গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ স্নাতকৰ ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় ষাণ্মাষিকৰ পৰীক্ষা সম্পূৰ্ণ নকৰাকৈ ষষ্ঠ ষাণ্মাষিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিগত কিছুদিন ধৰি ধাৰাবহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ তৎসত্বেও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি পৰ্যন্ত বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত আজি এখন সংবাদ মেলৰ আয়োজন কৰি আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে৷

♦১২ এপ্ৰিলত বিক্ষোভ, ভয়াৱহ ছাত্ৰ আন্দোলনৰ হুংকাৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত কাৰ্যালয়ত আয়োজন কৰা উক্ত সংবাদমেলত ছাত্ৰ সংগঠনটোৰ শীৰ্ষ নেতৃত্বই কয় যে বেক অথবা এৰিয়াৰ থকা পৰীক্ষাৰ্থীয়ে একেলগে দুটাকৈ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হোৱাতো অতিশয় দুৰ্ভাগ্যজনক৷ এনে কাৰ্যক ছাত্ৰ বিৰোধীও আখ্যা দিয়ে সংগঠনটোৱে৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তৰ ফলত বহু ছাত্ৰ-ছাত্ৰীয়ে অবাবতে মূল্যৱান শিক্ষা বৰ্ষ হেৰুৱাবলগীয়া হ’ব বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৰ নেতৃবৰ্গই৷

উল্লেখ্য যে দুটা ষাণ্মাষিকৰ পৰীক্ষা একেলগে দিয়াৰ দাবীত ছাত্ৰ মুক্তিয়ে বিশ্ববিদ্যালয়ত চৌহদত যোৱা ১৪-২০ মাৰ্চলৈ অবিৰত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল৷ অনশন কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত বিবেচনা কৰি চোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও সময়ত কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত নহ’ল৷

এনে পৰিপ্ৰেক্ষততে ছাত্ৰ সংগঠনটোৱে বৃহৎ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে বুলিো সংবাদমেলযোগে সদৰী কৰে৷ ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক আমিনুল হক, বিশ্ববিদ্যালয় গোটৰ সম্পাদক বাবুল হুছেইন, প্ৰেমানন্দ দাসে সংবাদমেলত অভিযোগ উত্থাপন কৰি কয় যে অপৰিকল্পিত ষাণ্মাষিক ব্যৱস্থা প্ৰণয়নৰ জৰিয়তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যখনৰ লক্ষ লক্ষ ছাত্ৰ-ছাত্ৰীক অনিশ্চিত ভৱিষ্যতৰ দিশে ঠেলি দিছে৷ ছাত্ৰ সংগঠনটোৰ নেতৃবৰ্গই আৰু কেতবোৰ খেলিমেলিৰ কথাও সংবাদমেলত উল্লেখ কৰে৷ 

উল্লেখ্য যে ষাণ্মাষিকৰ নিয়ম অনুযায়ী প্ৰতিটো ষাণ্মাষিকত অতি কমেও ৯০ দিন পাঠদান হ’ব লাগে৷ কিন্তু মাহৰ প্ৰথম সপ্তাহৰ পৰা যদি ষাণ্মাষিক পৰীক্ষা আৰম্ভ হয় তেন্তে ২০১৬-১৭ শৈক্ষিক দিনপঞ্জী অনুসৰি মাত্ৰ ৫০ দিনহে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগ্ৰহণৰ সময় লাভ কৰে৷ একেদৰে বাৰম্বাৰ ফলাফল ঘোষণাত বিলম্ব হোৱা প্ৰসংগ উল্লেখ কৰি ইয়াৰ বাবে সম্পূৰ্ণৰূপে বিশ্ববিদ্যালয় কৰ্তৃপক্ষকে জগৰীয়া কৰে ছাত্ৰ সংগঠনটোৰ শীৰ্ষ নেতৃত্বই৷

আনহাতে উত্তৰবহী পুনৰীক্ষণৰ মাচুল ৭৫০ টকাৰ পৰিৱৰ্তে ১০০ টকা কৰাকে আদি কৰি আন একাধিক সমস্যাৰ স্থায়ী সমাধানৰ দাবীত অহা ১২ এপ্ৰিলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথাও সংবাদমেলযোগে সদৰী কৰে সংগঠনটোৰ নেতৃবৰ্গই৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো যদি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰে তেন্তে ভুক্তভোগী ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও আজিৰ সংবাদমেলত সকীয়াই দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷