ডিজিটেল ডেস্কঃ নামাজত মাইক ব্যৱহাৰ কৰাক লৈ টুইট কৰি দেশজুৰি বিতৰ্কৰ মাজলৈ অহা চনু নিগমে আজি এজন মৌলবীৰ প্ৰত্যাহ্বান স্বীকাৰ কৰি নিজৰ চুলি খুৰাই দিয়ে। টুইটটোৰ অপবাখ্যাৰে বিতৰ্কৰ সৃষ্টি কৰাৰ বাবে দুখ ব্যক্ত কৰি চনু নিগমে কয় যে তেঁও কোনো ধৰ্মৰে বিৰোধীতা কৰা নাই। 

মুছলমানসকলক ভাতৃৰ দৰেই বিবেচনা কৰা বুলি কোৱা চনু নিগমৰ প্ৰতি দৰাচলতে বুধবাৰে পশ্চিম বংগৰ এজন মৌলবীয়ে বিষেদ্গাৰ কৰি কৈছিল যে কোনোবাই যদি চনু নিগমৰ চুলি খুৰাই চেণ্ডেলৰ মালা আঁৰি দিব পাৰে, তেন্তে সেইজন ব্যক্তিক ১০ লাখ টকা দিব।  

সেইসূত্ৰেই দেশৰ জনপ্ৰিয় গায়কজনে টুইট কৰি কয়- 'আজি দুপৰীয়া ২ বজাত আলিম আহিব, আৰু মোৰ মুণ্ডন কৰাব, আপোনাৰ ১০ লাখ টকা সাজু ৰাখক মৌলবী’। 

সংবাদমেল পাতি চনু নিগমে এজন হেয়াৰ ষ্টাইলিষ্ট আলিমৰ হতুৱাই নিজৰ চুলি খুৰাই দিয়ে। জোৰ-জবৰদস্তি আৰু হৈ-হাল্লা কৰি নিজৰ ধৰ্ম প্ৰচাৰ কৰা কাৰ্য বেয়া পোৱাৰ কথা ব্যক্ত কৰি চনু নিগমে কয় যে ৰাস্তাই-ঘাটে ধৰ্মীয় কট্টৰপন্থীয়ে আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখ্য যে চনু নিগমৰ বিতৰ্কিত টুইটটো আছিল এনেধৰণৰ- 'মহম্মদে যেতিয়া ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল, তেতিয়া বিদ্যুতৰ ব্যৱস্থা নাছিল। তাৰ পিছতো পুৱাই পুৱাই কিয় মই এনে কৰ্কশ শব্দ শুনিবলগীয়া হয়? মছজিদেই নহয় মন্দিৰ আৰু গুৰুদ্বাৰতো এতিয়া লাউডস্পীকাৰ ব্যৱহাৰৰ উৎপাত বাঢ়িছে। মুঠৰ ওপৰত যিসকল ধৰ্ম বিশ্বাসী নহয়, সেই সকলক এই কৰ্কশ শব্দ শুনাই নিদ্ৰা হৰণ কৰাৰ পক্ষপাতী মই নহয়। তেনেহ’লে এইবোৰ ধৰ্মৰ নামত কি? সত্য কথা ক’বলৈ গ’লে এয়া ধৰ্মৰ নামত গুণ্ডামিৰ বাহিৰে আন একোৱেই নহয়।’