মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ ক্ৰীড়া সন্থাৰ শনিবাৰে এখন সবা অনুষ্ঠিত হয়৷ মোৰাঝাৰ কলেজৰ পেক্ষাগৃহত ক্ৰীড়া সন্থাৰ সভাপতি অলিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত অঞ্চলটোৰ বহু লোক উপস্থিতি থাকে৷ সন্থাৰ সম্পাদক মেহবুবুৰ ৰহমানে আঁত ধৰা ক্ৰীড়া সন্থাৰ ভূমিৰক লৈ চলা গোচৰ সম্পৰ্কীয় প্ৰচাৰ সন্দৰ্ভত আলোচনা কৰে৷

সভাত ক্ৰীড়া সন্থা কৰ্তৃপক্ষই গোচৰ সন্দৰ্ভত প্ৰচাৰ হোৱা কাৰ্যক অপপ্ৰচাৰ আখ্যা ভূমিক লৈ কোনোৱে গোচৰ তৰা নাই বুলি কয়৷

সভাত ক্ৰীড়াপ্ৰেমীয়ে আমিনুল হুছেইনক সভাপতি, ইফতিকাৰ মাচুমক উপ-সভাপতি, বিলাল উদ্দিনক সম্পাদক, ছাদিকুজ জামানক সহঃ সম্পাদক, শ্বাহনেৱাজ মনজুৰক পথাৰ সম্পাদক, শ্বাকিলুজ জামানক খেল সম্পাদক, নুৰ উদ্দিনক কোষাধ্যক্ষ হিচাপে লৈ ২৯ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়৷

অলিউৰ ৰহমান, ফৰিজ উদ্দিন চৌধুৰী, বদৰ উদ্দিন, চুলতান আহমেদ, জামাল আহমেদ, মেহবুবুৰ ৰহমান, চমচুল আলম, আলতাব হুচেইন, আমিৰ উদ্দিন আহমেদ উপদেষ্টা হিচাপে নিয়োগ কৰা হয়৷