newsnextone.com | চৰাইদেউঃ এখন উচ্চ শিক্ষানুষ্ঠানৰ অধ্যক্ষই সহযোগী প্ৰৱক্তাক অপকাৰ কৰাৰ স্বাৰ্থৰে তন্ত্ৰ-মন্ত্ৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে অধ্যক্ষই তন্ত্ৰ-মন্ত্ৰৰ সহায়ৰে সহযোগী প্ৰৱক্তাক ক্ষতি কৰাৰ চেষ্টা কৰে। 

এই কাণ্ড সংঘটিত হৈছে সোণাৰি বাণিজ্য মহাবিদ্যালয়ত। বাণিজ্য মহাবিদ্যালয় অধ্যক্ষৰ বিৰুদ্ধে কলেজৰ একাংশ প্ৰৱক্তা আৰু একাংশ অনুষ্ঠানে কলেজ আন্তঃগাঁথনিৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন  কৰি আহিছে। যাৰ ফলত কলেজ অধ্যক্ষগৰাকীয়ে তান্ত্ৰিকৰ সহায়ত নিজকে বচাবলৈ চেষ্টা কৰে। তান্ত্ৰিক বাবাৰ সহায়ত অধ্যক্ষ বিপুল দে'ই নিজকে সুৰক্ষিত কৰাৰ চেষ্টা কৰে আৰু সহযোগী প্ৰৱক্তাক তেওঁৰ বিৰুদ্ধে যাতে অৱস্থান গ্ৰহণ নকৰক বুলি কাবু কৰাৰ চেষ্টা কৰে বাবাৰ জৰিয়তে।

গৰমৰ বন্ধত মহাবিদ্যালয়লৈ তান্ত্ৰিক বাবাক মাতি আনি প্ৰৱক্তাসকলৰ বিৰুদ্ধে তন্ত্ৰ মন্ত্ৰ কৰে। কলেজখনৰ প্ৰৱক্তাৰ বিৰুদ্ধে তন্ত্ৰ-মন্ত্ৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে চিচিটিভিত তন্ত্ৰ-মন্ত্ৰ কৰাৰ দৃশ্য বন্দী হয়। একবিংশ শতিকাত এগৰাকী কলেজ অধ্যক্ষই অন্ধবিশ্বাসৰ আশ্ৰয় লোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অন্ধবিশ্বাসৰ আশ্ৰয় লৈ এগৰাকী উচ্চ শিক্ষানুষ্ঠানৰ এনে কাণ্ড কৰাৰ ঘটনাই খলকনি তুলিছে সোণাৰিত। জানিব পৰা মতে, ১০ গৰাকী অধ্যাপকৰ নাম লিখা কাগজৰ টুকুৰা বটলৰ ভিতৰত উদ্ধাৰ হয়। আটাইকেইজন প্ৰৱক্তাৰ অপকাৰ কৰিব খুজিছিল অধ্যক্ষই।