newsnextone.com| শিৱসাগৰঃ শিৱসাগৰৰ এখন ব্যস্ত ঠাই হোৱাৰ বাবে বহুতো যান বাহন চলাচল কৰে৷ বহু লোকে যান বাহন আৰক্ষীৰ নিৰ্দ্দেশনা উলংঘন কৰে যাৰ বাবে সাধাৰণ ৰাইজে বহুতো কষ্টৰ সন্মুখীন হ’ব লগা হয়। বিলাসী বাহন চলোৱা লোক সকলে অাইন উলংঘন কৰাৰ বাবে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে বহুতো সমস্যা সন্মুখীন হোৱা দেখা পোৱা গৈছে৷

প্ৰশাসনৰ উচ্চ বিষয়া লগতে কনিষ্ঠ বিষয়া নিৰ্লিপ্ত ৰূপ ধাৰণ কৰিছে অাইন উলংঘন কৰাৰ বিষয়ত। প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক আৰু সাধাৰণ নাগৰিকক যাৰ বাবে আজি লৈকে ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল।।

শিৱসাগৰৰ ই ৰিক্সা চালক সকলৰ বাবে পৰিলক্ষিত নহয় হেড লাইট। এই ক্ষেত্রত দীৰ্ঘদিন ধৰি মৌন ব্রত পালন কৰি অহা দেখা গৈছে জিলা পৰিবহন বিভাগ তথা পৌৰসভাক। চাৰিআলিসমূহত ৰঙা পোহৰৰ সংকেত দেখা পায় থমকি ৰয় ঠিকেই কিন্তু জেব্ৰা ক্ৰচিঙৰ বহু আগত গৈ হে ৰৈ থকা দেখা যায়।
আইন অমান্য কৰি অহা সকলৰ বিৰুদ্ধে কিবা আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে শীঘ্ৰে নগৰখনত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাটো নিশ্চিত। যাৰ বাবে জনসাধাৰণে ব্যৱস্থা আইনগত ব্যৱস্থা ল’বলৈ চৰকাৰক অনুৰোধ জনায়৷