ডিজিটেল ডেস্কঃ সময়ৰ বুৰঞ্জী ৰচনা কৰা মহান বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিং খোদ ইতিহাস হ’ল৷ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যৰ উৎস বিচাৰি ফুৰা ষ্টিফেন উইলিয়াম হকিং বিলীন হ’ল পঞ্চভুতত৷ ১৪ মাৰ্চৰ পুৱাৰ ভাগত ইংলেণ্ডৰ কেম্ব্ৰিজৰ নিজা বাসগৃহত ষ্টিফেন হকিঙে মৃত্যুক আকোৱালি লয়৷

নিউটন আৰু এলবাৰ্ট আইনষ্টাইনৰ পিছতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী হিচাপে পৰিচিত ষ্টিফেন হকিঙৰ বুধবাৰে মহাপ্ৰয়াণ ঘটে৷ হকিঙ আছিল এগৰাকী তত্বমূলক পদাৰ্থবিদ তথা মহাকাশ বিজ্ঞানী৷ ২১ বছৰ বয়সতে হকিঙৰ দেহত দেখা দিয়ে মটৰ নিউৰন নামৰ ৰোগে৷ 

এই ৰোগে হকিঙৰ শৰীৰৰ স্নায়ুবোৰ এফালৰ পৰা ধ্বংস কৰি অহা স্বত্বেও বিজ্ঞানৰ সাধনা অব্যাহত ৰাখিছিল বিজ্ঞানীগৰাকীয়ে। হকিঙৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৬ বছৰ৷  

জন্মঃ  ইংলেণ্ডৰ অক্সফৰ্ডত ড০ ফ্ৰেংক হকিং আৰু ইছাবেল হকিঙৰ ঔৰসত ষ্টিফেন হকিঙৰ জন্ম হৈছিল ১৯৪২ চনৰ ৮ জানুৱাৰীত৷ ট্ৰিনিটি হল আৰু কেম্ব্ৰিজত তত্বমূলক মহাকাশ বিজ্ঞান বিষয়ত অধ্যয়ন কৰিছিল৷ 

শিক্ষাঃ ষ্টিফেন হকিঙে ছেণ্ট এলবান হাইস্কুলত শিক্ষা জীৱন আৰম্ভ কৰিছিল৷ অক্সৰ্ফড বিশ্ববিদ্যালয়ৰ পৰা ১৯৬২ চনত স্নাতক ডিগ্ৰী লাভ কৰি হকিঙে মহাকাশ বিজ্ঞান বিষয়ত অধ্যয়ন কৰে৷ হকিঙে লাভ কৰিছিল ১২টা ডিগ্ৰী৷ 

কৰ্মঃ বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক সূত্ৰসমূহৰ ওপৰত বিশ্লেষণ কৰাই আছিল হকিঙৰ প্ৰধান উদ্দেশ্যে৷ ষ্টিফেন হকিঙে পেনৰজ’ৰ সৈতে লগ হৈ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰক প্ৰমাণ কৰি দেখুৱাইছিল যে মহাকাশ আৰু সময় বিগ বেঙৰ জৰিয়তে আৰম্ভ হোৱাৰ বিপৰীতে সমাপ্তি হয় কৃষ্ণ গহ্বৰত৷ ইয়াৰোপৰি হকিঙে চেণ্টাৰ ফৰ থিয়ৰিটিকেল কচম’ল’জি, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা সঞ্চালক হিচাপে কাম কৰিছিল৷

সাহিত্যকৰ্মঃ ষ্টিফেন হকিঙে অনুপম সাহিত্য সৃষ্টি কৰি ইংৰাজী সাহিত্যক চহকী কৰিছে৷ The large scale structure of spacetime with G FR Ellis, General realitivity_ An einsrien centenary survey with W Israel and 300 years of gracity with W Israel, A brief hidtory of time, A briefer history of time, Black holes and baby universes and other Essays, The univers in a Nutshell আৰু The grand design নামৰ গ্ৰন্থ লিখি থৈ গৈছে৷  

হকিঙৰ জীৱনক লৈ ২০১৪ চনত নিৰ্মিত 'দা থিয়ৰি অৱ এভ্ৰিথিং' ছবিখন

ফটোঃ হকিঙৰ জীৱনক লৈ ২০১৪ চনত নিৰ্মিত 'দা থিয়ৰি অৱ এভ্ৰিথিং' ছবিখন

সন্মানঃ ষ্টিফেন হকিঙে ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘প্ৰেচিডেন্সিয়েল মেডেল অব ফ্ৰীডম সন্মানেৰে বিভূষিত হৈছিল৷ তদুপৰি হকিঙে ‘ৰয়েল ছ’ছাইটি অৱ আৰ্টছ’ৰ সন্মানীয় ফেল’শ্বিপ’ লাভ কৰাৰ লগতে ‘পণ্টিফিকেল একাডেমীৰ আজীৱন সদস্য’ পদত অধিষ্ঠিত হৈছিল৷