গোৰেশ্বৰঃ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত সভা-সমিতি কৰি তাৰ পিছত প্লাষ্টিক বটল যতে-ততে পেলাই থৈ গ'লে বা ফেচবুক-হোৱাটছআপত স্বচ্ছতা সম্পৰ্কীয় পোষ্ট দিলেই এই অভিযান সফল নহ'ব।

নদীমাতৃক আমি ৰক্ষা কৰিবই লাগিব। নৈৰ বুকুত আবৰ্জনা পেলাই, প্লাষ্টিক  ব্যৱহাৰ কৰি বা পুৰি,  য'তে-ত'তে লেতেৰা পেলোৱাৰ অভ্যাস এৰিব নোৱাৰিলে আমি মুঠেও আমাৰ চৌপাশ পৰিস্কাৰ-পৰিচ্ছন্ন কৰিব নোৱাৰো। এনে এক বতৰাই দি গ'ল গোৰেশ্বৰত প্ৰদৰ্শিত হোৱা এখনি বাটৰ নাটে।  

"সূৰ্য আহিব এই বাটেদি" নামৰ বাটৰ নাটখনি আজি গোৰেশ্বৰত প্ৰদৰ্শিত কৰা হয়। আজি বাগছা জিলাৰ গোৰেশ্বৰত স্বচ্ছ ভাৰত মিচনৰ উদ্যোগত চাফাই অভিযানৰ লগতে গোৰেশ্বৰ নগৰ সমিতিৰ সহযোগত চিফুং দ্য আৰ্টিষ্ট ৰ শিল্পী সকলে প্ৰদৰ্শিত কৰা বাটৰ নাট খনে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হয়।

ভাস্কৰ দত্ত ৰচিত আৰু পৰী শৰণীয়াৰ দ্বাৰা পৰিচালিত বাটৰ নাট খনিত চিফুংৰ ১৫গৰাকী শিল্পীয়ে অভিনয় কৰে। প্ৰতিকূল বতৰকো নেওচি গোৰেশ্বৰ চহৰৰ বিভিন্ন ঠাইত চাফাই অভিযান চলোৱাৰ লগতে চিফুং দা আৰ্টিষ্টৰ শিল্পীসকলৰ দ্বাৰা এই বাটৰ নাট প্ৰদৰ্শন কৰা হয়।  

কেবাঠাইতো চিফুং দা আৰ্টিষ্টৰ শিল্পীসকলে এই নাট প্ৰদৰ্শন কৰি ৰাইজক স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য নাটৰ জৰিয়তে প্ৰচাৰ কৰে। প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰাৰ লগতে পানীৰ বটল আবৰ্জনা আদি সঠিকভাৱে নিষ্কাষণ কৰা, ডাষ্টবিন ব্যৱহাৰৰ ক্ষেত্ৰত আমি কেনেদৰে সচেতন  হ'ব লাগে তাকো নাটখনিৰ জৰিয়তে ৰাইজক অৱগত কৰোৱা হয়। উল্লেখ্য যে অহা ১০ এপ্ৰিলতো একে কাৰ্যসূচী গোৰেশ্বৰত ৰূপায়ণ কৰা হ'ব।