তেজপুৰ টাউনঃ শোণিতপুৰ জিলাৰ বালিপৰাত এগৰাকী জনগোষ্ঠীয় যুৱতীক ৰাজপথত নিৰ্যাতন চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰে ৰাজ্যত একাংশ পুৰুষৰ মানসিকতা কেতিয়াও সলনি নহয়৷

জানিব পৰা মতে, শোণিতপুৰৰ চাৰিদুৱাৰ ফৰেষ্ট গেটৰ সমীপৰ দলংবস্তিত জনগোষ্ঠীয় যুৱতীগৰাকীক ৰাজ পথতে নিৰ্যাতন চলাই এগৰাকী যুৱকে৷ আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত তেজপুৰৰ পাচমাইল গড়সিং বিহিয়াগাঁৱৰ অামিৰ হুছেইন নামৰ যুৱকজনক ইতিমধ্যে আটক কৰিছে৷

অামিৰ হুছেইন যুবতীগৰাকীৰ সৈতে পূৰ্বৰে পৰা সম্পৰ্ক আছিল৷ বৃহস্পতিৰবাৰে তেজপুৰ চহৰত দুয়ো লগ হোৱাৰ পিছতেই কোনো কথাক লৈ মনোমালিন্য হয় আৰু আমিৰে ৰাজ পথতে যুৱকীগৰাকীক শাৰিৰীক নিৰ্যাতন চলাই৷

যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে যুৱকজনক আৱদ্ধ কৰি আৰক্ষীক গতাই দিয়ে। যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷