ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাৰে পৰা সমগ্ৰ দেশৰ দৃষ্টি নিৱদ্ধ আছিল উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচনৰ ভোটগণনাত। বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি গোৰখপুৰ আৰু ফুলপুৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয়। 

দুয়োটা সমষ্টিতে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীয়ে বিজয়ৰ হাঁহি মাৰে। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৰিয়া বিধান সভালৈ নিৰ্বাচিত হোৱাত খালী হৈছিল দুয়োটা লোকসভা সমষ্টি। গোৰখপুৰ লোকসভা সমষ্টিত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী প্ৰবীণ কুমাৰ নিসাদে ২১,৮৮১ ভোটত বিজয়ী গয়। ফুলপুৰ লোকসভা সমষ্টিত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী নগেন্দ্ৰ প্ৰতাপ সিঙে ৫৯,৬১৩ ভোটৰ ব্যৱধানত বিজয়ী হয়।

বিজেপি দলৰ বিজয় যাত্ৰাক ৰুধিবলৈ উত্তৰ প্ৰদেশৰ দুই বিৰোধী সমাজবাদী পাৰ্টি আৰু বহুজন সমাজাবদী পাৰ্টিয়ে লগ লাগি সফলতা লাভ কৰাৰ দিশে আগবাঢ়িছে৷ উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত অখিলেশ সিং যাদৱ আৰু কুমাৰী মায়াৱতীয়ে সফলতা লাভ কৰে৷ গোৰখপুৰ হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ গৃহ সমষ্টি৷ যিটো সমষ্টি বছৰ বছৰ ধৰি যোগীৰ দখলত আছিল৷

দুয়োটা সমষ্টিতে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীয়ে বিজয়ী গয়৷ নিৰ্বাচনত মায়াৱতীৰ দল বহুজন সমাজবাদী পাৰ্টিয়ে প্ৰাৰ্থী থিয় কৰোৱা নাছিল৷ বহুজন সমাজবাদী পাৰ্টিয়ে উত্তৰ প্ৰদেশৰ পৰা এগৰাকী ৰাজ্য সভাৰ প্ৰাৰ্থীক সমাজবাদী পাৰ্টিৰ সহায়ত জয়ী কৰি নিয়াৰ বাবে থিৰাং কৰে৷ 

ফুলপুৰত সমাজবাদী পাৰ্টিৰ নেতা কৰ্মীসকলে তেওঁলোকৰ প্ৰাৰ্থী বিজয়ী হোৱাত আনন্দ উল্লাস প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে৷ মিঠাই বিতৰণ কৰাৰ লগে লগে দলৰ পতাকা লৈ নাচ-গান কৰা পৰিলক্ষিত হয়৷

আনহাতে সমাজবাদী পাৰ্টিৰ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱে জনসাধাৰণক আৰু বহুজন সমাজবাদী পাৰ্টিৰ নেত্ৰী মায়াবতীক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ সমষ্টিত পৰাজয় বৰণ কৰাত দুয়োগৰাকীকে অনুভৱ কৰিবলৈ কয়। জনসাধাৰণৰ ক্ষোভৰ কথা কৈ দেশৰ জনতাই পৰিৱৰ্তন বিচৰা বুলি কয় অখিলেশে। যিখন চৰকাৰে জনসাধাৰণক দুখ দিয়ে জনসাধৰণে সেই চৰকাৰক উত্তৰ দিব জানে। ভাল দিন নাহিল, জনসাধাৰণ এতিয়া একত্ৰিত গৈছে। বিজেপিৰ বেয়া দিন আনিবৰ বাবে কাম কৰিব বুলিও কয় অখিলেশে।

শেহতীয়াকৈ বিজেপিৰ বিজয়ৰ ৰথ ৰোধ কৰিবলৈ পূৰ্বে শত্ৰুতা থকা দলসমূহকো হাত মিলোৱা দেখিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ ৰাজনীতিত নতুন সমীকৰণে ফল ধৰা দেখা গৈছে৷ জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত বহুজন সমাজ পাৰ্টিয়ে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ ফলত হে এই ফলাফল লাভ কৰে সমাজবাদী পাৰ্টিয়ে৷

বিজেপিৰ জয়যাত্ৰাত বাধা প্ৰদান কৰিবলৈ বহুজন সমাজ পাৰ্টি আৰু সমাজবাদী পাৰ্টিয়ে মিত্ৰতা কৰা প্ৰসংগকলৈ সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ সুনীল সিঙ যাদৱে কয়, উপ-নিৰ্বাচনত দুয়োটা সমষ্টিতে বহুজন পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে৷ সমাজবাদী পাৰ্টিয়ে তেতিয়াহে অকলে যুঁজ দি বিজেপিক ৰোধ কৰিব পাৰিব৷ উল্লেখ্য যে, গোৰখপুৰ আৰু ফুলপুৰ লোকসভা সমষ্টিত ১১ মাৰ্চত ভোটদান অনুষ্ঠিত হৈছিল আৰু ১৪ মাৰ্চত ভোটগণনা অনুষ্ঠিত হয়৷

গোৰখপুৰৰ জিলা উপাযুক্ত ৰাজীৱ ৰৌতালাই ভোট গণনা কেন্দ্ৰত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰে৷ যাৰ ফলত সাংবাদিকৰ লগতে বিৰোধী দলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ইমানে নহয় সাংবাদিকক ভোটগণনাৰ কোনো খবৰ দিবলৈ মান্তি নহয়৷ যাৰ ফলত সমাজবাদী পাৰ্টিৰ নেতা নৰেশ আগৰৱালাই নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰে৷ নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে উপায়ুক্তক৷