newsnextone.com| শিৱসাগৰঃ শিৱসাগৰ জিলাত পুনৰ সংঘটিত হয় এক দূৰ্ঘটনা৷ এটাৰ পিছত এটাকৈ ভয়ংকৰ বাহন দূৰ্ঘটনা ঘটিবলৈ লৈছে শিৱসাগৰত৷ নামতিপুলত খুন্দা মাৰি চিটিকি পৰিল বাহন সহ এজন চালক আৰু যাত্ৰী৷ কিন্তু স্থানীয় ৰাইজৰ বাবে ৰক্ষা পৰিল দুয়োজনলোক৷

তীব্ৰ বেগী টাটা নেক্সা এখন বাহনে নামতিপুলত খুন্দা মাৰি বাগৰি পৰে নামতি নদীত। যদিও কথমপি ৰক্ষা পৰে চালকসহ অন্য এজন ব্যক্তি। জানিব পৰাম মতে AS 04 T 3333 নম্বৰ টাটা নেক্সাখন নামতিৰপৰা আমগুৰি অভিমুখী আহিছিল। 

দূৰ্ঘটনাত আঘাটপ্ৰাপ্ত হোৱা লোক দুজনৰ ভিতৰত এজন থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীৰ ভাতৃ বকুল দুৱৰী বুলি জানিব পৰা গৈছে যদিও আনজন ব্যক্তিৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজে লগে লগে দুয়োকে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ নিবলৈ নিৰ্দেশ দিয়ে। জানিব পৰা মতে, বৰ্তমান দুয়োজন ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে।