কোকৰাঝাৰঃ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত অান্দোলন চলাই অহা সদৌ টাই অাহোম ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া যুৱ সন্মিলন, সদৌ চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ সন্মিলন অাৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ সতে অাজি নতুন দিল্লীৰ নৰ্থ ব্লকত জনজাতিকৰণ সন্দৰ্ভত এক ত্ৰিপাক্ষিক ৰাজনৈতিক অালোচনা অনুষ্ঠিত হয়।

♦ কাইলৈ অনুষ্ঠিত হ'ব পৃথক বড়োলেণ্ড সন্দৰ্ভত আলোচনা
♦ কোঁচ-ৰাজবংশীয়ে পাব পাৰে স্বায়ত্ব শাসন

৬ জনগোষ্ঠীৰ জনজাতিকৰণ অান্দোলনত চামিল হোৱা প্ৰতিটো সংগঠনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতি দাবী কৰাৰ পিছতো অাজি দুয়োগৰাকী নেতাৰ অনুপস্থিতিত ৰাজনৈতিক অালোচনা অনুষ্ঠিত হয়। ৰাজ্যিক গৃহমন্ত্ৰী কিৰেন ৰিজেজু , অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, উত্তৰ পূবৰ সচিব গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ, এডিজিপি পল্লৱ ভট্টাচাৰ্য, অসম চৰকাৰৰ অাইনী উপদেষ্ঠা শান্তুনু ভৰালী, কেবাগৰাকী সচিবকে ধৰি কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত হোৱা অালোচনা সন্তোষজনক নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে অাক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে।

♦ অনুপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ♦ ক্ষুব্ধ আক্ৰাছু

মুখ্যমন্ত্ৰী অাৰু গৃহমন্ত্ৰীৰ অনুপস্থিতিত অনুষ্ঠিত হোৱা অালোচনাই কোনো সন্তোষজনক সিদ্ধান্ত অানিব নোৱাৰে বুলি মত প্ৰকাশেৰে মডেলিটি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তিনি মাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে এতিয়ালৈকে মডেলিটিয়ে দাখিল নকৰা কাৰ্য অৱহেলা, বঞ্চনাৰ বাহিৰে অান একো নহয় বুলি মন্তব্যৰে  অালোচনাৰ নামত অালোচনা কৰিবলৈ  দিল্লীলৈ বাৰে বাৰে অাহিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে।

ৰাজ্যিক গৃহমন্ত্ৰী কিৰেন ৰিজেজুৱে বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে মডেলিটি সম্পূৰ্ণ কৰাত পলম হোৱাৰ কথা স্বীকাৰ কৰি অহা ৩০ জুনৰ ভিতৰত মডেলিটিৰ যাবতীয় কাম কাজ সম্পূৰ্ণ হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। জনজাতিকৰণৰ বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে অাৰু পৰ্যায়ক্ৰমে অাগবাঢ়ি যাব বুলিও মন্তব্য কৰি  জুনৰ পিছত পুনৰাই অালোচনা অনুষ্ঠিত হব বুলি সদৰী কৰি অালোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ পোষকতা কৰিছে কিৰেন ৰিজেজুৱে। ত্ৰিপাক্ষিক অালোচনাৰ পিছত অাক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে জুনৰ ভিতৰত  মডেলিটিৰ কাম কাজ সম্পূৰ্ণ নহলে চৰকাৰৰ সৈতে পুনৰাই অালোচনা কৰা অৰ্থহীন হ'ব বুলি মন্তব্যৰে ৰাইজে দিয়া সিদ্ধান্তৰে অাগবাঢ়ি যাব বুলি সদৰি কৰিছে।

ইপিনে পৃথক কমতাপুৰ, জনজাতিকৰণৰ দাবীত অাক্ৰাছুৰ (প্ৰ) গোটে সুকীয়াকৈ ত্ৰিপাক্ষিক অালোচনাত অংশগ্ৰহণ কৰে। অাক্ৰাছু(প্ৰ) সাধাৰণ সম্পাদক গোকুল বৰ্মনে সদৰী কৰা মতে পৃথক কমতাপুৰ ৰাজ্য গঠন সন্দৰ্ভত কিৰেন ৰিজেজুৱে অসম চৰকাৰৰ প্ৰতিনিধি তথা কেৱিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা বৈঠকতে মতামত বিচৰাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে সুকীয়া ৰাজ্য গঠন হোৱাটো অসম চৰকাৰে নিবিচাৰে বুলি মত প্ৰকাশ কৰে।

ইয়াৰ পিছতেই কিৰেন ৰিজেজুৱে পৃথক কমতাপুৰৰ সলনি কোঁচ-ৰাজবংশীক স্বায়ত্ব শাসন দিব বিচাৰে অাৰু স্বায়ত্বশাসন পৰিষদ গঠন ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অাপত্তি নাথাকিলে কেন্দ্ৰৰো কোনো অাপত্তি নাই বুলি স্পষ্ট মত প্ৰকাশ কৰিছে। ইয়াৰোপৰি কমতাপুৰৰ দাবী যিহেতু পশ্চিমবঙ্গলৈকে সাঙুৰা হৈছে সেয়েহে এইক্ষেত্ৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সতেও অালোচনাত বহাতো জৰুৰী বুলি মত প্ৰকাশ কৰিছে ৰিজেজুৱে।  

অানহাতে কিৰেন ৰিজেজু অাৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে অালফা(স্বাধীন)ৰ সৈতে অস্ত্ৰৰে যৌথ সংগ্ৰাম অব্যাহত ৰখা কেএলঅ নেতৃবৃন্দক মূলসুতিলৈ ঘূৰাই অানিবলৈ অাক্ৰাছুৰ নেৰ্তৃবৃন্দক অাৱেদন জনায়। কেন্দ্ৰীয় চৰকাৰ কেএলঅৰ সতে অালোচনা কৰিবলৈ সম্পূৰ্ণ সাজু বুলিও মত প্ৰকাশ কৰিছে। অাজিৰ অালোচনাকালত অাক্ৰাছুৰ নেৰ্তৃবৰ্গই বৈঠকতে অাৰজিঅাইৰ নেতৃবৰ্গক তুলাধুনা দিয়ে ।

অানহাতে অাদিৱাসী জাতীয় অভিবৰ্তনৰ সতেও সুকীয়া অাজি ত্ৰিপাক্ষিক ৰাজনৈতিক বৈঠক অনুষ্ঠিত হয় । অাদিৱাসী, ওৰাং, মু্ণ্ডা অাদি জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অনুষ্ঠিত হোৱা অালোচনাৰ অন্তত অাদিৱাসী জাতীয় অভিবৰ্তনৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই অালোচনা সন্তোষজনক বুলি মত প্ৰকাশেৰে চৰকাৰে তেওঁলোকৰ জনজাতিকৰণৰ দাবী সন্দৰ্ভত ইতিবাচক সঁহাৰি দিয়ে বুলি মন্তব্য কৰে।

কাইলৈ পৃথক বড়োলেণ্ড সন্দৰ্ভত এবছু, এনডিএফবি (প্ৰ) অাৰু পিজেএচিবিএমৰ ত্ৰিপাক্ষিক ৰাজনৈতিক বৈঠক অাৰু অাছুৰ সতে অসম চুক্তি সন্দৰ্ভত অালোচনা হ'ব।