নামতিঃ ফুটুকাৰ ফেনত পৰিণত হৈছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি ৷ চৰকাৰ গঠন কৰাৰ পূৰ্বে প্ৰতিজন মন্ত্ৰীয়ে ভোট ভিক্ষাৰ বাবে জাউৰিয়ে জাউৰিয়ে দিয়া জনতাৰ সমস্যা পূৰণৰ প্ৰতিশ্ৰুতিবোৰ যেন এতিয়াও প্ৰতিশ্ৰুতিয়েই হৈ ৰৈছে ৷ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰী সভাৰ প্ৰতিজন মন্ত্ৰীয়েই এতিয়া জনতাৰ বাবে হৈ পৰিছে চকুৰ কুটা দাঁতৰ শূল।

দায়িত্ব গ্ৰহণ কৰিয়েই অসমৰ বনজ সম্পদ ৰক্ষাৰ বাবে, বালি-মাটিৰ চোৰাং ব্যৱসায়ী তথা বন বিভাগটোৰ প্ৰতি কঠোৰ হ’ম বুলি প্ৰতিশ্ৰুতি দিয়া বনমন্ত্ৰীৰ চকুত ধূলি দি শিৱসাগৰ জিলাত অবাধ হাৰত চলিছে বালি-মাটি ব্যৱসায় ৷ শিৱসাগৰ জিলাৰ জাঁজী নৈত একাংশ তথাকথিত জাতীয় সংগঠনৰ নেতাই অবৈধ খনন কাৰ্য অব্যাহত ৰাখিছে ৷

তাৰ মাজতে, শিৱসাগৰ জিলাৰ বন বিভাগে দেওবাৰে অভিযান চলাই জাঁজী তিনিআলিৰ পৰা এখন অবৈধ মাটি কঢ়িওৱা গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, বন বিভাগৰ এটা দলে জাঁজী আমগুৰিত অতৰ্কিতে অভিযান চলাই এএচ-০৪-এচি-৯৫০৯ নম্বৰৰ এখন গাড়ী জব্দ কৰি আমগুৰি আৰক্ষী থানাত চমজাই দিয়ে।

উল্লেখ্য যে, একাংশ অসাধু ব্যৱসায়ীয়ে জাঁজী নৈৰ বুকুত এক্সকেভেটেৰৰে অবাধ হাৰত অবৈধভাৱে বালি-মাটি খনন কৰি ডাম্পাৰেৰে সৰবৰাহ কৰি আহিছে। এই ক্ষেত্ৰত আমগুৰি জাঁজী জামুগুৰি অঞ্চলত বালিৰ সমান্তৰালভাৱে মাটিৰ এক বৃহৎ ব্যৱসায় চলি আহিছে। একাংশ জাতীয় সংগঠনৰ নেতাৰ নেতৃত্বত আমগুৰি আৰু জাঁজী অঞ্চলত জাঁজী নৈত অবৈধ বালি-মাটিৰ ব্যৱসায় চলি আহিছে৷

নৈৰ বুকু খনন কৰি ব্যৱসায় চলাই যোৱাৰ সময়তে দেওবাৰে আমগুৰি বালি মহলত অবৈধভাৱে জেচিবি লগাই বালি খনন কৰি থকা অৱস্থাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জেচিবিখন আৱদ্ধ কৰি আমগুৰিৰ বন বিভাগক গতাই দিয়ে৷

অভিযোগ অনুসৰি আমগুৰিৰ জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰা তথাকথিত দুজন জাতীয় সংগঠনৰ নেতাই ছাত্ৰ মুক্তিৰ নেতৃত্বক মেনেজ কৰাৰ চেষ্টা চলাইছিল যদিও ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলা সমিতি সভাপতি দুলাল কলিতাই বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মলৈ ফোন কৰি জেচিবি খন জব্দ কৰাৰ কথা আৰু মেনেজ কৰিব বিছৰা ঘটনা সন্দৰ্ভত অৱগত কৰে৷আমগুৰি আৰু জাঁজী অঞ্চলত জাঁজী নৈৰ বুকুত অবাধ হাৰত জেচিবেৰে বালি-মাটি খনন কাৰ্য বন্ধ কৰিবলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমগুৰি সমিতিয়ে দাবী জনায়।