৱ, নগাঁও উকিল সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত নিবিড়ভাৱে জড়িত মহন্তৰ প্ৰচেষ্টাতে বিগত ২০০৭ খ্ৰীষ্টাব্দৰ ২৯ জুলাইত নগাঁৱৰ সমাজ জীৱনত জন্ম লাভ কৰিছিল “সুৰৰ পানচৈ শিল্পী সমাজ” নামৰ জনপ্ৰিয় সংগীত-সাহিত্য চৰ্চাৰ অনুষ্ঠানটিয়ে ৷

প্ৰকাশ যে, কেশৱ মহন্তই ৰচনা কৰা “এডাল দূবৰি বন তাৰো যে আছে এটা মন” শীৰ্ষক গীতটো দীগেন মহন্তৰ সংগীত জীৱনৰ প্ৰথম সুৰাৰোপিত গীত হিচাপে স্বীকৃতি পোৱাৰ বিপৰীতে সেই গীতটিৰ দ্বাৰাই শিল্পী পুলক বেনাৰ্জীয়ে আকাশবাণী কেন্দ্ৰত অডিচন দি কেন্দ্ৰৰ পৰা শিল্পী ৰূপে স্বীকৃতি লাভ কৰিছিল ৷ নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ “কলা মেঘৰ বুকু ফালি সূৰ্য উদয় হ’ল” শীৰ্ষক বিশ্ববিদ্যালয়ৰ স্থায়ী গীতটোৰ সুৰকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰা শিল্পী মহন্তৰ “বতাহ লাগি ইচাট বিচাট কপৌ ফুলৰ খোপাটি/পাৰি আনি সজাওহি যেন তোমাৰ ৰোপহ খোপাটি”,“তুমি ৰোৱা শেৱালি জুপি আজি প্ৰথম ফুলিছে”, ”অ’ শৰতৰ শেৱালি অকালতে কিয় গলি তই মৰহি” আদি চিৰসেউজ গীতবোৰে শ্ৰোতাৰ মন মন্দিৰত আজিও নিগাজীকৈ এখন সুকীয়া আসন দখল কৰি ৰাখিছে ৷সংবেদনশীল শিল্পী মহন্তই একালত অসমীয়া দৰ্শকৰ হৃদয় ৰাজ্যত তোলপাৰ সৃষ্টি কৰা মেঘমূৰ্তি, মইনাজান আদি বোলছবিতো কণ্ঠদান কৰি ৰাইজৰ আদৰ মৰম বুটলিবলৈ সক্ষম হৈছিল ৷ তদুপৰি তেওঁৰ অসমীয়া শ্ৰব্যগীতৰ কেছেট "কেঁচা সোণ ঐ", "মন ময়ূৰী" আদিয়েও যথেষ্ট সমাদৰ লাভ কৰিছিল শ্ৰোতাৰ মাজত ৷ মন কৰিব লগীয়া যে শিল্পপ্ৰাণ চন্দ্ৰ ফুকনে জীৱন কালত ৰচনা কৰা দুটি গীত “মঞ্চ এন্ধাৰ হ’ল প্ৰদীপ নুমাই গ’ল/এটি জীৱনৰ এখনি নাটৰ যৱনিকা পৰি ৰ’ল” আৰু “বন্ধু তোমাক সুঁৱৰি আজি মনত আমাৰ প্লাৱন নামে/কোনোবা দিনৰ হেৰোৱা ফুলৰ এপাহি পাপৰি উপঙি আহে” শীৰ্ষক দুয়োটা গীত যোৱা ৪৫ বছৰ ধৰি দীগেন মহন্ত আৰু তেওঁৰ পত্নী প্ৰগতি মহন্তই প্ৰতি বছৰে ২৭ আগষ্টৰ দিনটোত নগাঁও নাট্য সমিতিয়ে বিশাল বৰ্ণাঢ্য ৰূপত অনুষ্ঠিত কৰি অহা শিল্পী সম্বৰ্ধনা অনুষ্ঠানত পৰিৱেশন কৰি এক অভিলেখ সৃষ্টি কৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ অৱশ্যে শেহতীয়াকৈ এইগৰাকী মানৱদৰদী শিল্পীৰ জীৱনলৈ নামি অহা অপ্ৰত্যাশিত "অৰেল কেভিটি" ৰোগৰ বাবে শুভাকাংক্ষী কিম্বা গুণমুগ্ধ সকল মৰ্মাহত হৈ পৰিছে আৰু সকলোৱে শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ৷