সৌ সিদিনা জন্ম হোৱা কেঁচুৱাটোকো মাক বা বাপেকৰ মোবাইলটোত ইউটিউব খুলি এটা ভিডিঅ’ লগাই নিদিলে খাদ্য খাব নোখোজে। টিভি নাচায়, ইনষ্টাগ্ৰামত ৰীল ভিডিঅ’হে চায়। স্কুলৰ ছাৰ-বাইদেউসকলৰ নাম মনত নাথাকিলেও বাৰে-ভচহু ভিডিঅ’ বনাই ভিউজ বুটলা ইউটিউবাৰৰ নাম সলসলকৈ ক’ব পাৰে। সাধাৰণ দৃষ্টিত ল’ৰা-ছোৱালীৰ ইউটিউব বা ইনষ্টাগ্ৰাম আসক্তি কোনো ডাঙৰ কথা নহয়; কিন্তু এইবোৰে শিশুটিৰ মনস্তত্বঃত কিদৰে প্ৰভাৱ পেলাব পাৰে সেয়া কল্পনা কৰাটোও কঠিন।

সমীক্ষা অনুসৰি, শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত বৃদ্ধি পোৱা ছ’চিয়েল মিডিয়াৰ প্ৰতি এই আসক্তি তেওঁলোকৰ মানসিক দুৰ্বলতাৰ অন্যতম কাৰক হৈ পৰিছে। ছ’চিয়েল মিডিয়াৰ প্ৰতি আসক্তিয়ে বৃদ্ধি কৰিছে অস্থিৰতা, নিদ্ৰাহীনতা, মনযোগহীনতা, ক্ষয়িঞ্চু স্মৃতিশক্তিৰ দৰে অনেক মানসিক সমস্যাৰ। আৰু এনে সমস্যাসমূহেই এসময়ত তেওঁৰ জীৱন জটিল কৰি তুলিছে। এনে আসক্তিয়ে ভংয়কৰ ৰোগৰ দৰে শিপাই কিশোৰ-কিশোৰী আৰু যুৱ প্ৰজন্মৰ মাজত আনকি আত্মহত্যাৰ দৰে প্ৰৱণতাও বৃদ্ধি কৰিছে।

সামাজিক মাধ্যমৰ এনে নেতিবাচক প্ৰভাৱৰ বাবেই আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ মেয়ৰগৰাকীয়ে ছ’চিয়েল মিডিয়াক সমাজৰ বাবে ধূম্ৰপানতকৈও বিপদজনক বুলি অভিহিত কৰিছে। ছ’চিয়েল মিডিয়াক ‘জনস্বাস্থ্যৰ বাবে বিপজ্জনক’ আৰু ‘পৰিৱেশৰ বাবে বিহস্বৰূপ’ বুলি শ্ৰেণীভূক্ত কৰি নিউয়ৰ্ক চহৰত এক অধ্যাদেশো জাৰি কৰা হৈছে ইতিমধ্যে। আৰু তাৰ লগে লগে সামাজিক মাধ্যমক লৈ অধ্যাদেশ জাৰি কৰা বিশ্বৰ লগতে আমেৰিকাৰ প্ৰথমখন বৃহৎ চহৰ হিচাপে পৰিগণিত হৈছে নিউয়ৰ্ক চহৰ।

ধূম্ৰপানতকৈ বিপজ্জনক ছ’চিয়েল মিডিয়া!

নিউয়ৰ্ক চহৰৰ মেয়ৰ এৰিক এডামছে ২৫ জানুৱাৰীত এক অধ্যাদেশ জাৰি কৰি ছ’চিয়েল মিডিয়াক আনুষ্ঠানিকভাৱে মানৱ সমাজৰ বাবে বিষাক্ত পদাৰ্থ সদৃশ আখ্যা দিছে। বাৰ্ষিক ষ্টেট অৱ দ্য চিটিৰ ভাষণত এডামছে কয় যে টিকটক, ইউটিউব, ফেচবুকৰ দৰে কোম্পানীয়ে নিজৰ প্লেটফৰ্মসমূহ নিচাযুক্ত আৰু বিপজ্জনক বৈশিষ্ট্যৰে ডিজাইন কৰি মানসিক স্বাস্থ্য সংকটত ইন্ধন যোগাইছে।

মেয়ৰ এৰিক এডামছে কয় যে, “যেনেকৈ চাৰ্জন জেনেৰেলে ধঁপাত আৰু বন্দুকৰ সৈতে কৰিছিল, আমি ছ’চিয়েল মিডিয়াক অন্যান্য জনস্বাস্থ্যৰ বিপদৰ দৰে ব্যৱহাৰ কৰিছো। ইয়াৰ বাবে টেক কোম্পানীসমূহে দায়িত্ব লোৱা প্ৰয়োজন।” তেওঁ লগতে কয় যে নিউয়ৰ্ক চহৰৰ স্বাস্থ্য আয়ুক্ত অশ্বিন ভাছানে নিউয়ৰ্ক চহৰৰ জনস্বাস্থ্য সংকটৰ বিপদ হিচাপে ছ’চিয়েল মিডিয়াক আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰি স্বাস্থ্য আয়ুক্তৰ পৰামৰ্শ জাৰি কৰিছে।

এই চৰকাৰী পৰামৰ্শ অনুসৰি অভিভাৱক আৰু কেয়াৰটেকাৰসকলে শিশুসকলক কমেও ১৪ বছৰ বয়সলৈকে স্মাৰ্টফোন বা ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰত বাধা দিবলৈ আহ্বান জনোৱা হৈছে। তদুপৰি তেওঁলোকে ফেডাৰেল আৰু ৰাজ্যিক নীতি নিৰ্ধাৰকসকলক এনে আইনগত প্ৰস্তাৱৰ ওপৰত সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে যিয়ে কিশোৰ-কিশোৰীসকল ‘ছ’চিয়েল মিডিয়া কোম্পানীসমূহৰ লুণ্ঠনকাৰী প্ৰথা’ৰ পৰা ৰক্ষা কৰে। একেটা সন্দৰ্ভত অধিক বিৱৰণ পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব বুলি তেতিয়া এডামছে কয়।

উল্লেখ্য যে, নিউয়ৰ্ক চহৰে প্ৰথমে এনে পদক্ষেপ গ্ৰহণ কৰিছে যদিও আমেৰিকাৰ চিকিৎসা বিশেষজ্ঞসকলে শেহতীয়া বছৰবোৰত ছ’চিয়েল মিডিয়াৰ বিষয়ে সতৰ্কবাণী জাৰি কৰি আহিছে। ২০২৩ চনৰ মে’ মাহত চাৰ্জন জেনেৰেল বিবেক মূৰ্তিয়ে পৰামৰ্শমূলক সতৰ্কবাণী জাৰি কৰিছিল যে অত্যধিক ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলৰ মানসিক স্বাস্থ্যৰ বাবে “গভীৰ বিপজ্জনক” হ’ব পাৰে। সংবাদ সংস্থা  দ্য পোষ্টৰ বাবে লিখা এক লেখত মূৰ্তিয়ে লিখিছিল, “যুৱক-যুৱতী আৰু লাখ লাখ শিশুৱে ভুগা মানসিক স্বাস্থ্য সংকটত ছ’চিয়েল মিডিয়াৰ সম্ভাৱ্য অৱদানক আওকাণ কৰিব নোৱাৰি।”

বিশেষজ্ঞসকলে প্ৰদান কৰি অহা সতৰ্কবাণী মানি চলি সমগ্ৰ আমেৰিকাৰ বিভিন্ন ৰাজ্যই শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সীমিত বা নিষিদ্ধ কৰিবলৈ চেষ্টা কৰিছে। আমেৰিকাত প্ৰথমবাৰৰ বাবে উটাহ ষ্টেটে শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ নিৰ্দেশনাৰে এখন সীমিত আইন প্ৰণয়ন কৰিছিল। ইফালে টেক্সাছ, লুইজিয়ানাৰ দৰে আন ৰাজ্যসমূহেও ইয়াৰ অনুসৰণ কৰি শিশুসকলে ছ’চিয়েল মিডিয়া ৱেবছাইটত চাইন আপ কৰাৰ আগতে অভিভাৱকৰ সন্মতিৰ প্ৰয়োজন হোৱা আইন প্ৰণয়ন কৰিছে। কানেকটিকাট, মেৰিলেণ্ড, মিনেছ’টা, নিউ জাৰ্চি আৰু অহাইঅ’ইও একেধৰণৰ আইন প্ৰণয়নৰ চিন্তা-চৰ্চা কৰিছে।

যোৱা বছৰৰ অক্টোবৰ মাহত আমেৰিকাৰ ৪০খনতকৈও অধিক ৰাজ্যই ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মৰ বাবে মেটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সেই সময়ত মেটা ৱেবছাইটসমূহে এনে বৈশিষ্ট্য ডিজাইন কৰাৰ অভিযোগ উত্থাপন হৈছিল যিয়ে শিশুৰ মানসিক স্বাস্থ্যৰ সম্ভাৱ্য ক্ষতি কৰিব পাৰে। নিউয়ৰ্কৰ এটৰ্নী জেনেৰেল লেটিচিয়া জেমছে কয়, “শিশু আৰু কিশোৰ-কিশোৰীসকলে অভিলেখ সংখ্যক মানসিক স্বাস্থ্যৰ সমস্যাত ভুগিছে আৰু মেটাৰ দৰে ছ’চিয়েল মিডিয়া কোম্পানীয়েই ইয়াৰ বাবে দায়ী।"“

তেওঁ লগতে কয় যে শিশুৰ মানসিক সমস্যাৰ পৰা মেটা লাম্ভাম্বিত হৈছে। সেয়ে ইচ্ছাকৃতভাৱে নিজৰ প্লেটফৰ্মসমূহক এনে এক কৌশলেৰে ডিজাইন কৰা হৈছে, যিয়ে শিশুসকলৰ ব্যৱহাৰৰ প্ৰতি আসক্তি বৃদ্ধি কৰিব পাৰে।  

ছচিয়েল মিডিয়াৰ ক্ষতিকাৰক প্ৰভাৱ

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াক আওকান কৰাটো কোনোপধ্যেই সম্ভৱ নহয়। কিন্তু ইয়াৰ ব্যৱহাৰ নিশ্চিতভাৱে সীমিত কৰিব পাৰি।  আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা  ৱাশ্বিংটন পোষ্টৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ ৯৫ শতাংশ কিশোৰ-কিশোৰীয়েই ফেচবুক, এক্স, ইনষ্টাগ্ৰাম, ইউটিউবৰ দৰে কোনো নহয় কোনোটো বা আটাইবোৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। ২০২২ চনত পিউ ৰিচাৰ্চ চেণ্টাৰৰ এক সমীক্ষাত দেখা গৈছে যে কিছুমান ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যৱহাৰকাৰীৰ বয়স ১৩ বছৰ হ’ব লাগে যদিও ৮ৰ পৰা ১২ বছৰ বয়সৰ চল্লিশ শতাংশ শিশুৱেও তেনে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে।

কিন্তু বিশেষজ্ঞসকলে আঙুলিয়াই দিয়ে যে ছ’চিয়েল মিডিয়াৰ অধিক ব্যৱহাৰ যুৱক-যুৱতীসকলৰ বাবে আৰু বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ বাবে যথেষ্ট ক্ষতিকাৰক হৈ পৰে। আমেৰিকান মেডিকেল এছ’চিয়েশ্যনৰ অধ্যক্ষ জেক ৰেছনেক জুনিয়ৰে কয়, “আমেৰিকাৰ যুৱক-যুৱতীসকলে প্ৰায় সাৰ্বজনীন ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ফলত মানসিক স্বাস্থ্যৰ প্ৰভাৱৰ সন্মুখীন হয়। ছ’চিয়েল মিডিয়াৰ আসক্তিয়ে শ্লো পয়জনিঙৰ দৰে কাম কৰে। অধিক আসক্তিয়ে ক্ৰমান্বয়ে মানসিক স্বাস্থ্যৰ অৱনতি ঘটায় আৰু বিভিন্ন মানসিক ৰোগৰ কাৰক হৈ পৰে।"

২০১২ চনৰ এক অধ্যয়নত দেখা গৈছিল যে ইমেইল আৰু ছ’চিয়েল মিডিয়া চেক কৰাটো চিগাৰেট আৰু মদতকৈ অধিক নিচাযুক্ত। ১৮ৰ পৰা ৮৫ বছৰ বয়সৰ ২০৫ জন লোকৰ ওপৰত কৰা এই অধ্যয়নত দেখা গৈছে যে মদ্যপান বা ধূমপানৰ দৰে অন্যান্য নিচাতকৈ অধিকাংশ লোক টুইট বা ইমেইল চেক কৰাৰ প্ৰতি আসক্ত হোৱাৰ সম্ভৱনাই অধিক। ইয়াৰ উপৰিও অসংখ্য গৱেষণাৰ পৰা এই কথা প্ৰমাণিত হৈছে যে স্মাৰ্টফোন আৰু ছ’চিয়েল মিডিয়া সৰ্বব্যাপী হোৱাৰ সময়ৰ পৰাই আমেৰিকা আৰু অন্যান্য ঠাইত কিশোৰ-কিশোৰীসকলৰ মাজত হতাশা, উদ্বেগ, নিসংগতা, অস্থিৰতা আৰু আত্মহত্যাৰ হাৰ আকাশলঙ্ঘী হৈ পৰিছে।

আমেৰিকাৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ জেক ৰেছনেক জুনিয়ৰে কয় যে প্ৰতিদিনে তিনি ঘণ্টাৰো অধিক ছ’চিয়েল মিডিয়াত কটোৱা কিশোৰ-কিশোৰীসকলৰ হতাশা আৰু উদ্বেগৰ সম্ভাৱনা দুগুণ হয়। তদুপৰি, ১৩ৰ পৰা ১৭ বছৰৰ ভিতৰৰ ৪৬ শতাংশ কিশোৰ-কিশোৰীয়ে কয় যে ছ’চিয়েল মিডিয়াই তেওঁলোকৰ মনত শৰীৰ আৰু ৰূপ-সৌন্দৰ্য্যক লৈ হীনমন্যতাৰ ভাৱৰ সৃষ্টি কৰে। সেই বয়সৰ ৬৪ শতাংশই কয় যে তেওঁলোকে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ সময়ত “সততে” বা “কেতিয়াবা” ঘৃণামূলক বিষয়বস্তুৰ সন্মুখীন হয়।

নিউয়ৰ্ক কনচালেণ্টৰ এক প্ৰতিবেদনতো সামাজিক মাধ্যমৰ ব্যৱহাৰক লৈ বহু উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।  এই প্ৰতিবেদন অনুসৰি, ২০১১ চনৰ পৰা ২০২১ চনৰ ভিতৰত নিউয়ৰ্কত হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ৪২ শতাংশতকৈও অধিকেই নিৰাশা আৰু হতাশাত ভুগিছে। আনহাতে এই সময়ছোৱাত আত্মহত্যাৰ হাৰ ৩৪ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।

আন কিছুমান গৱেষণাৰ পৰাও দেখা গৈছে যে কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ছ’চিয়েল মিডিয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। উদাহৰণস্বৰূপে, ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ৱেলছৰ শ্বোৱানছি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই কথাত নিশ্চিত হৈছিল যে দৈনিক ১৫ মিনিটকৈ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ হ্ৰাস কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যক্ষমতা বৃদ্ধি হোৱাৰ লগতে শাৰীৰিক স্বাস্থ্যৰ ওপৰতো ইয়াৰ যোগাত্মক প্ৰভাৱ পৰে।

বিশেষজ্ঞসকলে লগতে এই কথাও লক্ষ্য কৰে যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত থকা বিষয়বস্তুবোৰ প্ৰায়ে বিষাক্ত বা বিভ্ৰান্তিকৰ হয়, যিয়ে ক্ষতি কৰিব পাৰে। প্ৰায় সময়তে, বিষয়বস্তুৱে আত্মহত্যাৰ বিষয় বা যৌন প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ইয়ে যুৱ মনবোৰত নেতিবাচক প্ৰভাৱ পেলায়। তেওঁলোকে লগতে কয় যে ছ’চিয়েল মিডিয়াই প্ৰাপ্তবয়স্কসকলক নেতিবাচক প্ৰভাৱ পেলাব পাৰে যদিও বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে ই অধিক ভয়াবহ সমস্যাৰ সৃষ্টি কৰে। ছ’চিয়েল মিডিয়াৰ এনেবোৰ বিষয়বস্তুৱে মগজুৰ বিকাশত অতি বিৰূপ প্ৰভাৱ পেলায়।

ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰৰ লগত খাদ্যাভ্যাসৰ বিকাৰ বৃদ্ধিৰ সম্পৰ্কও প্ৰকাশ পাইছে। ২০১৬ চনত প্ৰকাশিত ২০টা গৱেষণাৰ পৰ্যালোচনাত দেখা গৈছিল যে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ শৰীৰৰ অসন্তুষ্টি আৰু খাদ্যাভ্যাসৰ বিকাৰৰ সৈতে জড়িত। 

ভাৰতত ছ’চিয়েল মিডিয়াৰ আসক্তি

বিশ্বৰ ভিতৰতে ছ’চিয়েল মিডিয়া কোম্পানীসমূহৰ বাবে এক বিশাল বজাৰ হৈছে ভাৰত। শেহতীয়াকৈ ভাৰতত কৰা এক ৰাষ্ট্ৰীয় সমীক্ষা অনুসৰি দেশৰ ৯ৰ পৰা ১৭ বছৰ বয়সৰ ১০ জন কিশোৰৰ ভিতৰৰ ৬ জনেই দৈনিক তিনি ঘণ্টাৰো অধিক সময় ছ’চিয়েল মিডিয়া বা গেমিং প্লেটফৰ্ম ব্যৱহাৰ কৰে।  এই হাৰ সমগ্ৰ বিশ্বৰ হাৰ (সমগ্ৰ বিশ্বৰ হাৰ ৪৪ শতাংশ)তকৈও বহু বেছি। একেটা সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ভাৰতৰ ১০ বছৰীয়া ৩৮ শতাংশ শিশুৰে নিজা ফেচবুক একাউণ্ট আছে আৰু ২৪ শতাংশ শিশুৰে আছে ইনষ্টাগ্ৰাম একাউণ্ট, যিটো এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে নিৰ্ধাৰণ কৰা নীতি-নিয়ম উলংঘা কৰিছে।

আমেৰিকা বা বিশ্বৰ আন প্ৰান্তৰ শিশু আৰু কিশোৰ-কিশোৰীৰ দৰে ভাৰতৰ কিশোৰ-কিশোৰী আৰু শিশুসকলৰ মাজতে ছ’চিয়েল মিডিয়াৰ আসক্তিয়ে বিভিন্ন মানসিক সমস্যাৰ সৃষ্টি কৰিছে।  নালন্দা মেডিকেল কলেজ এণ্ড হস্পিতালৰ মনোৰোগ বিভাগৰ মুৰব্বী ডাঃ সন্তোষ কুমাৰে কয় যে ছ’চিয়েল মিডিয়াত অতিমাত্ৰা সময় পাৰ কৰাৰ ফলত শিশু আৰু কিশোৰ-কিশোৰীৰ হঠাতে আচৰণৰ পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰিছে। মানুহে এতিয়া ল’ৰা-ছোৱালীৰ এনে স্বাস্থ্য সমস্যাৰ পৰা মুক্তি বিচাৰি চিকিত্সকৰ কাষ চাপিবলৈ আৰম্ভ কৰা বুলিও মন্তব্য কৰে ডাঃ কুমাৰে। 

তেওঁ কয়, ‘ডিপ্ৰেছন, উদ্বেগ, মেজাজৰ পৰিৱৰ্তন, আত্মশোষণ, কামত মনোনিৱেশ নকৰা আৰু খিংখিঙীয়া হৈ পৰাটো কিশোৰ-কিশোৰীসকলৰ ছ’চিয়েল মিডিয়া আসক্তিৰ কিছুমান লক্ষণ।” ডাঃ সন্তোষ কুমাৰে কয় যে এনে মানসিক ৰোগৰ পৰা মুক্তি লাভ কৰিবলৈ চিকিত্সকে জীৱনশৈলীৰ পৰিৱৰ্তন, অধ্যয়ন, শাৰীৰিক ক্ৰিয়াকলাপ, পৰিয়ালৰ সৈতে সময় পাৰ কৰা আৰু বন্ধু-বান্ধৱীৰ সৈতে নিজৰ প্ৰিয় বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

ইন্দিৰা গান্ধী ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ মনোৰোগ বিভাগৰ সহকাৰী অধ্যাপিকা তথা স্নায়ুমনোৰোগ বিশেষজ্ঞ ডাঃ নিস্কা সিনহাই কয় যে ছ’চিয়েল মিডিয়াৰ আসক্তিৰ অভিযোগত এমাহত প্ৰায় ২০০ লোক তেওঁৰ চিকিৎসালয়লৈ আহিছিল। তেওঁ কয়, ‘কোভিড মহামাৰীৰ পিছৰ পৰা এনে সমস্যা যথেষ্ট বৃদ্ধি পাইছে।  ঘৰতে আৱদ্ধ হৈ থকাৰ ফলত আৰু অনলাইন শিক্ষাৰ অজুহাতত শিশু আৰু কিশোৰ-কিশোৰীসকলে স্মাৰ্টফোনত অধিক সময় পাৰ কৰিবলৈ আৰম্ভ কৰে। আৰু লাহে লাহে ইয়ে তেওঁলোকৰ মাজত আসক্তি বৃদ্ধি কৰে।’

তেওঁ লগতে কয়, “এছ এম এ বা ছ’চিয়েল মিডিয়া এডিকচনে কিশোৰ-কিশোৰীসকলৰ মনত অন্যমনস্কতা, মেজাজ পৰিৱৰ্তন, অশ্লীলতাৰ প্ৰতি আসক্তিৰ সৃষ্টি কৰে। বহু কিশোৰ-কিশোৰী ইমানেই হীনমন্যতাত ভুগিবলৈ আৰম্ভ কৰে যে আত্মহত্যাৰ দৰে প্ৰৱণতাও তেওঁলোকৰ মনত জাগি উঠে। বহু অভিভাৱকে মোৰ ওচৰলৈ তেওঁলোকৰ সন্তানৰ মনত জাগৃত এনে প্ৰৱণতাৰ চিকিত্সা বিচাৰি আহিছে।“

পাটনা বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ মুৰব্বী তথা ইনষ্টিটিউট অৱ চাইক’লজিকেল ৰিছাৰ্চ এণ্ড ছাৰ্ভিচৰ প্ৰাক্তন সঞ্চালক শিৱ সাগৰ প্ৰসাদে ছ’চিয়েল মিডিয়া আসক্তিক স্বাস্থ্য আৰু বৌদ্ধিক বিকাশৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বান বুলি অভিহিত কৰে। ইয়াৰ বাবে তেওঁ মূলতে জগৰীয়া কৰে অভিভাৱকসকলক।  তেওঁ কয়, “শিশুসকলে ঘৰৰ জ্যেষ্ঠসকলক অনুকৰণ কৰিয়েই বেছিভাগ আচৰণ শিকিবলৈ আৰম্ভ কৰে। আজিৰ সময়ত হয়তো এনেকুৱা এটা পৰিয়াল নাই, য’ত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নহয়। আজি এনে পৰিৱেশ ঘৰে ঘৰে গঢ়ি তোলা হৈছে যে স্মাৰ্টফোন হাতত তুলি নিদিলে বহু শিশুৱে খাদ্যকে খাব নিবিচাৰে। আৰু অভিভাৱকসকলেও সন্তানটোৰ হাতত মোবাইলটো তুলি দি সিঁহতক ব্যস্ত কৰি ৰখাৰ উপায় বিচাৰে।”

ডাঃ প্ৰসাদে লগতে কয় যে ল’ৰা-ছোৱালীৰ ছ’চিয়েল মিডিয়া আসক্তি দূৰ কৰিবলৈ হ’লে প্ৰথমে ঘৰখনৰ বাকী সদস্যৰ দৈনিক আচৰণ সলনি কৰাটো নিতান্তই বাঞ্ছনীয়। তেওঁ কয় যে ঘৰত যদি এটা সুস্থিৰ পৰিৱেশ গঢ়ি তোলা হয়, তেন্তে শিশুৰ মাজত এই আসক্তিও কমি আহিব আৰু এটা শাৰীৰিক আৰু মানসিকভাৱে সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হ’ব।