ডিজিটেল ডেস্কঃ এতিয়া আৰু ৰেল ষ্টেশ্যনৰ জাননী বোৰ্ড বা অনুসন্ধান কক্ষলৈ গৈ শাৰী পাতি থাকিব নালাগে। হাতৰ মুঠিতে পাব ৰেল বিভাগৰ সকলো খবৰ। ৰেলৱে বিভাগে মুকলি কৰিবলৈ লৈছে এক বিশেষ এপ যিটোৰ জৰিয়তে আপুনি ঘৰতে বহি ট্ৰেইনৰ সকলো খবৰ পাব পাৰিব।

জুন মাহত মুকলি হ’বলগা এই এপটোৰ নাম হিন্দৰেইল বুলি জনা গৈছে। ইয়াত ৰেল বিভাগৰ সকলো এপৰ সুবিধাসমূহ একত্ৰিত কৰা হৈছে। 

এই মেগা এপটোৰ জৰিয়তে আপুনি ৰেলগাড়ীৰ অহা-যোৱাৰ সময়, পলম হোৱাৰ সময়, প্লেটফৰ্ম নম্বৰ, ট্ৰেনৰ সাম্প্ৰতিক অৱস্থান আদি জানিব পাৰিব। ইয়াৰ উপৰিও এই এপটোৰ যোগেদি টেক্সিৰো বুকিং কৰিবপৰা যাব। 

উল্লেখ্য যে ৰেল বিভাগলৈ নিতৌ হাজাৰ হাজাৰ অভিযোগ আহে। এই অভিযোগসমূহ সাধাৰণতে ট্ৰেইনৰ ৰানিং ষ্টেটাছ সংক্ৰান্ত হয়। সেয়ে এই বিষয়ত সময়মতে সঠিক তথ্য দিয়াৰ ব্যৱস্থা কৰিবলৈ আৰু অইন সকলো ধৰণৰ আৱশ্যকীয় জাননী সঠিককৈ দিবৰ বাবে এই এপ মুকলি কৰা হ’ব বুলি জানিবপৰা গৈছে।