তেজপুৰঃ কেন্দ্ৰ-ৰাজ্য চৰকাৰে অসমৰ থলুৱাক বছৰ বছৰ ধৰি প্ৰৱঞ্চনা কৰি আহিছে। অসমলৈ অহা উদ্যোগ কেইটাও অসমৰ শিক্ষিত যুৱক-যুৱতীক বিভিন্ন সময়ত বঞ্চিত কৰি আহিছে৷ অসমলৈ অহা উদ্যোগকেইটাই বিশষকৈ শ্ৰমিক তথা কৰ্মচাৰী হিচাপে নিয়োগ কৰাৰা ক্ষেত্ৰত অসমৰ থলুৱা যুৱক-যুৱতীক বঞ্চিত কৰি বহিৰাগতক নিয়ুক্তি দি আহিছে৷

অসম চৰকাৰৰ ৰাজ সাহায্য লৈ অসমত স্থাপন কৰা কোম্পানী সমূহে অসমৰ শিক্ষিত নিবনুৱাক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি অহাৰ সময়তে এইবাৰ বাবা ৰামদেৱৰ সপোনৰ আঁচনি পঞ্জলিয়ে অসমৰ যুৱক-যুৱতীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷  যাৰ ফলত বৃহস্পতিবাৰে ৰামদৱে-পতঞ্জলি মূৰ্দাবাদ ধ্বনিৰে উত্তাল হ’ল শোণিতপুৰৰ ঘোঁৰামাৰি অঞ্চল৷

মাৰোৱাৰী আৰু বিহাৰীলবীয়ে পতঞ্জলি উদ্যোগত বহিৰাগত যুৱকক নিয়োগ কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে শোণিতপুৰৰ ঘোঁৰামাৰিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় অাক্ৰাছু আৰু অাছাই৷ বাবা ৰামদেৱৰ পতঞ্জলিৰ নিৰ্মাণৰত উদ্যোগত শিক্ষিত নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হোৱা বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

কিয়নো কিছুদিন পূৰ্বে বাবা ৰামদেৱ অসমলৈ আহি অসমৰ যুৱক-যুৱতীক সংস্থাপন দিব বুলি ঘোষণা কৰি গৈছিল৷ আছা আৰু আক্ৰাছুৱে অসমৰ কৃষকৰ ভূমি অধিগ্ৰহণ কৰি শিক্ষিত নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিম বুলি কথা দি প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে বাবা ৰামদেৱৰ বিৰুদ্ধে৷

তেওলোকে এতিয়া ৰাজনীতিকৰণ কৰি বহিৰাজ্যৰ যুৱকক সংস্থাপন দিছে বুলি কয় সংগঠনদুটাই৷ বহিৰাগতক নিয়ুক্তি নিদিবলৈ স্থানীয় সংগঠনে বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও গুৰুত্ব আৰোপ নকৰাত বৃহস্পতিবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় যুৱক-যুৱতীয়ে৷

পতঞ্জলিক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনাই আহিছিল যদিও স্থানীয় ৰাইজৰ দাবীক আওকান কৰি বহিৰাগত যুৱকক সংস্থাপন দিয়াত ৰাইজ ক্ষোভিত হৈ পৰে৷ দল-সংগঠনৰ দাবীক গুৰুত্ব প্ৰদান নকৰি ব্ৰহ্মপুত্ৰ এন্টাৰ প্ৰাইজ নামৰ ভুৱা সংগঠনৰ দ্বাৰা অনলাইন যোগে যুৱকক নিয়োগ কৰাৰ ব্যৱস্থা কৰি থলুৱা যুৱক-যুৱতীক প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷

থলুৱা যুৱক-যুৱতীক নিয়ুক্তি প্ৰদান নকৰিলে পতঞ্জলিৰ উদ্যোগলৈ আহ-যাহ কৰা পথ বন্ধ কৰাৰ লগতে আইন হাতত লোৱাৰ পিছতো শোণিতপুৰ প্ৰশাসনে একো কৰিব নোৱাৰিব বুলি স্পষ্ট কৰে ৰাইজে৷