ডিজিটেল ডেস্কঃ মাতৃৰ মমতাৰ হেনো তুলনা নাই। কিন্তু এই মাতৃৰ মমতাক চেৰ পেলাইছে স্বামীৰ প্ৰতি থকা চেনেহে। পতিৰ চিকিৎসাৰ বাবে ধনৰ অভাৱত ভোগা মহিলা এগৰাকীয়ে অৱশেষত নিজ পুত্ৰকেই বিক্ৰী কৰি সমাধানৰ বাট উলিওৱা ঘটনাই সকলোকে হতবাক কৰিছে। 

নিউজ এজেন্সী ইউএনআইত উল্লেখ কৰা মতে এই ঘটনা ত্ৰিপুৰা ৰাজ্যৰ তেলীমূৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰংগীলা তিলা গাঁৱৰ। আদিবাসী মহিলা উষা ৰঞ্জন দেৱবৰ্মাৰ স্বামী দিনমালা দেৱবৰ্মাৰ ভালেমান দিন ধৰি ৰুগ্ন অৱস্থাত আছিল।

হাতত ধন নথকা উষাই চিকিৎসাৰ বাবে কোনো উপায়েৰেই ধন-বিত যোগাৰ কৰিব নোৱাৰাৰ পিছত চুড়ান্ত সিদ্ধান্ত ল’বলৈ বাধ্য হয়। ৬৫০০ টকাত উষাই নিজ কোলাৰ সন্তানক বিক্ৰী কৰি দিয়ে। 

তিনিটা সন্তানৰ মাতৃ উষাই ১৭ এপ্ৰিলত চতুৰ্থটো সন্তানৰ জন্ম দিছিল। উষাৰ টকাৰ অভাৱৰ কথা জানিব পাৰি টকাৰ বিনিময়ত নৱজাতকটো লোৱাৰ প্ৰস্তাৱ দিছিল চুবুৰীয়াই। 

আঠ মাহ পিছত ৰাজ্যখনত বিধানসভা নিৰ্বাচন আহি আছে। তেনে সময়তে মাণিক চৰকাৰৰ বামপন্থী চৰকাৰখনৰ বিৰুদ্ধে প্ৰচাৰ চলাবৰ বাবে সুৱৰ্ণ সুযোগ লাভ কৰা বিজেপি দলৰ নেতা এগৰাকীয়ে ইতিমধ্যে উষাক লগ কৰি ঘটনাৰ বুজ লৈছে।

অৱশ্যে উষাই সন্তান বিক্ৰী কৰা আৰু চুবুৰীয়াই লোৱা- এই দুয়োটা কথাই অস্বীকাৰ কৰিছে দুয়োটা পৰিয়ালে।