newsnextone.com | চৰাইদেউঃ উন্নয়নৰ নামত ভাষণেৰে চমক সৃষ্টি কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কে। কেৱল যেন ৰাজ্যত উন্নয়নে উন্নয়ন। চৰকাৰে উন্নয়ন কৰিছে বুলি সুবিধা পালেই প্ৰচাৰ কৰে মন্ত্ৰী-বিধায়কে৷ কিন্তু অসমৰ গ্ৰাম্য অঞ্চল আৰু সৰু চহৰৰ ৰাস্তা-ঘাট প্ৰত্যক্ষ কৰিলে প্ৰকৃত উন্নয়নৰ ছবি খন ওলাই পৰে ৰাজ্যখনৰ। আজিও গ্ৰাম্য এলেকাত ৰাইজে হাতত চেণ্ডেল লৈ খোজ কাঢ়িব লগা হয়। ৰুগীয়া লোকক ভাৰ বান্ধি হস্পিতালত নিব লগা হয়।

গ্ৰামাঞ্চল সমূহৰ উন্নয়নত চৰকাৰে বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে নে নাই সেয়াহে আচল কথা৷ সভাই-সমিতিয়ে, বাতৰিয়ে-বিজ্ঞাপনে চৰকাৰে ঢাক ঢোল বজাই অহা পৰিলক্ষিত হৈছে যদিও প্ৰকৃততে কিমান উন্নয়ন সম্ভৱ হৈছে ৰাজ্যৰ গ্ৰাম্য ঞ্চমলসমূহত, সৰু চহৰত সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে৷

বাৰিষাৰ নমাৰ লগে লগেই গ্ৰামাঞ্চলসমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ নৈ পৰীয়া গাঁওবাসীয়ে আকৌ এবাৰ নৈত উটি যোৱাৰ ভয়ত চিৎকাৰ কৰিব লগা হয়। বাৰিষা আহিলে গ্ৰামাঞ্চলসমূহত দেখা দিয়া  প্ৰধান সমস্যা হৈছে যাতায়ত ব্যৱস্থা৷ এজাক বৰষুণতে ৰাজ্যৰ বিভিন্ন গাঁওত যাতায়াত ব্যৱস্থা বিঘ্নিত হৈ পৰে৷ বৰষুণৰ পিছতে গাঁওৰ বাট-পথে বোকাময় কদৰ্য ৰূপ ধাৰণ কৰাত সেই বাটেৰে যম দূত আহিবলৈও ভয় কৰা পৰিস্থিতিৰ সৃষ্টি হয়৷

নেৰানেপেৰা বৰষুণৰ ফলত চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত পথৰ বাবে ৰাইজে এতিয়া হাৰাশাস্তি খাইছে৷ বিশেষকৈ গ্ৰাম্য এলেকাৰ বাট পথ মেৰামতিত চৰকাৰে অৱহেলা প্ৰদৰ্শন কৰাৰ বাবেই এজাক বৰষুণৰ পিছতে গাঁওসমূহৰ বাট পথ বোকাময় হৈ মানুহৰ চলাচলৰ অযোগ্য হৈ পৰে৷ চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই থাকে যদিও প্ৰকৃততে গ্ৰাম্য এলেকাত কোনো ধৰণৰ উন্নয়ন সাধন চৰকাৰে কৰা নাই বুলিও অভিযোগ উত্থাপিত হৈছে৷ 

ৰাজ্যৰ আন সমষ্টিৰ কথাটো বাদেই গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈৰ গৃহ সমষ্টিৰ বাট পথৰ দুৰৱস্থাৰ বাবে এতিয়া জীয়াতু ভুগিছে জনসাধাৰণে। 

চৰাইদেউ জিলাৰ সোণাৰি বিধান সভা সমষ্টিৰ বিভিন্ন পছৰ লগতে বাটপথ অৱস্থা শোচনীয় হৈ পৰিছে। গ্ৰাম্য অঞ্চলৰ বাটপথৰ লগতে সোণাৰি নগৰৰ বিধ্বস্ত বাটপথৰ বাবে এতিয়া অহা-যোৱা কৰাত ব্যাপক সমস্যাত পৰিছে জনসাধাৰণ। সোণাৰি নগৰৰ ১২নং ৱাৰ্ডৰ নাহৰ আলি সংযোগী পথত সৃষ্টি হোৱা দ' দ' গাঁতৰ বাবে ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল আদিয়ে যমৰ যাতনা ভোগ কৰি আহ-যাহ কৰিব লগা হয়। 

ডাঙৰ গাড়ীতো বাদেই সৰু সৰু গাড়ী, বাইক, চাইকেল আৰোহী সকলো অহা যোৱা কৰিব নোৱাৰে পথটোৰে। দীৰ্ঘদিন মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰা পথৰ উন্নয়নৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰা হৈছে যদিও কিন্তু গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে।

আহাতে বিভিন্ন কামত এই পথটোৰে সোণাৰিৰ বিধায়ক তথা গড়কাপ্তানী মন্ত্ৰী তপন কুমাৰ গগৈয়ে খোদ আহ-যাহ কৰে যদিও এচপৰা মাটি পেলবলৈ সক্ষম হোৱা নাই মন্ত্ৰীগৰাকীয়ে। ফলত সোণাৰি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী তপন কুমাৰ গগৈৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজ। আনহাতে অকৰ্মণ্য সোণাৰি পৌৰসভাই পথ নিৰ্ণামৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত।