গুৱাহাটীঃ অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰে৷ বিভিন্ন সংস্কৃতি, পৰম্পৰাৰে ভৰপূৰ এই খন অসম দেশ৷ বিচিত্ৰ অসম দেশত কেইবাটাও জনগোষ্ঠী বাস কৰি আহিছে৷ কেইবাটাও জনগোষ্ঠীৰ লগতে পূৰ্বৰে পৰা অসমত বসবাস কৰি আহিছে ঐতিহ্যমণ্ডিত ‘তিৱা’ জনগোষ্ঠী৷ তিৱা লোকসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু তিৱা লোকসকলৰ নিজস্ব ভাষা, কৃষ্টি-সংস্কৃতি লগতে বিভিন্ন জাতীয় বৈশিষ্ট্য আছে।

তাৰ ভিতৰত অতীতৰ তিৱা গোভা ৰাজ্যৰ ৰজাৰ দিনৰে পৰা পালন কৰি অহা ‘জোনবিল মেলা’ক লৈ সমগ্ৰ অসমৰ ৰাইজে গৌৰৱ বোধ কৰে। কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰত তিৱা জনগোষ্ঠীৰ লোকসকল অন্যান্য অসমৰ জনজাতি লোকসকলৰ তুলনাত বহুদূৰ আগবাঢ়ি গৈছে যদিও ভাষাৰ ক্ষেত্ৰত তেনেই পিছপৰি আছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে। 

তিৱা ভাষা তাহানিত তিৱা লোকসকলৰ মুখে মুখে প্ৰচলিত হৈ আছিল৷ পূৰ্বে ভাষাটো মুখে মুখে প্ৰচলিত হৈ অহা ‘দোৱান’(Dialect) আছিল। ৰাজ্য চৰকাৰে ১৯৯৭ চনৰ ৫ এপ্ৰিলত ৰোমান লিপিৰে তিৱা দোৱানক ভাষা হিচাপে স্বীকৃতি দিয়ে আৰু তিৱা ভাষাটো স্বীকৃত ভাষা হিচাপে স্বীকৃতি লাভ কৰে৷ এই স্বীকৃতিৰ আজি ২০ বছৰ অতিক্ৰম হ’ল।

পৰিতাপৰ বিষয় এই যে, যোৱা ২০টা বছৰে তিৱা সাহিত্য সভা, তিৱা ছাত্ৰ সন্থাকে আদি কৰি বহু তিৱা জনগোষ্ঠীয় সংগঠনে তিৱা বসতিপ্ৰধান এলেকাৰ প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষাৰ বিষয় শিক্ষক নিযুক্তি দিবৰ বাবে অসম চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও অসম চৰকাৰে এই বিষয়ত ২০টা বছৰে গুৰুত্ব প্ৰদান নকৰিলে৷ প্ৰাথমিক পৰ্যায়ত তিৱা শিক্ষক নিযুক্তি নিদি সহজ-সৰল তিৱা জনগোষ্ঠীৰ ভাষাটোক চৰকাৰে চৰম প্ৰতাৰণা আৰু অৱহেলা কৰি আহিছে। 

অসম চৰকাৰে প্ৰাথমিক পৰ্যায়ত আন আন জনগোষ্ঠীৰ লোকৰ বিষয় শিক্ষক বা ভাষা শিক্ষক নিযুক্তি দিয়ে৷ বড়োসকলক ১৯৬৩ চনত, মিচিং সকলক ১৯৮৬ চনত দুটা পৰ্যায়ত মুঠ ২৩০গৰাকী মিচিং ভাষা শিক্ষক নিযুক্তি দিয়ে। সেই দৰে ৰাভাসকলৰো অসম চৰকাৰে ভাষাৰ শিক্ষক নিযুক্তি দিয়ে ৭০ জন আছে৷ অসম চৰকাৰে আহোম সকলৰো টাই ভাষা শিক্ষক নিযুক্তি দিয়ে।

এতিয়া প্ৰশ্ন হয় অসম চৰকাৰে বড়ো, মিচিং, ৰাভা, টাই জনগোষ্ঠীৰ লোকসকলৰ শিশুক নিজৰ নিজৰ ভাষাটো শিকিবৰ বাবে প্ৰাথমিক পৰ্যায়ত ভাষা শিক্ষক নিযুক্তি দিব পাৰিলে যদি তিৱালোকসকলৰ শিশুৰ বাবে নিযুক্তি দিয়া নাই৷ বড়ো, মিচিং আৰু ৰাভা সকল যিদৰে অসমৰ জনগোষ্ঠী তিৱাসকলো অসমৰ জনগোষ্ঠী। 

অসমৰ জনগোষ্ঠীয় লোকৰ মৌলিক অধিকাৰ পূৰণ কৰাটো চৰকাৰৰ কৰ্তব্য আৰু দায়িত্ব। কিন্তু কোনো এখন চৰকাৰে এই দায়িত্ব চৰকাৰে পালন কৰা নাই৷ তিৱা জনগোষ্ঠীৰ লোকসকলৰ সৈতে চৰকাৰে ভাষা চুক্তিও কৰে৷ ১৯৯৭ চনৰ ৫ এপ্ৰিলত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই তিৱা জাতীয় সংগঠনৰ সৈতে তিৱা ভাষাৰ ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছিল৷

চুক্তি মতে তিৱা ভাষা লিখিবৰ বাবে ৰোমান লিপি গ্ৰহণ কৰি প্ৰাথমিক বিদ্যালয়ত ৩য় শ্ৰেণীৰ পাঠ্যপুথি প্ৰণয়ন কৰিবলৈ সিদ্ধান্ত লয়। ৫১℅ তিৱা ছাত্ৰ-ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়ত একোজনকৈ তিৱা ভাষা শিক্ষক নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয়। 

তাৰ পিছত ১৯৯৭ চনতে ৩০ জন তিৱা ভাষা শিক্ষক নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয়। সিদ্ধান্তসমূহ অসম চৰকাৰে মেম নং A(A)R,17/90/6-A dt, 6/3/1998 যোগে ৰাজহুৱা কৰা হৈছিল। সেই মৰ্মে অসমৰ অন্যান্য জনগোষ্ঠীয় ভাষাৰ লগতে তিৱা ভাষাৰ নিযুক্তিৰ বাবে প্ৰাথমিক বিষয়াৰ সঞ্চালকে AEE/92/2005/45 dtd.27/01/2006 তাৰিখে তিৱা ভাষা বিশেষজ্ঞ সমিতি গঠন কৰি মৰিগাওঁ, নগাওঁ, কামৰূপ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়ালৈ চিঠি প্ৰেৰণ কৰিছিল৷

আকৌ ২০০৬ চনত অসম চৰকাৰে তিৱা ভাষা শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়ে৷ চৰকাৰে বিজ্ঞাপন দি কেইবাগৰাকী তিৱা জনগোষ্ঠীৰ নিবনুৱা যুৱক-যুৱতীৰ সাক্ষাৎকাৰ লৈছিল। কিন্তু পৰিতাপল এই যে, তিৱা ভাষা শিক্ষক নিযুক্তি সাক্ষাৎকাৰৰ ফলাফল আজি পৰ্যন্ত ঘোষণা কৰা নহল। 

২০০৪ চনত অসম চৰকাৰে state Council of Educational Research and Training Assamৰ জৰিয়তে "চিগাইফুলি" (Sígaiphuli) নামৰে নামকৰণ কৰি প্ৰাথমিক পৰ্যায়ৰ ৩য় শ্ৰেণীৰ বাবে তিৱা ভাষাৰ প্ৰথম পাঠ্য পুথি চপা কৰি উলিয়াই৷ উক্ত পুথিখন নগাঁও জিলাৰ আমচৈ অঞ্চলত ২০০৪ চনত অনুষ্ঠিত হোৱা তিৱা সাহিত্য সভাৰ অধিৱেশনৰ মুকলি সভাত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উন্মোচন কৰিছিল।

ইয়াৰ পাছত আকৌ তিৱা ভাষাৰ প্ৰথম পাঠ্যপুথি "চিৱান্ঠালাই"(Sîwantha lai) অসম চৰকাৰে ২০১৪ চনত প্ৰকাশ কৰি তিৱা অধ্যুষিত অঞ্চল সমূহৰ প্ৰাথমিক বিদ্যালয়ত বিতৰণ কৰে যদিও এই পাঠ্যপুথি সমূহৰ শিক্ষা দিবলৈ নাই এগৰাকীয়ো শিক্ষক৷ কিয়নো তিৱা ভাষাৰ শিক্ষক আজিলৈকে নিযুক্তি দিয়া নাই। 

চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি মতে প্ৰাথমিক পৰ্যায়ত শিশুৱে নিজৰ মাতৃ ভাষাত শিক্ষা লাভ কৰাটো শিশুৰ মৌলিক অধিকাৰ। তিৱা জনগোষ্ঠীৰ কণ কণ হাজাৰ হাজাৰ শিশুক প্ৰাথমিক পৰ্যায়ত মাতৃ ভাষাত শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত কৰা হৈছে৷

তিৱা জনগোষ্ঠীৰ শিশুক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছিল৷ মৌলিক অধিকাৰ খৰ্ব কৰি চৰকাৰে তিৱা শিশুসকলৰ বাক স্বাধীনতা হৰণ কৰিছে৷ চৰকাৰে তিৱা জনগোষ্ঠীৰ ভাষাক অপমৃত্যু হ’বলৈ এৰি দিছে৷ শিক্ষাবিদসকলে প্ৰাথমিক পৰ্যায়ত শিশুক নিজৰ মাতৃ ভাষাত শিক্ষা দান কৰিব লাগে বুলি কৈ আহিছে যদিও সেয়া ফোটোকাৰ ফেনত পৰিণত কৰিছে চৰকাৰে। তিৱাৰ কণ কণ শিশুসকলে নিজৰ মাতৃভাষাৰ বিপৰীতে অন্য ভাষাত শিক্ষা গ্ৰহণ কৰিব লগীয়া হৈছে।

নিজৰ মাতৃভাষাৰ বিপৰীতে অন্য ভাষাত শিক্ষা গ্ৰহন কৰাৰ ফলত তিৱালোকসকলৰ মাতৃভাষাটো প্ৰাথমিক পৰ্যায়ৰ পৰাই ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে৷ একপ্ৰকাৰে তিৱাৰ কণ কণ শিশুসকলক নিজৰ মাতৃভাষা ত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ ফলত স্বকীয় তিৱা ভাষা ক্ৰমান্বয়ে মৃত্যুৰ দিশে গতি কৰিছে। এতিয়া প্ৰশ্ন হয় অসমৰ জনগোষ্ঠী সমূহৰ ভাষা সমূহ সংৰক্ষণ কৰিব লাগে নে নাই৷ নে থলুৱাৰ ভাষা সমূহ মৃত্যু মুখলৈ ঠেলি দিবলৈ চেষ্টা কৰা হৈছে।

যদি চৰকাৰে জনগোষ্ঠীয় ভাষা সংৰক্ষণ কৰি স্মৰণীয় কৰি ৰাখিব বিচাৰে তেন্তে চৰকাৰে শীঘ্ৰে প্ৰাথমিক পৰ্যায়ত তিৱা জনগোষ্ঠীৰ ৫০% ছাত্ৰ-ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষা বিষয় শিক্ষক নিযুক্তি দিব লাগিব৷ ইপিনে তিৱা অধ্যুষিত এলেকাৰ প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষাৰ শিক্ষক নিযুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে all tiwa language teacher's association-এ৷ চৰকাৰে তিৱা জনগোষ্ঠীক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে সংগঠনটোৱে৷