কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাত আজিৰে পৰা অাৰম্ভ হোৱা কোকৰাঝাৰ উত্তৰখণ্ড অাঞ্চলিক নাথ যোগী সন্মিলনীৰ ৩৫ সংখ্যাক দ্বি-বাৰ্ষিক অধিৱেশনখনত প্ৰকৃতিৰ তাণ্ডব অব্যাহত অাছে। 

পুৱা অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীৰ মাজতে কিনকিনিয়া বৰষুণ অব্যাহত থকাৰ পিছত অাজি নিশা বিষয় বাছনি সভাৰ পূৰ্বে অহা এজাক প্ৰৱল ধুমুহা বৰষুণে অধিৱেশনথলী তচনচ কৰি পেলায়। সভাৰ বাবে নিদিষ্ট কৰা মূল পেণ্ডেল ধুমুহাই সম্পূৰ্ণৰূপে ভাঙি পেলোৱাত অভ্যৰ্থনা সমিতি ভীষণ দু:চিন্তাত পৰিছে। 

কোকৰাঝাৰ উত্তৰখণ্ড অাঞ্চলিক নাথ যোগী সন্মিলনীৰ অধিবেশন উপলক্ষে কাইলৈ অনুষ্ঠিত হ'বলগীয়া মুকলি সভাৰ পূৰ্বে প্ৰকৃতিৰ এনে তাণ্ডবত অভ্যৰ্থনা সমিতি দিশহাৰা হৈ পৰিছে অাৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছে।